Logo
image

আদানিক ক্লীনশ্বীট উচ্ছতম ন্যায়ালয়ৰ পেনেলৰ

আমাৰ অসম, ২০ মে’:  আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিছাৰ্চৰ প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় উদ্যোগপতি গৌতম আদানিৰ কোম্পানীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰত অনিয়ম সংঘটিত কৰা বুলি যি বিশেষজ্ঞ কমিটীয়ে অনুসন্ধান চলাইছিল তেওঁলোকে আগবঢ়োৱা প্ৰাৰম্ভিক পৰ্যৱেক্ষণ অনুসৰি কোনো  অনিয়মৰ তথ্য লাভ কৰা নাই৷ আদানি গোষ্ঠীয়ে বিভিন্ন অনিয়ম আৰু ভুৱা প্ৰচাৰৰ জৰিয়তে ভাৰতীয় শ্বেয়াৰ বজাৰত নিজৰ কোম্পানীৰ মূল্য বৃদ্ধি কৰা বুলি হিণ্ডেনবাৰ্গে অভিযোগ উত্থাপন কৰাৰ পাছত আদানি গোষ্ঠীৰ ভয়ংকৰ পতন ঘটিছিল৷ সেই চাঞ্চল্যকৰ অভিযোগৰ ক্ষেত্ৰত ভাৰতীয় শ্বেয়াৰ বজাৰত সঁচাকৈয়ে আদানি গোষ্ঠীয়ে অনিয়ম সংঘটিত কৰিছিল নেকি সেয়া পৰীক্ষা কৰাৰ বাবে উচ্ছতম ন্যায়ালয়ে এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিছিল৷ সেই কমিটীয়ে অনুসন্ধানৰ অন্তত জনাইছে যে তেওঁলোকে প্ৰাৰম্ভিক পৰ্যৱেক্ষণত আদানি গোষ্ঠীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰত কোনো  অনিয়ম সংঘটিত কৰাৰ প্ৰমাণ পোৱা নাই৷ উল্লেখ্য যোৱা ফেব্ৰুৱাৰীত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছত কেৱল ভাৰতীয় শ্বেয়াৰ বজাৰতেই নহয়, সামগ্ৰিকভাৱে গৌতম আদানিৰ সাম্ৰাজ্যৰ ভয়ংকৰ পতন ঘটিছিল৷ ইয়াৰ ফলত আদানিৰ লক্ষ লক্ষ কোটি টকা লোকচান হৈছিল আৰু তেওঁ বিশ্বৰ তৃতীয় চহকী ব্যক্তিৰ তালিকাৰ পৰা নামি শীৰ্ষৰ কুৰিজনৰ স্থানৰ পৰাও বাহিৰ হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে আদানিৰ বিৰুদ্ধে উঠা অভিযোগৰ কোনো চৰকাৰী তদন্ত নকৰিলে৷ উচ্ছতম ন্যায়ালয়ে এই অভিযোগৰ ক্ষেত্ৰত অনু্‌সন্ধান চলাবলৈ এখন বিশেষজ্ঞ কমিটী গঠন কৰি দিছিল৷ তদুপৰি ‘ছেবি’কো এই ঘটনাৰ অনুসন্ধান চলাবলৈ উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ দিছিল৷ বিশেষজ্ঞ কমিটীয়ে যোৱা ৮ মে’ত তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰে৷ উচ্ছতম ন্যায়ালয়ে সেই সন্দৰ্ভত শুকুৰবাৰে জনাই যে বিশেষজ্ঞ কমিটীয়ে তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যৱেক্ষণত আদানি গোষ্ঠীৰ বিৰুদ্ধে কোনো অনিয়ম ধৰা পেলাব পৰা নাই৷ অৱশ্যে এই প্ৰতিবেদন বিস্তৃতভাৱে প্ৰকাশ কৰা হোৱা নাই৷ ইপিনে বজাৰ নিয়ন্ত্ৰক সংস্থা ‘ছেবি’ক অহা ১৪ আগষ্টৰ ভিতৰত তেওঁলোকৰ অনুসন্ধানৰ প্ৰতিবেদন দাখিল কৰিবলৈ উচ্ছতম ন্যায়ালয়ে নিৰ্দেশ দিছে৷