Logo
image

মোদীক মহাত্মা গান্ধীৰ সৈতে তুলনা অমিত শ্বাহৰ

আমাৰ অসম, ২০ মে’:  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জাতিৰ পিতা মহাত্মা গান্ধীৰ সৈতে তুলনা কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে৷ তদুপৰি চাৰিজন গুজৰাটীৰ বাবেহে আধুনিক ভাৰত গঢ়ি তোলাটো সম্ভৱ হোৱা বুলি উল্লেখ কৰিছে  কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷ অমিত শ্বাহৰ মতে আধুনিক ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত মহান অৱদান আগবঢ়োৱা এই গুজৰাটী চাৰিজন হৈছে মহাত্মা গান্ধী, চৰ্দাৰ বল্লভ ভাই পেটেল, মোৰাৰজী দেশাই আৰু নৰেন্দ্ৰ মোদী৷ উল্লেখ্য যে ‘দিল্লী গুজৰাটী সমাজ’ নামৰ অনুষ্ঠান এটাৰ ১২৫ বছৰ পূৰ্তি উপলক্ষে নতুন দিল্লীত  এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল৷ উক্ত অনুষ্ঠানৰ মুখ্য অতিথি আছিল অমিত শ্বাহ৷ অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত অমিত শ্বাহে আধুনিক ভাৰত গঢ়াৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে৷ ইয়াৰ পাছতে তেওঁ কয় যে গুজৰাটৰ চাৰিজন সন্তানৰ বাবেহে আজিৰ আধুনিক ভাৰত গঢ়ি তোলাটো সম্ভৱ হোৱা বুলি কয়৷ য’ত তেওঁ জাতিৰ পিতা মহাত্মাৰ পাছতে মোৰাৰজী দেশাই, চৰ্দাৰ বল্লভভাই পেটেল আৰু নৰেন্দ্ৰ মোদীৰ নাম লয়৷