Logo
image

শিক্ষকৰ ড্ৰেছ ক’ড ঘোষণা শিক্ষা বিভাগৰ

আমাৰ অসম, ২১ মে’: এতিয়াৰপৰা অকল ছাত্ৰ-ছাত্ৰীয়েই শিক্ষক-শিক্ষয়িত্ৰীয়েও পিন্ধিব লাগিব ইউনিফৰ্ম৷ শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে শিক্ষা বিভাগে ঘোষণা কৰিছে ড্ৰেছ কোড৷ শনিবাৰে এইকথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে৷ এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে শুকুৰবাৰে নিশা ৮.৪৪ বজাত জাননী জাৰি কৰে৷ জাননী অনুসৰি শিক্ষকে বিদ্যালয়লৈ ফৰ্মেল পেণ্ট-চাৰ্ট পিন্ধি আহিব লাগিব৷ শিক্ষকে টিচাৰ্ট, জিন্স আদি কেজুৱেল পোছাক পিন্ধি আহিব নোৱাৰিব৷ শিক্ষয়িত্ৰীসকলে মাৰ্জিত চেলোৱাৰ, শাৰী, মেখেলা-চাদৰ পিন্ধি বিদ্যালয়লৈ আহিব লাগিব৷ শিক্ষয়িত্ৰীসকলে চি চাৰ্ট, জিন্স, লেগিংছ আদি পিন্ধি বিদ্যালয়লৈ আহিব নোৱাৰিব৷ শিক্ষক-শিক্ষয়িত্ৰীয়ে পৰিস্কাৰ, মাৰ্জিত ৰঙৰ পোছাক পৰিধান কৰি আহিব লাগিব বিদ্যালয়লৈ৷ বিয়া-সবাহত পিন্ধাধৰণৰ কাপোৰ পিন্ধি শিক্ষক বা শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ আহিব নোৱাৰিব৷ জাননীখনত কোৱা হৈছে যে কিছুমান শিক্ষক-শিক্ষয়িত্ৰীয়ে নিজ পচন্দ অনুসৰি বিভিন্ন পোছাক পৰিধান কৰি বিদ্যালয়লৈ অহা পৰিলক্ষিত হৈছে যিটো সামাজিকভাৱে গ্ৰহণ কৰিবপৰা বিধৰ নহয়৷ এনে পোছাক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ লগত খাপ নাখায়৷ শিক্ষক-শিক্ষয়িত্ৰীৰ ড্ৰেছ কোড ঘোষণা কৰাক লৈ শিক্ষক সমাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷