Logo
image

মিছা মাতিছিল প্ৰণৱে

আমাৰ অসম’ৰ কলিয়াবৰৰ প্ৰতিবেদক, ২১ মে’: মিছা মাতিছে নেকি প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসে? জোনমণিৰ দুৰ্ঘটনাৰ নিশা প্ৰণৱে চলোৱা বুলি কোৱা বাহনখনৰ গৰাকীৰ মন্তব্যই সৃষ্টি কৰিছে আন এক ৰহস্যৰ৷ জোনমণিৰ মৃত্যুৰ নিশা চলোৱা নাছিল এ এছ ১২ চি চি ০৬৫৭ নম্বৰৰ বাহনখন৷ জোনমণি কাণ্ডৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসে চলোৱা বুলি জনোৱা এ এছ ১২ চি চি ০৬৫৭ নম্বৰৰ বাহনখনৰ অধিক তথ্য পোহৰলৈ আহিছে৷ কলিয়াবৰৰ সাংবাদিকৰ নিজাববীয়া অনুসন্ধানৰ সময়ত বাহনখনৰগৰাকী কলিয়াবৰৰ জমখলা গাঁৱৰ মণি বৰাৰ পত্নীয়ে জনোৱা মতে, ঘটনাৰ দিনা অৰ্থাৎ সোমবাৰে দিনৰ ভাগত প্ৰথমে শিলগুটি কঢ়িয়াই আনিছিল৷ চি চি টি ভি ফুটেজত মণি বৰাৰ বাহনখনৰ লগতে মণি বৰাৰ দৃশ্য শিল বিক্ৰী কৰা কলিয়াবৰৰ বৰালী গাঁৱৰ বালি বাটৰ এ বি ক্ৰেচাৰ নামৰ শিলৰ প্ৰতিষ্ঠানটোত স্পষ্টকৈ ধৰা পৰিছে৷ তাৰ পাছত ৰাজহুৱা বিতৰণ সেৱাৰ এখন দোকানৰ পৰা চাউল আনিছিল বাহনখনেৰে৷ য’ত তাৰিখ আৰু সময়ৰ প্ৰমাণৰ বাবে চাউল কিনাৰ ৰচিদো মণি বৰাৰ পৰিয়ালৰ লোকে সাংবাদিকক দেখুৱায়৷  ইয়াৰ পাছত সন্ধ্যা আনুমানিক ৭-৩০ মান বজাত কলিয়াবৰৰ পৰা বোকাখাতলৈ গৈছিল শিলগুটিসহ৷ যাত্ৰাপথত জখলাবন্ধাৰ নচিব অটো ইলেকট্ৰিকছ নামৰ দোকানখনত বাহনখনৰ লাইট ঠিক কৰিছিল৷ লাইট মেৰামতি কৰা দোকানখনৰগৰাকীয়ে এই কথা সদৰি কৰিছে কলিয়াবৰৰ সাংবাদিকৰ আগত৷ তাৰ পাছত বোকাখাত পাইছিল নিশা ১০বজাত৷ কলিয়াবৰৰ সাংবাদিকৰ নিজাববীয়া অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য৷ মণি বৰাৰ পত্নী আৰু লাইট মেৰামতি কৰা দোকানখনৰ গৰাকীয়ে দিয়া ভাষ্যই তদন্তত কিদৰে সহায় কৰে পৰৱৰ্তী সময়ত জানিব পৰা যাব৷ প্ৰণৱ দাসৰ ভাষ্য যে সম্পূৰ্ণ ৰহস্যৰ আৱৰ্তত সেই কথা প্ৰতীয়মান হৈছে৷ ইফালে, আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ সন্দেহজনক দুৰ্ঘটনাৰ সঠিক তদন্ত বিচাৰি আম আদমি পাৰ্টীৰ ৰাজ্যাপাললৈ আজি স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে৷ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰি আম আদমি পাৰ্টী নগাঁও জিলা সমিতিৰ কলিয়াবৰৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক-পত্ৰ প্ৰদান কৰে৷ এক সন্দেহজনক দুৰ্ঘটনাত মৃত্যুবৰণ কৰা মৰিকলং আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ সত্যতা উদ্‌ঘাটনৰ বাবে কেন্দ্ৰীয় অনুসন্ধান গোট চিবিআইক ইতিমধ্যে অনুসন্ধানৰ ভাৰ অৰ্পণ কৰিছে৷ আনহাতে¸ জখলাবন্ধা আৰক্ষীয়ে কলিয়াবৰ ন্যায়িক আদালতত জোনমণিৰ বাহনৰ ভিতৰত উদ্ধাৰ কৰা চেণ্ডেল আৰু জোতা লৈ জখলাবন্ধা আৰক্ষী হাজিৰ হয়৷ শনিবাৰেও প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসক এতিয়াও আৰক্ষীয়ে মুক্তি নিদিলে৷ তাৰ পৰিৱৰ্তে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱ দাসক পুনৰ নগাঁৱলৈ তলব কৰিছে চিআইডিয়ে৷ জখলাবন্ধা আৰক্ষীয়ে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰণৱক নগাঁৱলৈ লৈ যোৱাৰ সময়তো একেখিনি কথাকে সাংবাদিকৰ আগত দোহাৰে৷ শেহতীয়াকৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেক বদলি কৰাৰ পাছত জোনমণি ৰাভাৰ হত্যাকাণ্ডই যে নতুন মোৰ ল’ব ই নিশ্চিত বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে৷