Logo
image

বিৰোধ, বিক্ষোভ নিষিদ্ধ

আমাৰ অসম, ২২ মে’: সমগ্ৰ গুৱাহাটী মহানগৰীতে দেওবাৰে হঠাৎ নিষিদ্ধ ঘোষণা কৰা হ’ল সকলোধৰণৰ বিৰোধ, বিক্ষোভ৷  শনিবাৰৰ পৰাই কাৰ্যকৰী হ’ব এই নিৰ্দেশনা৷ ৰাজধানী চহৰখনত হঠাৎ এনেদৰে ১৪৪ ধাৰা জাাৰি কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জাৰি থাকিব এই নিষেধাজ্ঞা৷ সাধাৰণতে কোনো ধৰণৰ গুৰুতৰ বা জৰুৰী আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি  হ’লেহে ১৪৪ ধাৰা জাৰি কৰা হয় যদিও শেহতীয়াভাৱে ৰাজধানী চহৰখনত এনেবোৰধৰণৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ নাই৷ বিভিন্ন দল-সংগঠনে চৰকাৰ বিৰোধী সৰু-সুৰা বিক্ষোভ প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী পালন কৰি আছে যদিও এইসমূহে আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰা নাই৷ কিন্তু ইয়াৰ পিছতো দেওবাৰে হঠাৎ গুৱাহাটী মহানগৰীত জাৰি কৰা  হ’ল ১৪৪ ধাৰা৷ গুৱাহাটী আৰক্ষী আয়ুক্তলায়ৰ অধীনৰ তিনি জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা৷ গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এক নিৰ্দেশনাযোগে সদৰী কৰা হৈছে এইকথা৷ নিৰ্দেশনাটোত কোৱা হয় যে, কোনো লোক, ব্যক্তি বা গোট-সংগঠনে স্বাভাৱিক কাৰ্যালয়, ৰাইজৰ যাতায়াত, যানবাহনৰ চলাচলত ব্যাঘাত জন্মোৱাৰ আশংকা আছে৷ লগতে আৰক্ষী আয়ুক্তালয়ৰ অন্তৰ্গত এলেকাত কোনো সংগঠনে আন্দোলন বা প্ৰতিবাদী শ্লোগান দিয়াৰ আশংকা আছে৷ এনে কাৰ্যই গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অন্তৰ্গত যিকোনো অংশত শান্তি আৰু ৰাজহুৱা শৃংখলা ভংগ কৰিব পাৰে আৰু ইয়াৰ ফলত যান-বাহনৰ শান্তিপূৰ্ণ চলাচল আৰু লগতে স্বাভাৱিক কাৰ্যকলাপত ব্যাঘাত ঘটিব পাৰে৷ এই আশংকা কৰি শান্তি-শৃংখলা বজাই ৰাখিবৰ বাবে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাবে গুৱাহাটী আৰক্ষীৰ তিনি জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে৷ গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (প্ৰশাসন) ইমদাদ আলীৰ স্বাক্ষৰ সম্বলিত নিৰ্দেশনাটোত লগতে কোৱা হৈছে যে গুৱাহাটী আৰক্ষী আয়ুক্তৰ অধীনৰ এলেকাত ৫ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব৷ লগতে কাৰ্যালয়, ৰাজপথত আদিত শ্নোগান, প্ৰতিবাদী কাৰ্যসূচী অথবা বিক্ষোভ প্ৰদৰ্শন কৰিব নোৱাৰিব৷ এই জাননী সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই৷ কিন্তু কিহৰ বাবে আৰক্ষীয়ে হঠাৎ এই সিদ্ধান্ত গ্ৰহণ কৰিলে তাকে লৈ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷  এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক ১৪৪ ধাৰা উঠাই ল’ব লাগে বুলি কয়৷ ‘মুখ্যমন্ত্ৰীয়ে অসমত এতিয়া ৰাইজে আন্দোলন নকৰে বুলি প্ৰকাশ কৰিছে৷ তেন্তে প্ৰতিবাদ হ’ব বুলি চৰকাৰে কিয় ভয় খাইছে? নে চৰকাৰত বিজেপি বিৰোধী শক্তি সোমাই আছে, যি মুখ্যমন্ত্ৰীক অপদস্থ কৰিবলৈ এনে এটা নিৰ্দেশনা চৰকাৰীভাৱে জাৰি কৰি মুখ্যমন্ত্ৰীক শলঠেকত পেলাব বিচাৰিছে৷’ কিয় এই নিৰ্দেশনা জাৰি কৰা হৈছে সেই কথা নিৰ্দেশনাত স্পষ্টভাৱে প্ৰকাশ কৰা হোৱা নাই যদিও স্বাভাৱিকতে এই সিদ্ধান্তই সাধাৰণ ৰাইজৰ মনতো বহু প্ৰশ্নৰ উদ্বেগ ঘটাইছে৷ 

চৰকাৰে ৰাইজৰ গণতান্ত্ৰিক স্বাধীনতা মষিমূৰ কৰিব বিচাৰিছে: অখিল গগৈ

গুৱাহাটীৰ আৰক্ষী আয়ুক্তই আকস্মিকভাবে ১৪৪ ধাৰা জাৰি কৰি ৰাজপথত শ্লোগান, ধৰ্ণা দিয়া নিষেধ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈযে৷ দেওবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি বিধায়ক অখিল গগৈযে কয় যে ১৪৪ ধাৰা জাৰি কৰি চৰকাৰে মানুহৰ গণতান্ত্ৰিক স্বাধীনতা মষিমূৰ কৰিব বিচাৰিছে৷ তদুপৰি দুদিনমান পূৰ্বে শিৱসাগৰত জাতীয় সংগঠনক মাতি নি চৰকাৰে এবছৰ প্ৰতিবাদ নকৰাৰ প্ৰতিশ্ৰুতিৰে বণ্ড চাইন কৰাইছে৷ এয়া এখন চৰকাৰৰ  অগণতান্ত্ৰিক, স্বৈৰাতন্ত্ৰ, ফেচি বাদী আচৰণৰ বহি প্ৰকাশ৷ ৰাইজৰ দলে চৰকাৰৰ এনে নীতিক সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ৷ বিধায়কগৰাকীয়ে লগতে কয়, গুৱাহাটীত এতিয়া ধৰ্ণা, সমদল, প্ৰতিবাদ নিষিদ্ধ কৰি প্ৰকৃততে চৰকাৰখনৰ ইমান ভয় কিয়৷ ৰাইজৰ দলৰ স্পষ্ট কথা, চৰকাৰে ১৪৪ ধাৰা এতিয়া উঠাই লৱ লাগে৷ ৰাজ্যখনত গণতন্ত্ৰিক বাতাবৰণ বৰ্তাই ৰখাটো প্ৰয়োজন বুলি উল্লেখ কৰি বিধায়ক গৰাকীয়ে চৰকাৰৰ অগণতান্ত্ৰিক নীতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ এইক্ষেত্ৰত বিৰোধী ৰাজনৈতিক দল সমূহ ঐক্যবদ্ধ হৈ চৰকাৰৰ এনে হিটলাৰী ৰাজ ব্যৱস্থাৰ বিৰুদ্ধে মাতিবলৈ আহ্বান জনায়৷ সংবাদ মেলত অখিল গগৈযে কেন্দ্ৰীয় চৰকাৰৰ ৩৭০ অনুচ্ছেদ বাতিলক সমালোচনা কৰি দিল্লীত আম আদমি পাৰ্টিক সাংবিধানিক অধিকাৰ প্ৰদানৰ দাবী জনায়৷ উল্লেখ যে অলপতে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈযে কয় যে শিৱসাগৰক আন্দোলনমুক্ত কৰিবলৈ দল-সংগঠনৰ স্বাক্ষৰ ল’লে জিলা প্ৰশাসনে৷ অসমৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি বিধায়াক অখিল গগৈযে কয় যে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰখাৰ সময়তেই যোৱা কেইদিন মানত অসমৰ বিভিন্ন সংগঠনৰ নেতাসকলক শিৱসাগৰ প্ৰশাসনে মতাই নিছে আৰু অহা এবছৰলৈ আন্দোলন কৰিব নোৱাৰিব বুলি ‘‘বণ্ড চাইন’’ কৰাই লৈছে৷ অহা এবছৰলৈ আন্দোলন নকৰিবলৈ আৰু মানুহক আন্দোলনমুখী কৰা ভাষণ নিদিবলৈ চহী কৰোৱা হৈছে৷ অসমত পুৰাপুৰি জৰুৰীকালিন অৱস্থাৰ পুনৰাবৃত্তি হৈছে৷ আগতে নুশুনা, আগতে নেদেখা ভয়ংকৰ কাণ্ড৷ শুনিছিলোঁ জৰুৰীকালিন সময়ত (১৯৭৫-৭৭ চন) ভাৰতত এনে ঘটনা ঘটিছিল৷ পুনৰ আৰম্ভ হ’ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত৷ বিজেপি-আৰএছএছৰ শাসন কালত এনে ঘটনা ঘটিব পাৰে বুলি পূৰ্বতে আশংকা কৰা হৈছিল৷  লাচিত সেনা, অসমীয়া যুৱ মঞ্চ সংগঠনৰ চ্ছ্ৰজন নেতাক মাতি আনি বণ্ড চাইন’’লোৱা হৈছে৷ বণ্ড চাইন’’লোৱা নেতা কেইজন হৈছে চিতু বৰুৱা,  ৰন্ত পানী ফুকন, দেৱজিত দত্ত, প্ৰশান্ত বৰগোহাই৷

মুখ্যমন্ত্ৰীয়ে ভয় খাইছে নেকি: ডি ৱাই এফ আই

গুৱাহাটী আৰক্ষীয়ে ইয়াৰ অন্তৰ্গত তিনিখন জিলাত প্ৰতিবাদ, ধৰ্ণা, শ্ল’গান আদি কাৰ্যসূচীক প্ৰতিহত কৰিবলৈ ১৪৪ ধাৰা জাৰি কৰা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন (ডি ৱাই এফ আই) অসম ৰাজ্যিক কমিটিয়ে গণতন্ত্ৰৰ ওপৰত ধাৰাবাহিকভাৱে চলি থকা আক্ৰমণৰ এক অংশ বুলি অভিহিত কৰিছে৷ এটা বিবৃতিত সংগঠনটোৱে কয়– ৰাজ্যখনৰ আইন শৃংখলা ৰক্ষা কৰাত যে গৃহ বিভাগ বাৰুকৈয়ে বিফল হৈছে সেয়া স্পষ্ট৷ ইতিমধ্যে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই আইনৰ শাসনৰ দুৰৱস্থা উদঙাই দিছে৷ জোনমণি ৰাভাৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবী ৰাইজে স্বতঃস্ফূৰ্তভাৱে উত্থাপন কৰিছে৷ এক পক্ষপাতমুক্ত তদন্ত হ’ব বুলি অসম চৰকাৰে এতিয়াও ৰাইজক আশ্বস্ত কৰিব পৰা নাই৷ অন্যহাতে চৰকাৰখনে উন্নয়নৰ বিৰাট ঢাক-ঢোল কোবালেও জনসাধাৰণৰ ক্ৰমবৰ্ধমান ক্ষোভ সম্পৰ্কে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ব্যৰ্থ বিজেপি চৰকাৰখন অৱগত৷ এক বৃহৎ নিযুক্তি মেলাৰ আয়োজন কৰিছে যদিও চৰকাৰ জ্ঞাত যে অ’ভাৰলেপিঙৰ ফলত বঞ্চনাৰ বলি হোৱা পৰীক্ষাত অৱতীৰ্ণ লাখ লাখ যুৱক-যুৱতীও ক্ষোভিত৷ ৰাজ্যখনৰ শিক্ষক সংগঠনসমূহেও স্থায়ী প্ৰধান শিক্ষক নিযুক্তি, ঠিকাভিত্তিক শিক্ষকক স্থায়ী কৰা আদি বিষয়লৈও ৰাজ্যখন উত্তাল কৰি আছে৷ বিজ্ঞান আৰু গণিত মাতৃভাষাৰ সলনি ইংৰাজীত শিক্ষা প্ৰদান আৰু ৰাজহুৱা শিক্ষানুষ্ঠান ধবংসৰ অভিযান, স্থানীয় যুৱক-যুৱতীৰ সলনি বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান আদি বিষয়কলৈ ছাত্ৰ-যুৱ সমাজ প্ৰতিবাদমুখৰ হৈ উঠিছে৷ জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰখনে এতিয়া সভা সমিতি, প্ৰতিবাদ, ধৰ্ণা আদি সংবিধান প্ৰদত্ত গণতান্ত্ৰিক অধিকাৰৰ ওপৰত চৰম আক্ৰমণ নমাই আনিবলৈ উদ্যত৷ তাৰেই প্ৰতিফলন হ’ল ১৪৪ ধাৰা জাৰি কৰা কাণ্ড৷ এইয়া যেন এক অঘোষিত জৰুৰীকালিন অৱস্থা৷  অসমৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ সময়ত প্ৰতিবাদ, ধৰ্ণাৰ মাজেৰে প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে নেকি? প্ৰতিবাদ, ধৰ্ণালৈ ভয় নকৰি ৰাইজৰ সমস্যা সমাধান কৰাত হে চৰকাৰখনে মনোনিৱেশ কৰা উচিত৷ ১৪৪ ধাৰা জাৰি কৰি যে ৰাইজৰ ক্ষোভ আৰু প্ৰতিবাদ স্তব্ধ কৰিব পৰা নাযায় সেয়া নিশ্চিত৷