Logo
image

গুৱাহাটী পালেহি ‘বন্দে ভাৰত’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ মে’: অসমৰ ৰে’লযাত্ৰীৰ বাবে সুখবৰ৷ দেওবাৰে গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত আৰম্ভ হ’ল ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ ট্ৰায়েল ৰান৷ ৰাজধানী এক্সপ্ৰেছতকৈও বেগেৰে চলিব লগা এই ৰে’লৰ ঘণ্টাত গতিবেগ হ’ব প্ৰায় ১১০ কিঃমিঃ৷ সপ্তাহত ৬ দিন চলিবলগীয়া এই ৰে’লখনে গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজৰ ৫১১ কিলোমিটাৰ ব্যৱধান অতিক্ৰম কৰিবলৈ সময় ল’ব প্ৰায় ৫ ঘণ্টা ৫০ মিনিট৷ উল্লেখ্য যে ‘বন্দে ভাৰত এক্সপেছ’ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰজেক্ট৷ প্ৰধানমন্ত্ৰীয়ে জুনৰ ভিতৰত দেশৰ সকলো ৰাজ্যতে এই ৰে’ল সেৱাৰ সুবিধা প্ৰদান কৰিবলৈ ৰে’ল বিভাগক নিৰ্দেশ দিছে৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰে’ল বিভাগে ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাজ্যত ৰে’লখনৰ যাত্ৰা আৰম্ভ কৰিছে৷ দুদিন পূৰ্বে উৰিষ্যা আৰু হাওৰাৰ মাজত এই ৰে’ল যাত্ৰা আৰম্ভ হৈছে৷ দেওবাৰে উত্তৰ-পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে অনুশীলন চলে ৰে’লখনৰ৷ দেওবাৰে দুপৰীয়া সঠিক সময় মতেই ৰে’লখন নিউজলপাইগুৰিৰ পৰা আহি গুৱাহাটীৰ পল্টনবজাৰ ৰে’লৱে ষ্টেছনত উপস্থিত হয়৷ অত্যাধিক প্ৰযুক্তিৰে নিৰ্মিত আৰু উচ্ছ সুৰক্ষাযুক্ত এই ৰে’লখনে শীঘ্ৰেই যাত্ৰীৰ বাবে ব্যৱসায়িক সেৱা আৰম্ভ কৰিব৷ ৰে’লখন সম্পূৰ্ণ বাতানুকুল, আসনসমূহো অত্যন্ত আৰামদায়ক আৰু অত্যাধুনিক মানৰ৷ দৰ্জাসমূহ স্বয়ংক্ৰিয় আৰু বাথৰুম সমূহো উৰাজাহাজৰ দৰে ফ্লাছিং ব্যৱস্থাযুক্ত৷ অসমৰ পৰা পশ্চিমবংগৰ দাৰ্জিলিং বা ছিকিমলৈ যোৱা পৰ্যটকসকলৰ বাবে ৰে’লখনৰ বিশেষ সুবিধাজনক হ’ব৷ একেদৰে পশ্চিমবংগৰ পৰা গুৱাহাটীলৈ অহা যাত্ৰী তথা পৰ্যটকসকলেও ৰে’লখনৰ সুবিধা ল’ব পাৰিব৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নিউ জলপাইগুৰি-গুৱাহাটীৰ লগতে নতুন দিল্লী-বাৰানসী, নতুন দিল্লী-বৈষ্ণদেৱী-কাটৰা, নতুন দিল্লী-আন্দুৰা, চেন্নাই-মহীশূৰ, নাগপুৰ-বিলাসপুৰ, ছেকেণ্ডাৰবাদ-বিশাখাপট্টম, মুম্বাই-সোলাপুৰ, মুম্বাই-শিৰডী,  হজৰত নিজামুদ্দিন-ৰাণী কমলাৱতী ষ্টেছন, ছেকেণ্ডাৰাবাদ-তিৰুপতি,  চেন্নাই-কোৱেম্বাটোৰ, আজমেৰ-দিল্লী, থিৰুৱন্তপুৰম-কাছাৰগড, পুৰী-হাউৰাৰ মাজত বন্দে ভাৰতৰ ৰে’ল সেৱা আৰম্ভ হৈছে৷