Logo
image

মেট্ৰিকত চতুৰ্থ স্থানপ্ৰাপ্ত দেৱাঙ্গনা ডেকাৰ চিকিৎসক হোৱাৰ মন

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ চতুৰ্থ স্থান লাভ কৰি সমগ্ৰ ডিব্ৰুগড় জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ লিটল ফ্লাৱাৰ হাইস্কুলৰ ছাত্ৰী দেৱাঙ্গনা কলিতাই। অত্যন্ত মেধাৱী আৰু নিজৰ আত্মবিশ্বাসৰ বলত পৰীক্ষাত অৱতীৰ্ণ হৈ শীৰ্ষ চতুৰ্থ স্থান লাভ কৰা দেৱাঙ্গনাই ভৱিষ্যতে পিতৃৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ এগৰাকী সফল চিকিৎসক হোৱাৰ মন পুহি ৰখাৰ কথা প্ৰকাশ কৰিছে। 

ডিব্ৰুগড় চহৰৰ নিজ কদমনিৰ নিবাসী তথা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ পেথ'লজী বিভাগৰ অধ্যাপক ডাঃ বসন্ত ডেকা আৰু পল্টনবজাৰ হিন্দী হাইস্কুলৰ শিক্ষয়িত্ৰী বিনীতা ডেকাৰ কন্যা দেৱাঙ্গনা কলিতাৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়াল আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল। পৰীক্ষাৰ পূৰ্বে দৈনিক ৮-১০ ঘণ্টাকৈ অধ্যয়ন কৰিছিল দেৱাঙ্গনা ডেকাই। এইক্ষেত্ৰত দেৱাঙ্গনাক বিদ্যালয়ৰ সকলো শিক্ষকে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। বিশেষকৈ তেওঁৰ সফলতাত পিতৃ-মাতৃক কৃতজ্ঞতা জনাইছে। আনহাতে পঢ়াৰ সমান্তৰালভাৱে সংগীত আৰু ক্ৰীড়াতো গুৰুত্ব দিয়াৰ কথা প্ৰকাশ কৰিছে মেধাৱী ছাত্ৰীগৰাকীয়ে। 

এই সন্দৰ্ভত সাংবাদিকৰ আগত দেৱাঙ্গনাই কয় যে পৰীক্ষাত উত্তীৰ্ণ হম বুলি ভাবিছিলো কিন্তু স্থান লাভ কৰিম বুলি কল্পনা কৰা নাছিলোঁ। নিজক সম্পূৰ্ণৰূপে বিশ্বাস কৰিছিলোঁ। সেই বিশ্বাসক সাৰোগত কৰিয়েই পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগত দেৱাঙ্গনাই নিজৰ অভিমত প্ৰকাশ কৰি কয়, প্ৰশ্নকাকত ফাদিল প্ৰসংগতো চিন্তা কৰিবলগীয়া নাছিলেই। নিজৰ অধ্যয়নত মনোযোগ দিছিলোঁ। আত্মবিশ্বাস আছিল কাৰণেই আজি ফলাফল লাভ কৰিলোঁ। উল্লেখযোগ্য যে চতুৰ্থ স্থানপ্ৰাপ্ত দেৱাঙ্গনা ডেকাই অসমীয়াত ৯৩, ইংৰাজীত ১০০, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৮ আৰু ঐচ্ছিক গণিতত ১০০ নম্বৰ লাভ কৰি মুঠ ৫৯১ নম্বৰ লাভ কৰিছে।