Logo
image

পুনৰ অগ্নিগৰ্ভ মণিপুৰ: অগ্নিসংযোগ, সান্ধ্যআইন জাৰি, ইণ্টাৰনেট কৰ্তন

'আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ মে’: যোৱা ৩ মে’ৰ পৰা এসপ্তাহৰো অধিক দিন ধৰি হিংসাৰ জুইত দগ্ধ হৈ থকা উত্তৰ-পূবৰ ৰাজ্য মণিপুৰ পুনৰ জ্বলিছে৷ বেচৰকাৰী তথ্য মতে তিনিশৰো অধিক লোকৰ মৃত্যু হোৱা সেই গোষ্ঠী সংঘৰ্ষৰ ঘটনাৰ সময়ত কৰ্ণাটকৰ নিৰ্বাচনক লৈ ব্যস্ত থকাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰতিনিধি ৰাজ্যখনলৈ অহা নাছিল৷ গোষ্ঠী সংঘৰ্ষৰ উপশম ঘটাৰ পাছতো আজি পৰ্যন্ত মণিপুৰলৈ কেন্দ্ৰীয় চৰকাৰৰ কোনো মন্ত্ৰী অথবা কোনো প্ৰতিনিধি অহা নাই৷ সাময়িকভাৱে মণিপুৰৰ হিংসাত্মক কাৰ্যাৱলী বন্ধ হৈ থাকিলেও উমি উমি জ্বলি থকা জুইকুৰা সোমবাৰে পুনৰ দপদপকৈ জ্বলি উঠিছে৷ সোমবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত কেতবোৰ দুষ্কৃতিকাৰীয়ে কেইবাটাও ঘৰ জ্বলাই দিয়াৰ ফলত পুনৰ ৰাজ্যখনত হিংসাৰ জুই জ্বলি উঠিছে৷ এই পৰ্যন্ত সোমবাৰে সংঘটিত ঘটনাৰ ফলত কোনো লোকৰ মৃত্যুৰ বাতৰি অহা নাই৷ কিন্তু এই ঘটনাৰ প্ৰতিক্ৰিয়া হিচাপে পুনৰ ৰাজধানী চহৰ ইম্ফলতে নহয়, সমগ্ৰ ৰাজ্যতে গোষ্ঠী সংঘৰ্ষৰ জুই জ্বলি উঠাৰ আশংকা কৰা হৈছে৷ দিনৰ ভাগতে ইম্ফল চহৰৰ মাজমজিয়াত কেতবোৰ দুষ্কৃতিকাৰীয়ে কেইবাটাও ঘৰ জ্বলাই দিয়ে৷ প্ৰশাসনে ততাতৈয়াকৈ ৰাজধানী ইম্ফলত সান্ধ্য আইন জাৰি কৰি পৰিস্থিতি চম্ভলাৰ চেষ্টা চলাইছে৷ আনহাতে মণিপুৰত ইণ্টাৰনেটৰ সেৱা পৰৱৰ্তী এসপ্তাহৰ কাৰণে বন্ধ কৰি দিয়া হৈছে৷ তদুপৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনা সংঘটিত হোৱা পূৱ ইম্ফল জিলাত সেনাবাহিনী আৰু অদ্ধৰ্সামৰিক বাহিনী নমোৱা হৈছে৷ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি শেহতীয়া গোষ্ঠী সংঘৰ্ষৰ সময়ত যিসকল বাসিন্দাই নিজৰ ঘৰ এৰি পলাই গৈছিল, এতিয়া সেই খালী ঘৰবোৰকে জ্বলাই দিয়া হৈছে৷ উল্লেখ্য, মণিপুৰ উচ্ছ ন্যায়ালয়ৰ এটা নিৰ্দেশৰ পাছতে ৰাজ্যখনত সংখ্যাগৰিষ্ঠ মেইটেই আৰু সংখ্যালঘিষ্ঠ নগা জনজাতি কুকিৰ মাজত গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হৈছিল৷ মণিপুৰ উচ্ছ ন্যায়ালয়ে এটা নিৰ্দেশত ৰাজ্য চৰকাৰক পৰামৰ্শ আগবঢ়াই কৈছিল যে মেইটেই জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিব পাৰি নেকি সেই বিষয়টো চৰকাৰে বিবেচনা কৰি চাব পাৰে৷ ৰাজ্যখনৰ আৰ্থিক, সামাজিক, শিক্ষাকে ধৰি সকলো ক্ষেত্ৰতে আগবঢ়া মেইটেই জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰা জনজাতি মৰ্যাদাৰ দাবী জনাই আহিছিল৷ মণিপুৰৰ মুঠ বাসিন্দাৰ ৫৩ শতাংশ হৈছে মেইটেই জনগোষ্ঠীৰ৷ তেওঁলোক সকলো দিশে আগবঢ়া হ’লেও আজিলৈকে ৰাজ্যখনৰ স্থায়ী বাসিন্দাৰ মৰ্যাদা লাভ কৰা নাই৷ ইয়াৰ বিপৰীতে কুকি নগা আৰু আন আন সৰু-সুৰা জনগোষ্ঠী পাৰ্বত্য জনগোষ্ঠী হোৱাৰ বাবে সকলো ধৰণৰ চৰকাৰী সুবিধা আৰু সংৰক্ষণৰ সুবিধা লাভ কৰে৷ উচ্ছ ন্যায়ালয়ৰ উক্ত নিৰ্দেশৰ পাছত এটা জনজাতি ছাত্ৰ সংগঠনে কুকি নগাৰ জনগোষ্ঠীৰ সমৰ্থনত চূড়াচান্দপুৰ জিলাত ৩ মে’ত এটা প্ৰতিবাদী শোভাযাত্ৰা উলিয়াইছিল৷ সেই শোভাযাত্ৰাতে হিংসাত্মক কাৰ্যকলাপৰ সূত্ৰপাত হয় আৰু পৰৱৰ্তী এসপ্তাহ ধৰি সমগ্ৰ মণিপুৰ হিংসাত অগ্নিগৰ্ভা হৈ পৰে৷ ৰাজ্যখনৰ প্ৰায় সকলো স্থানত মেইটেই আৰু কুকিৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়৷ সেই সংঘৰ্ষত দুয়োটা জনগোষ্ঠীৰ লোকেই ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয়৷ বেচৰকাৰী হিচাব অনুসৰি সেই সংঘৰ্ষত নিহতৰ সংখ্যা ৩০০ ৰো অধিক৷ আনহাতে চৰকাৰী হিচাব মতে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষত নিহত হৈছিল ৭১ জন লোক৷ আ(ৰ্যকৰভাৱে মণিপুৰত এনে ভয়ংকৰ গোষ্ঠী সংঘৰ্ষ হোৱা সত্ত্বেও কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰতিনিধিয়ে আজিলৈকে ৰাজ্যখনত ভৰি নথলে৷