Logo
image

শাৰীৰিক অক্ষমতা সত্ত্বেও অপ্ৰতিৰোধ্য যিসকল

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ মে’: লক্ষ্য স্থিৰ হ’লে হাজাৰ প্ৰাচীৰেও সফলতাৰ বাটত হেঙাৰ হ’ব নোৱাৰে৷ শাৰীৰিক প্ৰতিবন্ধকতাই যে প্ৰাপ্তি আজুৰি অনাৰ পৰা বঞ্চিত কৰিব নোৱাৰে তাৰ নিৰ্দেশনা দাঙি ধৰিলে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে৷ সোমবাৰে ছেবাই ঘোষণা কৰা মেট্ৰিক পৰীক্ষাৰ ফলাফলত বিগত বৰ্ষসমূহৰ দৰে কষ্ট আৰু অধ্যৱসায়ৰ বলত এইবাৰো উজলি উঠিল বিশেষভাৱে সক্ষম একাংশ ছাত্ৰ-ছাত্ৰী৷ আত্মকেন্দ্ৰিক সমাজৰ একাংশৰ বাবে বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলৰ মূল্য নাথাকিলেও অধ্যৱসায়ৰ বলত এইসকল শিক্ষাৰ্থীয়ে আজি নিজৰ লগতে পৰিয়াল আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মুখত হাঁহি বিৰিঙাই তুলিলে৷ হুইল চেয়াৰত বহি পৰীক্ষা দিয়া নাৰায়ণপুৰৰ লিপিকা বৰাই মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে৷ নাৰায়ণপুৰৰ মাকোৱাৰী গাঁৱৰ বিশেষভাৱে সক্ষম লিপিকাক পিতৃ জয়ন্ত বৰাই অতি কষ্টৰে হুইল চেয়াৰত বহোৱাই বিদ্যালয়লৈ অনা-নিয়া কৰিছিল৷ কন্যাৰ সফলতাত এতিয়া পিতৃৰ চকুলৈও আনন্দৰ চকু পানী বোৱাই আনিছে৷ কেৱল লিপিকাই নহয়, শাৰীৰিক প্ৰতিবন্ধকতা নেওচি মুকবধিৰ বৈদুৰ্য বুঢ়াগোহাঁই নামৰ ছাত্ৰজনেও গণিতত ১০০ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ লখিমপুৰ বিহপুৰীয়াৰ অন্ধ বিদ্যালয়ৰ চ্ছ্ৰজন শিক্ষাৰ্থীয়ে লেটাৰ নম্বৰসহ প্ৰথম বিভাগত কৃতকাৰ্যতা লাভ কৰিছে৷ শিক্ষানুষ্ঠানখনৰ আৰিফা বেগমে ইংৰাজী আৰু হিন্দীত লেটাৰসহ ৪০৫ নম্বৰ, ধীৰাজ তিমচিনাই ৪০৩ নম্বৰ, কৰুণা গগৈয়ে ৩৯৪ নম্বৰ আৰু চুমি বিশ্বাসে ৩৮১ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে৷ আনহাতে গুৱাহাটীৰ অন্ধ বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা চাৰিজন পৰীক্ষাৰ্থীৰ ভিতৰত তিনিজনে প্ৰথম বিভাগ আৰু এজনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ ইফালে মৰাণৰ অন্ধ বিদ্যালয়ৰ তিনিজন পৰীক্ষাৰ্থীৰ আটাইকেইজনে প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ তদুপৰি যোৰহাট অন্ধ বিদ্যালয়ৰ চাৰিজন পৰীক্ষাৰ্থীৰ ভিতৰত এজনে প্ৰথম বিভাগ আৰু বাকী তিনিজনে তৃতীয় বিভাগত সফলতা লাভ কৰে৷ বঢ়মপুৰ অন্ধ বিদ্যালয়ৰো উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ৷ আনহাতে, গুৱাহাটীৰ কাহিলিপাৰাৰ ভাউৰী দেৱী ছেৰাউগী চৰকাৰী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ এইবাৰৰ মেট্ৰিকত উত্তীৰ্ণৰ হাৰ হৈছে ৯৭ শতাংশ৷ মুকবধিৰ বিদ্যালয়খনৰ মুঠ ৩০জন পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগ আৰু ১৪জন পৰীক্ষাৰ্থীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে৷ ইয়াৰে ৩জন পৰীক্ষাৰ্থীয়ে ষ্টাৰ মাৰ্ক আৰু গণিতত ৩৪জন, সমাজ বিজ্ঞানত ৭জন, ফাইন আৰ্টত ২জনে লেটাৰ নম্বৰ লাভ কৰিছে৷

শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ এশ শতাংশ উত্তীৰ্ণ

‘আমাৰ অসম’ৰ পুৰণিগুদামৰ প্ৰতিবেদক: সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজ্জ্বলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ৭জন ছাত্ৰ-ছাত্ৰী৷ বিদ্যালয়খনৰ পৰা মুঠ ৭জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত৷ শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয়খনৰ শিক্ষাৰ্থী ক্ৰমে- বিন্দু গোৱালা (৬৯.১ শতাংশ), ৰিজুমণি আলি(৬৩.৮ শতাংশ), বিমান পাটৰ (৬৬.৩ শতাংশ), জোনমণি শইকীয়া (৭০.১ শতাংশ), দৈৱকী কিচকু (৭০ শতাংশ), একাদশী মণ্ডলে (৭১.৮ শতাংশ) প্ৰত্যেকেই ইংৰাজী বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ভাস্কৰজ্যোতি শৰ্মাই (৬৬.৮ শতাংশ) প্ৰথম বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷ উল্লেখ্য যে,  শিক্ষাৰ্থীৰ মাজৰে বিমান পাটৰ আৰু একাদশী মণ্ডল, দুয়োগৰাকীয়েই সংগীতশিল্পী হিচাপে জনসমাজত সু-পৰিচিত আৰু তেওঁলোক ইতিমধ্যে নগাঁও জিলাৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তত গীত পৰিৱেশনেৰে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে৷ স্মতব্য যে,  বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰ্যাপ্ত নাছিল কিতাপ৷  ৰেকৰ্ডিং শুনি কঠিন সংগ্ৰামক জীৱনৰ ব্ৰত হিচাপে লৈ কাঁইটীয়া পথেৰে সাতজন ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱত্তীৰ্ণ হৈছিল আৰু কিতাপ নথকা প্ৰত্যাহ্বান বুকুত বান্ধিয়ে সফলতাৰে উত্তীৰ্ণ হৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চললৈ ছাত্ৰ-ছাত্ৰীকেইজনে গৌৰৱ কঢ়িয়াই আনিলে৷ ছাত্ৰ-ছাত্ৰীকেইজনৰ এই সাফল্যক লৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে সমগ্ৰ বঢ়মপুৰবাসী ৰাইজ উৎফুল্ল হৈ পৰিছে৷

শাৰীৰিকভাৱে বাধাগ্ৰস্ত অভিনৱ প্ৰথম বিভাগত উত্তীৰ্ণ

‘আমাৰ অসম’ৰ পুৰণিগুদামৰ প্ৰতিবেদক: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’ল নগাঁও জিলাৰ চামগুৰিৰ বিশেষভাৱে সক্ষম এজন যুৱক৷ কাণেৰে নুশুনাৰ লগতে মুখেৰে কথা ক’ব নোৱাৰা ছাত্ৰজনৰ আশাব্যঞ্জক ফলাফলত অঞ্চলবাসী আনন্দিত হৈ পৰিছে৷ জোতা-ছেণ্ডেল ভাল কৰা এখন দোকান দি জীৱন অতিবাহিত কৰা দুজনকৈ যুৱক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হৈছে৷ চামগুৰিৰ পূৰ্ণিমা শইকীয়া উচ্ছ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অভিনৱ ৰবিদাসে ৪৬ শতাংশ নম্বৰসহ দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে তেওঁৰ ভ্ৰাতৃ নৱজ্যোতি ৰবিদাসে সমাজ বিজ্ঞান বিষয়ত লেটাৰসহ ৬৩ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়৷ আজৰি সময়ত দেউতাক আৰু বৰদেউতাৰ লগত জোতা-ছেণ্ডেলৰ দোকানত কাম কৰাৰ লগতে নিজে অধ্যয়ন কৰি গৈছিল৷  অভিনৱৰ সফলতাত সমগ্ৰ অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে৷

প্ৰথম বিভাগত উত্তীৰ্ণ ‘তপোবন’ৰ পাৰ্থ প্ৰতীম

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদক: অৱহেলিত দিব্যাংগ শিশুসকলৰ আৱাসিক শিক্ষানুষ্ঠান পাঠশালা তপোবনৰ বিশেষভাৱে সক্ষম এজন দিব্যাংগ শিক্ষাৰ্থীয়ে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আজি ঘোষিত ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰমাণ কৰিছে যে শাৰীৰিক বাধাগ্ৰস্ততা সফলতাৰ অন্তৰায় হ’ব নোৱাৰে৷ তপোবনৰ দৃষ্টিহীন দিব্যাংগ শিক্ষাৰ্থী পাৰ্থ প্ৰতীম নাথে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা খবৰে আনন্দৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, বাগ্‌সা জিলাৰ জালাহৰ দৃষ্টিহীন পাৰ্থ প্ৰতীমে ব্ৰেইলি পদ্ধতিৰ জৰিয়তে পঢ়া-শুনা কৰি ‘হেল্পাৰ’ৰ সহায়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল৷ আজি এই ফলাফলৰ পাছতে তপোবন পৰিয়ালৰ দিব্যাংগ শিশুসকলৰ মাজত আনন্দ বিয়পি পৰে৷ তপোবনৰ অধ্যক্ষ কুমুদ কলিতাসহিতে পৰিয়ালে পাৰ্থ প্ৰতীমৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে৷