Logo
image

১.১৩ লাখ অনুত্তীৰ্ণক লৈ চিন্তা চৰকাৰৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ মে’: বছৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় হাজাৰ হাজাৰ পৰীক্ষাৰ্থী৷ কোনোৱে প্ৰথম বিভাগত, কোনোৱে দ্বিতীয় বিভাগত৷ কোনোৱে ডিষ্টিংশ্বন পায়, আন কোনোৱে পায় ষ্টাৰ নম্বৰ৷ বছৰি শীৰ্ষ ১০-২০টা স্থান লাভ কৰি উত্তীৰ্ণ হয় বহুজন৷ ইয়াৰে একাংশ সমাজ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে৷ একাংশ হেৰাই যায় তেওঁলোকৰ নিজৰ মাজতে৷ সংবাদ মাধ্যম অথবা আমাৰ সমাজে খবৰ লয় বিভিন্ন স্থান লাভ কৰা, ডিষ্টিংশ্বন লাভ কৰা, ষ্টাৰ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ৷ কিন্তু অনুতীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ খবৰ কোনোবাই ৰাখেনে? এইসকলক লৈ চৰকাৰৰ কিবা চিন্তা অথবা দৃষ্টিভংগী আছেনে? এইবোৰ আজিৰ তাৰিখত অতি প্ৰাসংগিক প্ৰশ্ন৷ কিয়নো নিবনুৱা সমস্যাই গ্ৰাস কৰা অসমত আজিৰ তাৰিখতো উচ্ছ শিক্ষিত নিবনুৱাতকৈ মেট্ৰিক অনুতীৰ্ণ অথবা অশিক্ষিত নিবনুৱাৰ হাৰ যথেষ্ট কম৷ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ হয় ১,১৩,৪৪৪জন পৰীক্ষাৰ্থী৷ ইয়াৰে ভিতৰত ৪৮,২৪১জন ছাত্ৰ আৰু ৬৫,২০৩গৰাকী ছাত্ৰী৷ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধৰণৰ শিক্ষাৰ সুবিধা আছে যিবোৰৰ জৰিয়তে শিক্ষা আহৰণ কৰি ছাত্ৰ-ছাত্ৰীয়ে সংস্থাপনৰ সুযোগ লাভ কৰে৷ কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণসকলক আত্মসংস্থাপনৰ বাট দেখুৱাব পৰাকৈ উপযুক্ত শিক্ষাৰ সুবিধা অসম মুলুকত নাই৷ বৃত্তিমূলক শিক্ষা দুই এখন শিক্ষানুষ্ঠানত আছে যদিও তাৰ পৰা শিক্ষা লোৱা ছাত্ৰ-ছাত্ৰীৰ সংস্থাপন হোৱাটো যেন পৰ্বতত কাছকণী বিচৰাৰ দৰে৷ অথচ অসমত বিভিন্ন সা-সামগ্ৰী, যন্ত্ৰ-পাতি মেৰামতি কৰা, সেৱামূলক কামৰ জৰিয়তে অসমৰ পৰা বছৰি বহিঃৰাজ্যলৈ ধনৰ নিৰ্গমন হয় কল্পনাতীতভাৱে৷ অৱশ্যে নতুন শিক্ষানীতিয়ে এনে ল’ৰা-ছোৱালীক সংস্থাপনৰ বাট দেখুৱাব বুলি শিক্ষাবিদসকলৰ একাংশই আশা প্ৰকাশ কৰিছে৷ এইসকল পৰীক্ষাৰ্থীৰ কথা উপলব্ধি কৰি যদি শিক্ষাপদ্ধতি প্ৰস্তুত কৰা হয় নিশ্চিতভাৱে অসম স্ব-নিৰ্ভৰ হোৱাৰ বাট মুকলি হ’ব৷ উল্লেখ্য, এইবেলিৰ হাইস্কুল শিক্ষন্ত পৰীক্ষাত ৭২.৬৯ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে৷