Logo
image

মুখ্যমন্ত্ৰীৰ ঘোষণাঃ মেট্ৰিকৰ দৰে উঃমাঃ পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হ’ব আচম্বিতে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ মে’: কেতিয়া ঘোষণা হ’ব ২০২৩ বৰ্ষৰ উচ্ছতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷ সোমবাৰে ছেবাই আকস্মিকভাৱে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছত এতিয়া উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ মাজতো উৎকণ্ঠা বৃদ্ধি পাইছে৷ অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ এটা উচ্ছস্তৰীয় সূত্ৰই জুনৰ প্ৰথম ভাগত উচ্ছতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিকৰ দৰে উচ্ছতৰ মাধ্যমিক ফলাফলো আগতীয়াকৈ খবৰ নিদিয়াকৈ আচম্বিতে ঘোষণা কৰা হ’ব বুলি সদৰি কৰিছে৷ ছাত্ৰ-ছাত্ৰীৰ মানসিক উৎকণ্ঠা দূৰ কৰাৰ বাবেই আচম্বিতে এনেদৰে ফলাফল ঘোষণা কৰা হৈছে বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে৷ এই সন্দৰ্ভত সোমবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়–‘মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ দিনটো ল’ৰা-ছোৱালীক আগতীয়াকৈ জনাব বিছৰা নাই৷ কিয়নো এই ফলাফলক লৈ ল’ৰা-ছোৱালীয়ে দিনে-নিশাই দুশ্ছিন্তা থাকে৷ ই ল’ৰা-ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়৷ সেই কাৰণে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলো কোনো এটা দিনত ৰাতিপুৱাই খবৰ দি ঘোষণা কৰিম৷ আজি কালি ৰিজাল্টৰ বাবে স্কুলত অহাৰো প্ৰয়োজন নাই, মোবাইলতে ফলাফল চাব পাৰিব৷ এনেদৰে ফলাফল ঘোষণা কৰাটো শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰে এক উদ্দেশ্য৷ হায়াৰ ছেকেণ্ডাৰীৰ ৰিজাল্টক লৈ ইমান চৰ্চা হুলস্থূল হোৱাটো ভাল নহয়৷ কিয়নো যিসকলে কিবা কাৰণত বেয়া ফলাফল কৰে, তেওঁলোকে সমাজত কেইটামান দিন থাকিব নোৱাৰা হৈ যায়৷ পৰীক্ষা হোৱাৰ পাছত¸ ৰিজাল্ট দিয়াটো চিৰাচৰিত পৰম্পৰা৷ প্ৰথম বিভাগৰ উত্তীৰ্ণজনক লৈ আমি ইমানেই হুলস্থূল কৰো যে তৃতীয় বিভাগত উত্তীৰ্ণ কেইজনে সমাজত থাকিবলৈকে অনুপযোগী যেন ভাবিবলৈ লয়৷ সেই কাৰণে আজি আগতীয়াকৈ খবৰ নিদিয়াকৈ ফলাফল ঘোষণা কৰিলো৷’