Logo
image

এইবাৰ ৰাজপথত কৃষক

পুনৰ নতুন আইন আহিছে৷ বিজেপি চৰকাৰে আইন সংশোধন আৰু নতুন আইন প্ৰণয়নত অভিলেখ গঢ়িব বিচাৰিছে৷ কিন্তু প্ৰতিখন আইনে ভাৰতৰ সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক আদি সকলো দিশতে পেলোৱা ঋণাত্মক প্ৰভাৱৰ বাবে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈছে চৰকাৰখন৷ এইবাৰ কৃষক কল্যাণৰ বাবে একেলগে তিনিখন আইন আনিছে৷ মোদী চৰকাৰে কৈছে যে এই আইনে কৃষকৰ কল্যাণ সাধন কৰিব৷ কিন্তু এই বিজেপিৰেই ৪০ বছৰীয়া পুৰণি সংগী আকালি দলে মোদী চৰকাৰৰ এই আইনে কৃষকৰ অধিকাৰ হৰণ কৰিব আৰু কৃষি ক্ষেত্ৰত কৰ্প’ৰেটৰ প্ৰৱেশ ঘটি বৰ্তমান পাই থকা সুবিধাৰ পৰাও কৃষকসকল বঞ্চিত হ’ব বুলি কৈ মোদী মন্ত্ৰীসভাৰ পৰা আকালি দলৰ একমাত্ৰ মন্ত্ৰী হৰচিমৰত কৌৰে পদত্যাগ কৰিছে৷ পদত্যাগ কৰি কৌৰে কৈছে– ‘বৰ্তমান পঞ্জাবৰ কৃষিক্ষেত্ৰৰ যি গাঁথনি সেই গাঁথনিক আপুনি একেদিনাই ভাঙি চূৰমাৰ কৰিব, সেয়া কৃষকে কেনেকৈ মানিব৷ প্ৰধানমন্ত্ৰীয়ে কৈছে যে কৃষকে য’তেই মন যায় তাতেই নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব৷ কিন্তু দেশৰ যি ঠাইত কৃষি উৎপাদিত সামগ্ৰীৰ ন্য়ূনতম সমৰ্থনমূল্য আছে, তাতেই কৃষকে নিজৰ সামগ্ৰী বিক্ৰী নকৰি য’ত ন্যূনতম সমৰ্থনমূল্য নাই, তাত সামগ্ৰী বিক্ৰী কৰিবলৈ যাব নেকি?’ সঁচা কথা কৃষকে নিজৰ স্থানতে সামগ্ৰী বিক্ৰী নকৰি কি ভাৰতৰ বিভিন্ন ৰাজ্যত বিক্ৰী কৰিবলৈ যাব? মণ্ডি ব্যৱস্থাৰ অন্ত পেলোৱা মোদী চৰকাৰৰ সিদ্ধান্তই কৃষকৰ বাবে অন্ধকাৰ ভৱিষ্যৎ কঢি.য়াই আনিব৷ এই আইনে কৃষকৰ কৃষি কৰা স্বতন্ত্ৰ সিদ্ধান্তৰ বিপৰীতে কৰ্প’ৰেটৰ আঙুলিৰ ঠাৰত এতিয়া কৃষক নাচিব লাগিব৷ আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে– কৃষকক বিৰোধীয়ে ভুলপথে পৰিচালিত কৰিছে৷ চৰকাৰৰ ওপৰত কৃষকে বিশ্বাস ৰখা উচিত৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে পাহৰি গৈছে যে তেওঁ নিজে বিগত ৬টা বছৰে লোৱা প্ৰতিটো সিদ্ধান্তই কেনেদৰে জনগণৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাইছে৷ প্ৰধানমন্ত্ৰীক বিশ্বাস কৰি ভাৰতীয় জনতাই বিমুদ্ৰাকৰণৰ সম্পূৰ্ণ সমৰ্থন কৰিলে– ক’লাধন, নকল টকা সকলো বন্ধ হ’ব বুলি৷ প্ৰধানমন্ত্ৰীয়ে ৫০ দিন বিচাৰিলে, ৰাইজে বিগত চাৰি বছৰ দিলে, কিন্তু প্ৰধানমন্ত্ৰীৰ কথা মিছা বুলি প্ৰমাণ হ’ল৷ প্ৰধানমন্ত্ৰীয়ে জি এছ টি আনিলে, ক’লে যে এইবাৰ ৰাজ্যসমূহৰ লাভ হ’ব৷ দেশৰ জি ডি পি বাঢ়িব, কিন্তু তাৰ সম্পূৰ্ণ ওলোটা ছবিহে দেখা দিলে৷ জি এছ টিৰ পৰা লাভ হোৱা দূৰৰ কথা, এতিয়া ৰাজ্যৰ অংশকো কেন্দ্ৰই কাঢি. ৰাখি ৰাজ্যসমূহক হাজাৰ হাজাৰ কোটি ঋণ লৈ ধৰুৱা হ’বলৈ বাধ্য কৰিলে৷ ভাৰতীয় মানুহৰ হিত হ’ব বুলিয়েই নাগৰিকত্ব [সংশোধনী] আইন আনিলে৷ কিন্তু ভাৰতীয় মানুহৰ নহয়, ৬ মাহত ১৫ হাজাৰ বিদেশীয়ে ভাৰতত স্থায়ী ঠিকনা পালে৷ এইদৰে এখনৰ পাছত এখন আইন সংশোধন কৰি বা নতুনকৈ প্ৰণয়ন কৰি স্বাধীন ভাৰতত নৰেন্দ্ৰ মোদী চৰকাৰে ইতিহাস ৰচিলে৷ প্ৰথম কাৰ্যকালৰ কথা বাদেই দিলোঁ৷ নৰেন্দ্ৰ মোদীয়ে দ্বিতীয় কাৰ্যকালত বিগত এটা বছৰত আজিৰ তাৰিখলৈ ১০৪খন আইন প্ৰণয়ন বা সংশোধন কৰিলে৷ ইয়াৰ গৰিষ্ঠসংখ্যক আইনেই দেশৰ হয় বৃহৎ পুঁজিপতি, কৰ্প’ৰেট গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে তৈয়াৰ কৰিছে, নহয় ৰাজ্য চৰকাৰৰ ক্ষমতা হ্ৰাস কৰি এককেন্দ্ৰিক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সহায় কৰিছে৷ ২০১৬ চনৰ পৰা চৰকাৰৰ এখনৰ পাছত এখন আইনৰ বিৰোধিতা কৰি ৰাইজ ৰাজপথত থাকিবলগা হৈছে৷ বিশেষকৈ যোৱা ডিচেম্বৰত প্ৰণয়ন কৰা নাগৰিকত্ব [সংশোধনী] আইনৰ সময়ৰ পৰা আজি কৃষকৰ অধিকাৰ হৰণৰ বাবে অনা The Essential Commodities Amendment Bill ২০২০, The Farming Produce Trade and Commerce (Promotion and Facilition) Bill ২০২০, আৰু The Farmers Agreement on Rice Assurance and Farm Service Bill ২০২০ –এই তিনিখন আইনে ভাৰতত ব্যাপক গণজাগৰণৰ ৰূপ লৈছে৷ বিশেষকৈ অত্যাৱশ্যকীয় খাদ্যৰ তালিকাৰ পৰা চাউল, দাইল, আলু, পিঁয়াজৰ দৰে সামগ্ৰীসমূহ প্ৰত্যাহাৰ কৰা ঘটনাই ভাৰতৰ সমাজ জীৱনত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব৷ নৰেন্দ্ৰ মোদীৰ কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ শ্লোগান, আনফালে কৃষকক কৰ্প’ৰেট খণ্ডৰ হাতৰ পুতলা কৰি গঢি. তোলাৰ গোপন এজেণ্ডা৷ এইবোৰ চক্ৰান্ত প্ৰতিহত কৰিবই লাগিব৷ এতিয়া সঁচা অৰ্থত কৃষকৰ কল্যাণ সাধনৰ বাবে যিবোৰ কাম কৰিব লাগে, তাৰ বাবে সংগ্ৰামৰ বিকল্প নাই৷ দেশৰ প্ৰতিটো প্ৰান্তৰ কৃষকৰ জাগৰণেহে নৰেন্দ্ৰ মোদীৰ দৰে ফেচিষ্ট শাসকৰ পৰা দেশ বচাব পাৰিব৷