Logo
image

বৈদিক প্ৰথাৰে প্ৰধানমন্ত্ৰীৰ নতুন সংসদ ভৱনত প্ৰৱেশ

আমাৰ অসম, ২৯ মে’: বেদৰ মন্ত্ৰৰ উচ্ছাৰণ, পূজা আৰু সোণৰ ৰাজদণ্ড প্ৰতিষ্ঠা কৰি দেশৰ নতুন সংসদ ভৱন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ২১টা বিৰোধী ৰাজনৈতিক দলে বৰ্জন কৰা স্বত্বেও সেই দিশলৈ ভ্ৰূক্ষেপ নকৰি পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬৪,৫০০ বৰ্গমিটাৰ আয়তনৰ সংসদ ভৱন উদ্বোধন কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে পুৱাই চোল বংশক প্ৰতিনিধিত্ব কৰা ৰাজদণ্ডক সাষ্ট্ৰাংগে প্ৰণাম জনাই নতুন সংসদ ভৱনত প্ৰৱেশ কৰে আৰু ছেংগল নামৰ ৰাজদণ্ড লোকসভাৰ অধ্যক্ষৰ আসনৰ কাষত প্ৰতিষ্ঠা কৰে৷ সেই কামত প্ৰধানমন্ত্ৰীক সংগ দিয়ে তামিলনাডুৰি পৰা অহা পুৰোহিতে৷ তেওঁলোকৰ বেদৰ মন্ত্ৰৰ উচ্ছাৰণৰ মাজতে  প্ৰধানমন্ত্ৰীয়ে ছেংগল প্ৰতিষ্ঠা কৰে৷ অৱশ্যে এই ছেংগলক লৈ কম বিতৰ্ক হোৱা নাই? কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আৰু কেন্দ্ৰীয় চৰকাৰে বৰ্ণনা কৰা অনুসৰি এই ৰাজদণ্ড শেষজন ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনে জৱাহৰলাল নেহৰুক ক্ষমতা হস্তান্তৰ কৰাৰ সময়ত হাতত তুলি দিছিল৷ পিছে কংগ্ৰেছৰ মতে এয়া বিজেপিৰ মনেসজা কাহিনী, ইয়াৰ কোনো লিখিত আৰু প্ৰামাণ্য ভিত্তি নাই৷ অৱশ্যে বিজেপিয়ে কংগ্ৰেছৰ দাবী নাকচ কৰি কয় যে কংগ্ৰেছে দেশৰ ঐতিহাসিক ঘৃণা কৰে৷ 

প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ সাংসদ, মন্ত্ৰী, প্ৰায় সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অভ্যাসগতৰ সন্মুখত ভাষণ প্ৰদান কৰি কয় যে, নতুন সংসদ ভৱক লৈ দেশৰ সকলো নাগৰিক গৌৰৱান্বিত হ’ব৷ প্ৰধানমন্ত্ৰীয়ে ভাৰতক গণতন্ত্ৰৰ মাতৃ  বুলিও ভাষণত উল্লেখ কৰে৷ মোদীয়ে কয় যে, এতিয়াৰ পৰা দেশত ঔপনিৱেশিক মানসিকতাৰ শুৰ পৰিব৷ কিয়নো নতুন সংসদ ভৱন হৈছে আত্মনিৰ্ভৰ ভাৰতৰ নিদৰ্শন৷ প্ৰধানমন্ত্ৰীয়ে সংসদ ভৱন উদ্বোধনৰ সৈতে সংগতি ৰাখি দেওবাৰে ৭৫ টকাৰ এটা মুদ্ৰা উন্মোচন কৰে৷ উল্লেখ্য, নতুন সংসদ ভৱনত আছে চাৰিটা মহলা৷ ইয়াৰ তিনিখন দুৱাৰৰ নাম ক্ৰমে জ্ঞান দ্বাৰ, শক্তি দ্বাৰ, আৰু কৰ্মদ্বাৰ৷ নতুন সংসদ ভৱনত আছে ৮৮৯খন আসন৷

ৰাষ্ট্ৰপতিক আমন্ত্ৰণ নকৰাটো দুৰ্ভাগ্যজনকঃ আছা

‘আমাৰ অসম’ৰ চাপৰৰ প্ৰতিবেদনকঃ আজি দেশৰ  নতুনকৈ নিৰ্মাণ কৰা সংসদ ভৱন  উদ্বোধনী  অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক আমন্ত্ৰণ নকৰা বিষয়টোত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা [আছা]ৰ মুখ্য উপদেষ্টা ষ্টিফেন লাক্ৰা, সম্পাদক দেবেন উৰাং আৰু প্ৰচাৰ সম্পাদক বাবুলু মুণ্ডাই আশ্চৰ্য প্ৰকাশ কৰিছে৷ ৰাষ্ট্ৰপতি গৰাকী আদিবাসী সম্প্ৰদায়ৰ হোৱাৰ বাবেই বৃহৎ অনুষ্ঠানটোলৈ বিজেপি নেতৃতাধীন মোদী চৰকাৰখনে নিমন্ত্ৰণ নজনালে বুলি অভিযোগ উত্থাপন কৰিছে সংগঠটোৱে৷ বিজেপিৰ চৰকাৰখনে শোষিত-দলিত- নিষ্পেষিত শ্ৰেণীক গুৰুত্ব আৰু সন্মান যে প্ৰদৰ্শন নকৰে এই কাণ্ডৰ পৰা তেওঁলোকৰ দুমুখীয়া স্থিতি পুনৰবাৰ প্ৰমাণ কৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে নেতা কেইগৰাকীয়ে৷ বিজেপিয়ে ৰাষ্ট্ৰপতিগৰাকীক নামাতি সমগ্ৰ আদিবাসী সমাজখনকে অপমানিত কৰিছে বুলি নেতাত্ৰয়ে ক্ষোভ উজাৰে৷ বিজেপিয়ে সদায় উচ্ছ শ্ৰেণীৰ মস্তিষ্কৰে উঠাবহা কৰে বুলিও নেতাত্ৰয়ে অভিযোগ উত্থাপন কৰিছে৷ যিহেতু ৰাষ্ট্ৰপতিগৰাকী দেশৰ প্ৰথম নাগৰিক গতিকে  তেওঁৰ দ্বাৰাইহে নতুনকৈ নিৰ্মাণ কৰা সংসদ ভৱনটি উদ্বোধন কৰাব লাগিছিল৷ কিন্তু বিজেপিয়ে মাত্ৰ ৰাজনৈতিক কাৰণত প্ৰধানমন্ত্ৰীৰ দ্বাৰা সংসদ ভৱন উদ্বোধন কৰে বুলি অভিযোগ উত্থাপন কৰে আছাই৷

নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানক ধৰ্মীয় ৰূপ দিলেঃ ৰাইজৰ দল

আমাৰ অসম, ২৯ মে’:ভাৰতবৰ্ষৰ নতুন সংসদ ভৱন উদ্বোধনী অনুষ্ঠানত বৈজ্ঞানিক চিন্তাধাৰাক সম্পূৰ্ণ একাষৰীয়া কৰি বিজেপি দলে এটা ধৰ্মীয় অনুষ্ঠানৰ ৰূপ দিব খোজা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে ৰাইজৰ দলে৷ দেওবাৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়– ‘উদ্বোধনী অনুষ্ঠানৰ ৰেহ-ৰূপ দেখি যিকোনো সজাগ, সচেতন, গণতান্ত্ৰিক, সংবেদনশীল আৰু বৈজ্ঞানিক মানসিকতাৰ মানুহে আচৰিত হ’ব৷ কাৰণ এয়া যেন এক ধৰ্মীয় অনুষ্ঠানহে, যি অনুষ্ঠানত দেশৰ সাংবিধানিক মুৰব্বী ৰাষ্ট্ৰপতি উপস্থিত নাই, নাই ৰাজ্যসভাৰ অধ্যক্ষ , নাই বিৰোধী দলৰ নেতৃবৰ্গ৷ উপস্থিত আছে কেৱল বৃহৎ সংখ্যক পুৰোহিত৷ সভাপতিজনে এই অনুষ্ঠানক প্ৰধানমন্ত্ৰী মোদীৰ বাজ অভিষেকৰ সৈতে তুলনা কৰি কয় যে এই অনুষ্ঠানত ধৰ্মীয় আচৰণ আছিল৷ আজিৰ অনুষ্ঠান চাই এনে লাগিছে যেন বিজেপি-আৰএছএছে আধুনিকতালৈ নহয়, দেশ, জাতি আৰু জনগণক মান্ধাতা যুগলৈ লৈ গৈছে৷’ সেয়ে ৰাইজৰ দলে সংবিধান আৰু গণতন্ত্ৰক এনেদৰে হত্যা কৰিব খোজা কাৰ্যক তীব্ৰ গৰিহণা দিছে আৰু সমগ্ৰ ভাৰতবাসীক অহা লোকসভাৰ নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আহ৩ান জনাইছে৷