Logo
image

৪০জনকৈ উগ্ৰপন্থী নিহত মণিপুৰত

আমাৰ অসম, ২৯ মে’: পুনৰ উত্তপ্ত হৈ পৰিছে অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰ৷ মণিপুৰত দেওবাৰে সেনাৰ গুলীত নিহত হয় ৪০জন উগ্ৰপন্থী৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ প্ৰাক মুহূৰ্তত সেনাৰ গুলীত নিহত হয় ৪০ জন উগ্ৰপন্থী৷ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দেওবাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে৷  ৰাজ্যখনৰ বিভিন্ন ঠাইত জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত হোৱা সংঘৰ্ষৰ পাছত সেনাই চলোৱা অভিযানত উগ্ৰপন্থী কেইজন গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰে৷ আনহাতে কেইবাজনো উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰা হয়৷ ইতিমধ্যে চুবুৰীয়া ৰাজ্যখনত ইণ্টাৰনেট ব্যৱহাৰৰ নিষেধাজ্ঞা ৩১ মে’লৈ বৃদ্ধি কৰা হৈছে৷ ৰাজ্যখনৰ শান্তি-শৃংখলা অব্যাহত ৰখাৰ স্বাৰ্থত ঠায়ে ঠায়ে নিশ্চিদ্ৰ তালাচী চলাইছে নিৰাপত্তাৰক্ষীয়ে৷ দেওবাৰে মণিপুৰৰ কেইবাটাও ঠাইত উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ লোকৰ মাজত সংঘৰ্ষ লাগে৷ এনে সংঘৰ্ষত নিহত হয় ৪০ জন উগ্ৰপন্থী৷ নিহতৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷  ৰাজ্যখনত উগ্ৰপন্থী বিৰুদ্ধে সেনাৰ অভিযান অব্যাহত আছে৷ উল্লেখ্য, মণিপুৰৰ মেইতেই সম্প্ৰদায়ে কৰা অনুসূচিত জনজাতিৰ স্বীকৃতিৰ দাবীৰ বিৰুদ্ধে জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত সংঘৰ্ষ লাগে৷ অৱশ্যে দেওবাৰৰ সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষৰ সৈতে মণিপুৰৰ জনজাতীয়-অজনজাতীয় লোকৰ সংঘাতৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ প্ৰাক্‌ক্ষণত মণিপুৰত উপস্থিত হৈছিল সেনা বিভাগৰ মুৰব্বী মনোজ পাণ্ডে৷ প্ৰায় এমাহ ধৰি পৰিস্থিতি বিপৰ্যস্ত হৈ থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া ভ্ৰমণৰ প্ৰাকক্ষণত মণিপুৰত উপস্থিত হয় সেনাৰ মুৰব্বীজন৷ বৃহস্পতিবাৰে মণিপুৰৰ বিষ্ণুপুৰত এটা সংঘৰ্ষত এজন লোক নিহত হোৱাৰ উপৰি কেইবাজনো আহত হৈছিল৷ পূৰ্বে অৰ্থাৎ ২৫ মে’ত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে ঘোষণা কৰিছিল যে মণিপুৰৰ জনজাতীয় আৰু অজনজাতীয় সকলো লোকে ন্যায় পাব৷ উল্লেখ্য, মণিপুৰৰ প্ৰায় ৫৩ শতাংশ লোকেই মেইতেই সম্প্ৰদায়ৰ যিসকল ঘাইকৈ ইম্ফল উপত্যকাত কাম কৰে৷ বাকী নাগা আৰু কুকিসকল বাস কৰে ৰাজ্যখনৰ পাহাৰীয়া জিলাত৷ বিগত ২৫ দিন ধৰি মণিপুৰৰ বিভিন্ন স্থানত কৰ্তন কৰি ৰখা হৈছে ইণ্টাৰনেট সেৱা৷