Logo
image

জি এল পাব্লিকেশ্বনছৰ চৌহদত ধঁপাতবিৰোধী দিৱস

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘৩১ মে’ত বিশ্ব ধঁপাত বিৰোধী দিৱস৷ এইবাৰৰ এই বিশেষ দিনটোৰ  উক্তি হৈছে – ‘আমাক খাদ্য লাগে, ধঁপাত নহয়৷’ সঁচাকৈয়ে ধঁপাত খাদ্য নহয়৷ মানুহে মনৰ সন্তুষ্টিৰ বাবে বিভিন্ন ধৰণে ধঁপাতৰ ব্যৱহাৰ কৰে যদিও খাদ্যৰ যি সূত্ৰ তাৰ ভিতৰত ধঁপাত অন্তৰ্ভুক্ত নহয়৷ ব্যক্তিৰ সাধাৰণ স্বাস্থ্য ৰক্ষাত খাদ্যৰ যি ভূমিকা, ধঁপাতে সেয়া পৰিপূৰ্ণ নকৰে, বৰং সম্পূৰ্ণৰূপে তাৰ ওলোটাটোহে প্ৰতিপন্ন কৰে বুলি তথ্যগতভাৱে প্ৰমাণিত হৈছে – এইদৰে কয় আঞ্চলিক দন্ত মহাবিদ্যালয়ৰ ৰাজ্যিক নডেল বিষয়া ডাঃ ৰুবী কটকীয়ে৷ বুধবাৰে বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে গুৱাহাটীৰ লাচিতনগৰস্থিত জি এল পাব্লিকেশ্বনছৰ চৌহদত অনুষ্ঠিত এক বিনামূলীয়া দন্ত চিকিৎসা শিবিৰত বিশিষ্ট দন্ত চিকিৎসক ডাঃ ৰুবী কটকীয়ে লগতে কয়– ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰকাশিত তালিকাত সমগ্ৰ পৃথিৱীৰ মানুহৰ মৃত্যুৰ সাধাৰণ কাৰণসমূহৰ ৮টা কাৰকৰ ভিতৰত ৬টা কাৰকৰ বাবে জগৰীয়া কেৱল ধঁপাত সেৱন বুলি উল্লেখ কৰিছে৷ শেহতীয়া সমীক্ষা অনুযায়ী এইটো প্ৰতিষ্ঠিত হৈছে যে প্ৰতিবছৰে ৮-৯ লাখ ভাৰতীয় লোকৰ মৃত্যু হয় কেৱল ধঁপাতজনিত ৰোগত৷ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল (চিডিচি)ৰ এটা পৰীক্ষা অনুসৰি ২০৩০ চনৰ ভিতৰত এই মৃত্যুৰ হাৰ দুগুণ হোৱাৰ সম্ভাৱনা আছে৷ বিশ্বৰ ভিতৰতে ভাৰতত মুখৰ কৰ্কট ৰোগৰ সংখ্যা অধিক আৰু মুখগহ্বৰৰ কৰ্কট ৰোগৰ ৯০ শতাংশ ধঁপাতজনিত৷ বিশ্ব স্বাস্থ্য সংস্থাৰ অধীনৰ চেণ্টাৰ ফৰ গ্ল’বেল ট’বেকো প্ৰিভেনচন এণ্ড কণ্ট্ৰ’লৰ এখন প্ৰতিবেদনত কোৱা হৈছে যে ধঁপাত এক নিচাজাতীয় দ্ৰব্য আৰু এই দ্ৰব্য সেৱনৰ ফলত মানৱ শৰীৰত জীৱৰ বিভিন্ন তন্ত্ৰৰ ৰোগৰ সৃষ্টি হয়৷ ‘এই শিবিৰত পৰামৰ্শ আগবঢ়াই ক্ৰমে আঞ্চলিক দন্ত মহাবিদ্যালয় অধ্যক্ষ ডাঃ মিতালী বৰা, বিশেষজ্ঞ চিকিৎসক ডাঃ গীতাৰাণী হাজৰিকা বৰা, ডাঃ যোগেশ্বৰ বৰ্মন, ডাঃ দিলীপ গোস্বামী আদিয়ে৷ এই শিবিৰত জি এল পাব্লিকেশ্বনছৰ প্ৰায় অৰ্ধৰ্শতাধিক কৰ্মচাৰীৰ বিনামূলীয়াকৈ দন্ত পৰীক্ষা কৰা হয়৷ শিবিৰত জি এল পাব্লিকেশ্বনছৰ মহাপ্ৰবন্ধক প্ৰণব কুমাৰ তালুকদাৰ, জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়াৰ লগতে ৮ জন কনিষ্ঠ চিকিৎসক উপস্থিত থাকে৷