Logo
image

নিৰ্বাচনৰ পূৰ্বেই খুলিব ৰাম মন্দিৰৰ দুৱাৰ

‘আমাৰ অসম’, ১ জুনঃ ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বেই দেশত বলিব তুফান ‘ৰাম লহৰ’৷ অযোধ্যাত মুকলি হ’ব ভৱ্য ৰাম মন্দিৰৰ দুৱাৰ৷ গৰ্ভগৃহত প্ৰতিষ্ঠা হ’ব ৰাম লালা৷ এক কথাত ক’বলৈ গ’লে ‘ৰাম কথা’, ‘ৰাম লালা’ তথা ‘ৰাম মন্দিৰ’ৰ মেগা পেকেজলৈ নিৰ্বাচনৰ আগেয়ে ভোটাৰৰ মাজত ভক্তি আৰু আৱেগৰ নৱ প্লাৱন আনিব বিজেপি, আৰ এছ এছ, বিশ্ব হিন্দু পৰিষদ তথা সংঘ পৰিবাৰে৷ ইতিমধ্যে ইয়াৰ ৰূপৰেখাৰ প্ৰস্তুতি  সম্পূৰ্ণ হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছে যে ২০২৪ৰ জানুৱাৰীৰ পূৰ্বেই ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব৷ জানুৱাৰীৰ মধ্যত অৰ্থাৎ মকৰ সংক্ৰান্তিত ৰাম মন্দিৰ উন্মোচন কৰা হ’ব৷ অৰ্থাৎ লোকসভাৰ নিৰ্বাচনৰ ঠিক আগে আগে অযোধ্যাত ৰাম মন্দিৰ মুকলি কৰা হ’ব৷ ৰাম মন্দিৰ উদ্বোধনৰ দিনা দেশত এক নতুন উন্মদনাৰ সৃষ্টি হ’ব৷ বিজেপি তথা জনসংঘৰ ইতিহাসতো নতুন মাইলৰ খুঁটি স্থাপন হ’ব৷ কিয়নো বিগত পাঁচ দশকজুৰি সংঘ পৰিবাৰৰ ৰাম মন্দিৰ নিৰ্মাণ অন্যতম ইছ্যু আছিল৷ সেই স্বপ্ন এতিয়া মোদীৰ আমোলত সাকাৰ হোৱাৰ পথত৷ সেয়েহে ৰাম মন্দিৰ উদ্বোধনক বিজেপিয়ে এক মেগা প্ৰচাৰলৈ ৰূপান্তৰিত কৰি ধৰ্মীয় ভাৱাবেগেৰে সমগ্ৰ দেশকে বিঢৌত কৰাটো এক প্ৰকাৰে স্পষ্ট হৈ পৰিছে৷ বিজেপিৰ সামান্তৰালভাৱে বিশ্ব হিন্দু পৰিষদ তথা বজৰং দলৰ কাৰ্যসূচীতো ইয়াৰ উমান পোৱা গৈছে৷ উত্তৰ প্ৰদেশ প্ৰশাসনৰ সূত্ৰই জনোৱা মতে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰামলালক গৰ্ভগৃহত প্ৰতিষ্ঠা কৰি মন্দিৰ খুলি দিয়া হ’ব৷ ইয়াৰ পাছতো মন্দিৰৰ ওপৰৰ অংশৰ কিছু কাম থকিব যদিও সেয়া ২০২৫ৰ ভিতৰত সম্পূৰ্ণ হৈ যাব৷ উত্তৰ প্ৰদেশৰ মন্ত্ৰী  জিতেন প্ৰসাদে দৈনন্দিন ৰাম মন্দিৰৰ নিৰ্মাণৰ কামৰ তদাৰক কৰি আছে৷ উল্লেখ যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ ৯ বছৰ পূৰ্তি উপলক্ষে দেশজুৰি বিজেপিয়ে গ্ৰহণ কৰা কাৰ্যসূচীত ইয়াৰ স্পষ্ট ছবি প্ৰতিফলিত হৈছে৷ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সোমবাৰে গুৱাহাটীত কেন্দ্ৰৰ মোদী চৰকাৰৰ ৯ বছৰীয়া কাৰ্যকালৰ পাৱাৰ পইণ্ট প্ৰেজেনটেশ্বন প্ৰদৰ্শন কৰি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ প্ৰসংগ বিশেষভাৱে উল্লেখ কৰিছে৷ মন্ত্ৰীজনে চৰকাৰী আন আঁচনি, কাম-কাজৰ লগতে অযোধ্যাত নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হোৱা আটক ধুনীয়া ৰাম মন্দিৰৰ স্থিৰ ছবি বিশেষভাৱে প্ৰেজেনটেশ্বনত দাঙি ধৰি উল্লেখ কৰিছে যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ বিজেপিৰ অন্যতম প্ৰতিশ্ৰুতি আছিল৷ সেয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত৷ ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ৰাম মন্দিৰ মুকলি হ’ব৷ লগে লগে অযোধ্যাৰ ৰাম মন্দিৰ দেশৰ অন্যতম ধৰ্মীয় পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিব৷