Logo
image

মণিপুৰৰ ৰক্তাক্ত সংঘৰ্ষৰ চিবিআই তদন্ত ঘোষণা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ জুনঃ মণিপুৰত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ চিবিআইৰ তদন্তৰ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ মণিপুৰৰ ইম্ফলত বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই ঘোষণা কৰে৷ তেওঁ জনায় যে মণিপুৰত সংঘটিত হিংসাৰ পাঁচটা অপৰাধমূলক ষড়যন্ত্ৰ আৰু এটা  সাধাৰণ ষড়যন্ত্ৰৰ তদন্ত চিবিআয়ে কৰিব৷ ইয়াৰ উপৰি সামগ্ৰিকভাৱে ৰাজ্যখনৰ হিংসাৰ ষড়যন্ত্ৰৰ কাৰণ উলিয়াবৰ বাবে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক লৈ তদন্ত আয়োগ গঠন কৰা হ’ব৷ তদুপৰি হিংসাজৰ্জৰ ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ বাবে ৰাজ্যপালৰ নেতৃত্বত এখন পৃথক কমিটী গঠন কৰাৰ বিষয়ে গৃহমন্ত্ৰীয়ে ঘোষণা কৰে৷ সেই কমিটীত ৰাজ্যখনৰ প্ৰাচীন বাসিন্দা মেইটেই জনগোষ্ঠী, কুকি, জো ইত্যাদি বিভিন্ন গোষ্ঠী-জনগোষ্ঠীৰ প্ৰতিনিধি থাকিব৷