Logo
image

মল্লযোদ্ধাৰ পৰৱৰ্তী পদক্ষেপ কি, প্ৰতিবাদৰ ব্যয়ক লৈও চৰ্চা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ জুনঃ  প্ৰতিবাদ ক্ৰমাৎ বাঢ়িব আৰু অচিৰেই ই দেশজুৰি ধবনিত হ’ব৷ সেই উমান লাহে লাহে শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰেও পাইছে৷ বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ মুজফৰনগৰত শক্তিশালী কৃষক সংগঠনে মহা পঞ্চায়ত অনুষ্ঠিত কৰি ন্যায় লাভ কৰালৈকে নিৰ্যাতনৰ  সন্মুখীন হোৱ দেশৰ মল্লযোদ্ধাৰ পক্ষত থিয় হ’বলৈ সংকল্পবদ্ধ হৈছে৷ মল্লযোদ্ধাৰ আন্দোলনত তেওঁলোক  শেষদিন পৰ্যন্ত থাকিব বুলি বৃহস্পতিবাৰে মুজফৰনগৰত ঘোষণা কৰিছে ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ¸ টিকাইতে৷ আনকি প্ৰয়োজন হ’লে কৃষক সংগঠন ৰাষ্ট্ৰপতিৰ ওচৰলৈকো যাব৷ মুজফৰনগৰৰ মহাপঞ্চায়তৰ শেষত কৃষক নেতা ৰাকেশ টিকাইতে কয়– ‘মল্লযোদ্ধাসকলক আমি এটা কথাই কৈছো, শেষ পৰ্যন্ত আমি তোমালোকৰ কাষত থাকিম৷ ন্যায় নোপোৱালৈকে আমি আঁতৰি নাযাওঁ৷ প্ৰয়োজন হ’লে দেশৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ গৈ ন্যায় বিচাৰিম৷’ তেওঁ জনায় যে  শুকুৰবাৰে পুনৰ হাৰিয়ানাত এখন কৃষক সংগঠনৰ মহাপঞ্চায়ত অনুষ্ঠিত হ’ব৷ সেই মহাপঞ্চায়তত আন্দোলনৰ পৰৱৰ্তী কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷ 
ইপিনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে  ভাৰতীয় মল্লযোদ্ধাৰ আন্দোলনক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু বিশ্বক্ৰীড়াৰ সৰ্বোচ্ছ সংগঠনটোৱে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱা ভাৰতীয় মল্লযোদ্ধাসকলৰ দীঘলীয়া আন্দোলনটো গভীৰভাৱে লক্ষ্য কৰি থকা বুলি প্ৰকাশ কৰিছে৷ আই অ’ চিয়ে প্ৰতিবাদী মহিলা মল্লযোদ্ধাসকলক দিল্লী আৰক্ষীয়ে কৰা ব্যৱহাৰক কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু দিল্লীৰ আৰক্ষীয়ে মহিলা মল্লযোদ্ধাৰ বিৰুদ্ধে কৰা শক্তি প্ৰদৰ্শনক অতি আপত্তিজনক বুলি মন্তব্য কৰিছে৷ অতি কঠোৰ ভাষাৰে প্ৰকাশ কৰা এটা বিবৃতিত আইঅ’চিয়ে কৈছে– ‘এই অভিযোগ উত্থাপন হোৱাৰ পৰাই আমি সম্পূৰ্ণ বিষয়টো গভীৰ আৰু সুক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰি আছোঁ৷ একে সময়তে আমি বিশ্ব ৰেছলিঙৰ সৰ্বোচ্ছ সংস্থা ইউ ডব্লিউ ডব্লিউৰ সৈতেও যোগাযোৰ ৰাখি আছোঁ৷ তেওঁলোকে ইতিমধ্যে প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰিছে৷ আমি দেখাত এই অভিযোগৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ কিন্তু যি গভীৰ অপৰাধমূলক ঘটনাৰ অভিযোগ উঠিছে সেই ক্ষেত্ৰত এতিয়াও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা আমাৰ চকুত পৰা নাই৷ আমি মূলতঃ বিশ্বমানৰ মল্লযোদ্ধাসকলৰ নিৰাপত্তাক লৈ চিন্তিত৷ কিন্তু  আৰক্ষীয়ে তেওঁলোকৰ ক্ষেত্ৰত অপৰাধীৰ দৰে যি ব্যৱহাৰ কৰিছে সেয়া অতি আপত্তিজনক৷ এই অভিযোগৰ অতি দ্ৰুত তদন্ত হোৱা প্ৰয়োজন৷ ইয়াৰ লগে লগে বিষয়টোৰ সামৰণি মৰাও প্ৰয়োজনীয়৷ আমি আশা কৰোঁ ভাৰতীয় আইন অনুসৰি এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব৷  যোৱা এসপ্তাহ ধৰি মল্লযোদ্ধাসকলৰ ক্ষেত্ৰত নিৰাপত্তাবাহিনী আৰু প্ৰশাসনে যি ব্যৱহাৰ কৰিছে সেয়া অতি আপত্তিজনক আৰু বিৰক্তিকৰ৷ বিশ্বমানৰ খেলুৱৈ কেইগৰাকীৰ সৈতে প্ৰশাসন আৰু আৰক্ষীয়ে কৰা ব্যৱহাৰ  পক্ষপাতমূলক হৈছে৷ আমি তেওঁলোকৰ প্ৰতি নিৰপেক্ষ ব্যৱহাৰ বাঞ্ছা কৰোঁ৷ ইপিনে ৰেছলিঙৰ বিশ্বৰ সৰ্বোচ্ছ সংস্থা ইউ ডব্লিউ ডব্লিউৱে ভাৰতীয় ৰেছলিং ফেডাৰেচনক যথোপযুক্ত সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে৷ আই অ’ চিয়ে  ইউ ডব্লিউ ডব্লিউৰ সৈতে ঘনিষ্ঠ যোগাযোগ ৰাখি বিষয়টো পৰ্যৱেক্ষণ কৰি আছে আৰু তেওঁলোকৰ পদক্ষেপক সমৰ্থন জনাই আছে৷ আন্তঃৰাষ্ট্ৰীয় ফেডাৰেচনৰ নীতি-নিয়ম পালন কৰি ভাৰতীয় ফেডাৰেচনে কাম কৰিবই লাগিব৷ সকলো সংগঠন প্ৰকৃততে খেলুৱৈৰ স্বাৰ্থ ৰক্ষাৰ বাবেই গঠন কৰা হয়৷ যদিহে খেলুৱৈয়ে তেওঁলোকৰ সংগঠনৰ বিৰুদ্ধে অভিযোগ তোলে সেয়া অতি গুৰুতৰ বিষয় হৈ পৰে৷ আমি সদায় প্ৰথমে খেলুৱৈৰ সুৰক্ষা চাওঁ৷ খেলুৱৈৰ বাবে গঠন হোৱা সংগঠনৰ সুৰক্ষাতকৈ খেলুৱৈৰ সুৰক্ষা অধিক জৰুৰী৷ ভাৰতৰ মল্লযোদ্ধাসকলে যি অভিযোগ উত্থাপন কৰিছে সেয়া অতি গুৰুতৰ৷ যৌন নিৰ্যাতনৰ অভিযোগ সকলো সংগঠনৰ ক্ষেত্ৰতে সৰ্বাধিক গুৰুতৰ অভিযোগ হিচাপে গণ্য কৰা হয়৷ আই অ’ চিয়েও এই অভিযোগ সহজভাৱে লোৱা নাই৷’ 
ইপিনে যন্তৰ মন্তৰত মল্লযোদ্ধাসকলে কৰা ৩৫ দিনৰ আন্দোলনত লক্ষ লক্ষ টকা ব্যয় হোৱাৰ অভিযোগ উঠিছে৷ সেই টকা ক’ৰ পৰা আহিছিল সেই প্ৰশ্ন উত্থাপন হৈছে৷ মল্লযোদ্ধাসকলে নিজেই সেই ধন ব্যয় কৰিছিল নে তেওঁলোকক আন কোনো ব্যক্তি বা সংগঠনে আৰ্থিকভাৱে সহায় কৰিছিল সেই লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ ৩৫ দিনৰ ধৰ্ণাত ১০ লাখ টকা খৰচ হোৱা বুলি ৱিনেশ ফোগাটৰ স্বামী সোমবীৰ ৰাথীয়ে মন্তব্য কৰিছিল৷ তেওঁৰ মন্তব্যৰ সূত্ৰ ধৰিয়েই এই বিতৰ্ক আৰম্ভ হৈছে৷