Logo
image

স্মাৰ্ট মিটাৰৰ বাবে বহু ৰাজহ বৃদ্ধি, কোনোৱেই আৰু আপত্তি নকৰে!শক্তিমন্ত্ৰী নন্দিতা

‘আমাৰ অসম’, ৩ জুনঃ শাসকীয় বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত পুনৰবাৰ জনতাৰ ওপৰত মাধমাৰ সোধাই বৃদ্ধি কৰা হ’ল বিদ্যুতৰ মাচুল৷ এপিডিচিএলে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ ওপৰত ইন্ধনৰ মূল্যবৃদ্ধিৰ দোহাই দি প্ৰতি ইউনিটত ৩০ পইচাৰ পৰা ৭০ পইচা পৰ্যন্ত অতিৰিক্ত বিদ্যুৎ মাচুল বৃদ্ধি কৰিছে৷ বিদ্যুৎ গ্ৰাহকৰ ক্ষোভ আৰু অসন্তুষ্টিৰ মাজতে পহিলা জুনৰ পৰা বিদ্যুতৰ ফিক্সড চাৰ্জো বৃদ্ধি কৰিছে৷ উৎকত গৰমৰ মাজত এফপিপিপিএ চাৰ্জ বৃদ্ধি কৰাত স্বাভাৱিকভাৱেই গ্ৰাহকক খৰ্গহস্ত কৰি তুলিছে৷ স্মাৰ্ট মিটাৰ সংযোগৰ পাছত অত্যাধিক বিদ্যুতৰ বিল অহাত ৰাজ্যজুৰি জনতাই বিক্ষোভ কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  এপিডিচিএলে সকলো গ্ৰাহকৰে অভিযোগ মীমাংসা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু ৰাইজৰ সেই সমস্যা সমাধান নৌহওঁতেই এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি ইন্ধনৰ মূল্যবৃদ্ধিৰ অজুহাতত বিদ্যুতৰ মাচুল বৃদ্ধি কৰিছে৷ অৱশ্যে বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ নিজৰ অসহায় অৱস্থাৰ কথাহে ব্যক্ত কৰিছে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই৷ বিদ্যুৎ মাচুল বৃদ্ধি কৰিবলৈ এপিডিচিএল বাধ্য বুলি সদৰী কৰি উন্নয়নৰ স্বাৰ্থতহে মাচুল বৃদ্ধি কৰাৰ আজৱ যুক্তিও দাঙি ধৰিছে শক্তিমন্ত্ৰীয়ে৷ বিদ্যুৎ মাচুল বৃদ্ধিৰ সন্দৰ্ভত শুকুৰবাৰে সাংবাদিকৰ আগত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় এইদৰে– ‘এপিডিচিএলে নিজৰ ইচ্ছা মতে বিদ্যুতৰ মাচুল বৃদ্ধি কৰা নাই৷ অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে ধাৰ্য কৰি দিয়া নিৰিখৰ বিপৰীতেহে মাচুল বৃদ্ধি কৰে৷ বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাত ৰাইজৰ অলপমান অসুবিধা হৈছে৷ কিন্তু উন্নয়ন হ’বলৈ হ’লে আমি মাচুল বৃদ্ধি কৰিবলৈ বাধ্য৷ নহ’লে উন্নয়ন কেনেকৈ সম্ভৱ হ’ব৷ ২৩ জুনৰ পৰা এফপিপিপিএ চাৰ্জ ৩০ পইচাকৈ বাঢ়িব৷ এইবাৰ আমাৰ ৰাজহ সংগ্ৰহ ভাল হৈছে৷ ৰাজহৰ হাৰ ২০০ শতাংশ পাইছেগৈ৷ স্মাৰ্ট মিটাৰৰ গ্ৰাহকৰ পৰা বহু ৰাজহ আহিছে৷ মই ভাবো এই লৈ কোনোৱেই আৰু আপত্তি নকৰে৷’ লক্ষণীয়ভাৱে এপিডিচিএলে জাৰি কৰা নিৰ্দেশনা অনুসৰি জীৱন ধাৰাৰ গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ৩০পইচাকৈ মাচুল বৃদ্ধি কৰা হৈছে৷ আনহাতে, অন্যান্য উপভোক্তাৰ বাবে প্ৰতি ইউনিটত বৃদ্ধি কৰা হৈছে ৭০ পইচাকৈ৷ জাননী অনুসৰি ১২০ ইউনিট ব্যৱহাৰ কৰা গ্ৰাহকে প্ৰতি ইউনিটত ৫.২৫টকাকৈ, ১২১-২৪০ ইউনিট ব্যৱহাৰ কৰা উপভোক্তাই ৭.৩০ টকাকৈ আৰু ৫-৩০ কিলোৱাট ব্যৱহাৰ কৰা গ্ৰাহকে দিব লাগিব ৮.১৫ টকাকৈ৷ লগতে বাণিজ্যিক গ্ৰাহকে দিব লাগিব ৮.৬০ টকাকৈ৷ ইফালে ইন্ধনৰ মূল্য বৃদ্ধিৰ নামত অতিৰিক্ত বিদ্য়ুৎ মাচুল জাপি দিয়া কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ‘অল আছাম ইলেক্ট্ৰিচিটী কনজুমাৰ্ছ এছ’চিয়েশ্বনে৷ এছ’চিয়েশ্বনৰ অসম ৰাজ্যিক কমিটীৰ নেতৃত্বই এটা বিবৃতিত কয় যে, আন্তৰ্জাতিক বজাৰত ইন্ধনৰ মূল্য হ্ৰাস পোৱাই নহয় ভাৰতবৰ্ষই ৰাছিয়াৰ পৰা ৰেহাই মূল্যত ইন্ধন ক্ৰয় কৰি বক্ৰ পথেৰে ৰাছিয়াৰ লগত বাণিজ্য বন্ধ কৰি ৰখা দেশবোৰক সেই ইন্ধনকে অধিক দামত বিক্ৰী কৰি আছে৷ কিন্তু এতিয়া ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত অসম চৰকাৰৰ বিদ্য়ুৎ বিতৰণ কোম্পানীয়ে ‘জীৱনধাৰা’ আৰু ঘৰুৱা-এ শ্ৰেণীৰ গ্ৰাহকৰ ওপৰত প্ৰতি ইউনিট বিদ্য়ুতত ৩০ পইচা আৰু আন সকলো শ্ৰেণীৰ গ্ৰাহকৰ ওপৰত ৭০ পইচা এফপিপিপিএ চাৰ্জ জাপি দিয়াটো সম্পূৰ্ণ ৰূপে গ্ৰাহকৰ স্বাৰ্থ বিৰোধী৷ বিদ্য়ুৎ আইন ২০০৩ ৰ ৬১[চি] ধাৰাত গ্ৰাহকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ কথা কোৱা হৈছে৷ কিন্তু তাক ধোৱাচাঙত তুলি বিদ্য়ুৎ বিতৰণ কোম্পানীয়ে ৬২[৪] ধাৰাক কামত লগাই এফপিপিপিএ চাৰ্জ যুক্ত কৰি বিদ্য়ুৎ পৰিসেৱা যোগানৰ সকলো ব্যয় গ্ৰাহকৰ পৰা আদায় কৰাৰ চক্ৰান্তত লিপ্ত হৈছে৷ বিদ্য়ুৎ আইন, ২০০৩ৰ ৬২[৪] ধাৰাৰ গইনা লৈ বিদ্য়ুৎ বিতৰণ কোম্পানীয়ে বছৰটোৰ কেইটামান দিন বাদ দি প্ৰায় গোটেই বছৰত এফপিপিপিএ চাৰ্জৰ নামত গ্ৰাহকৰ পৰা কোটি কোটি টকা সৰকাই আহিছে৷ কিহৰ কাৰণে আৰু ক’ত কি পৰিমাণ ইন্ধনৰ মূল্য বৃদ্ধি ঘটিছে সেয়া প্ৰকাশ নকৰি এই ধৰণে এফপিপিপিএ, ফি’ড চাৰ্জ, প্ৰিপেইড মিটাৰ আদিৰ যোগেদি বিদ্য়ুতৰ মাচুল অস্বাভাৱিক হাৰত বৃদ্ধি কৰি গ্ৰাহকক লুণ্ঠন কৰা কাৰ্য অবিলম্বে বন্ধ কৰক শক্তি বিভাগে৷