Logo
image

চাকৰিত যোগ দিবলৈ গৈ কাৰোবাৰ হাঁহি, কাৰোবাৰ কান্দোন

‘আমাৰ অসম’, ৩ জুনঃ ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জৰিয়তে মেগা নিযুক্তিপত্ৰ প্ৰদানেৰে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা তথা তেওঁলোকৰ পৰিয়াললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷ ইয়াৰ বাবে সকলোৱে হিমন্ত চৰকাৰক ভুৰি ভুৰি প্ৰশাংসা কৰাৰ লগতে সাধুবাদ দিছে৷ কিন্তু এই চৰকাৰী চাকৰিয়ে কাৰোবাৰ মুখত  বিৰিঙাইছে হাঁহি, কাৰোবাৰ ঘৰত উঠিছে হিয়াভৰা কান্দোনৰ ৰোল৷ উদাহৰণস্বৰূপে চৰকাৰৰ মেগা নিযুক্তিৰ মাজতে  লাহোৱালৰ দুটা পৰিয়াললৈ নামি আহিছে চৰম অনিশ্চয়তা৷ বছৰ বছৰ ধৰি এখন চৰকাৰী বিদ্যালয়ত বিনা বেতনে সেৱা আগবঢ়োৱা দুটাকৈ পৰিয়ালত উঠিছে হিয়াভগা কান্দোনৰ ৰোল৷ ভৱিষ্যত জীৱনত আশাহত হৈ পৰা পৰিয়াল দুটা এতিয়া কৰ্মসংস্থাপনহীন হোৱাৰ দিশে গতি কৰিছে৷ এতিয়া না জল না থল অৱস্থা দুৰ্ভগীয়া পৰিয়াল দুটিৰ৷ কাৰণ ৰাজ্য চৰকাৰে শেহতীয়াকৈ নিযুক্তি দিয়া চতুৰ্থ বৰ্গৰ পদত দুই-এদিনৰ ভিতৰতে যোগদান কৰাৰ পিছতে এৰিব লাগিব ইমান বছৰে বিদ্যালয়খনত সেৱা আগবঢ়োৱা অস্থায়ী চাকৰিৰ পদটো৷ ২০০৭ চনৰ পৰা বৰ্তমানলৈকে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ বকুল মধ্য ইংৰাজী আৰু বকুল উচ্ছ মাধ্যমিক বিদ্যালয়ত চকীদাৰ পদত বিনা বেতনেৰে অস্থায়ী ভিত্তিত সেৱা আগবঢ়াইছিল বকুলৰ অৰুন কোঁচ আৰু নৱজ্যোতি বৰুৱা নামৰ দুজন ব্যক্তিয়ে৷ কিন্তু এতিয়া এই দুজন অস্থায়ী কৰ্মচাৰীৰ পৰিয়ালৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা৷ যাৰ বাবে এতিয়া হিয়া-ধাকুৰি কান্দি কান্দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সহায়ৰ আহ৩ান জনাইছে পৰিয়াল দুটিয়ে৷ এয়া মাত্ৰ এটা দুটা উদাহৰণহে মাত্ৰ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এনে ঘটনা ঘটিছে৷ ইফালে, শাৰীৰিক প্ৰতিবন্ধীকে ধৰি বহু মহিলা প্ৰাৰ্থীক চৰকাৰে গৃহ জিলাৰ বাহিৰত অচিন অজান দূৰ-দূৰণিৰ জিলালৈ চাকৰি কৰিবলৈ পঠোৱাত চাকৰি লাভৰ পাছতো তেওঁলোকৰ মাজত হঁহা-কন্দা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নিজৰ ভৰিৰে চলা ফিৰা কৰিব নোৱাৰা মহিলা প্ৰাৰ্থীকো ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰত নিযুক্তি দিয়া হৈছে৷ ফলত প্ৰাৰ্থীৰ সৈতে থাকিবৰ বাবে পৰিয়ালৰ আন লোকে ডিব্ৰুগড়, শিৱসাগৰৰ বা আন স্থানলৈ তাঁতবাটি কৰিবলগীয়া হৈছে৷ সাময়িকভাৱে এনেদৰেই চাকৰিত যোগদান কৰিছে যদিও ভৱিষ্যতে কি হ’ব, সেয়া হয়তো এতিয়াও বহুতৰ বাবে অনি(য়তা৷ একেদৰে এজন বা দুজন প্ৰাৰ্থীৰ প্ৰয়োজন থকা কেতবোৰ চৰকাৰী বিভাগত ২০-২৫জন প্ৰাৰ্থীক যোগদান কৰিবলৈ পঠোৱাত এতিয়া সংশ্লিষ্ট বিভাগীয় বৰমূৰীয়াসকলেও চকুৰে সৰিয়হ ফুল দেখিছে৷