Logo
image

চৰকাৰৰ ৩ কোটি টকা সাহায্যৰে নিৰ্মাণ হ’ব বীৰাংগনা সাধনী

‘আমাৰ অসম’, ৪ জুনঃ  ‘ইতিহাসৰ এক স্বৰ্ণিল অধ্যায়ৰ সাক্ষ্য বহন কৰা চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী ৰাণী তথা মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীৰ ত্যাগ অসমৰ জাতীয় জীৱনৰ এক চিৰস্মৰণীয় অধ্যায়৷ এইগৰাকী মহীয়সী   নাৰীৰ অতুলনীয় স্বদেশপ্ৰেম আৰু আত্মবলিদানৰ অমৰ গাঁথাই যুগে যুগে অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে৷’– কালি গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ প্ৰেক্ষাগৃহত আয়োজিত ‘বীৰাংগনা সাধনী’ শীৰ্ষক চলচ্ছিত্ৰখনৰ শুভ মহুৰত অনুষ্ঠানত অংশ গ্ৰহণ কৰি এইদৰে কয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বীৰাংগনাগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰি কয় যে  সতী সাধনীৰ স্মৃতি যুগমীয়া কৰাৰ মহৎ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে গঠন কৰা চুতীয়া উন্নয়ন পৰিষদে ‘বীৰাংগনা সাধনী’ নামেৰে সতী সাধনীৰ জীৱন আধাৰিত বুৰঞ্জীমূলক চলচ্ছিত্ৰ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয়৷ তেওঁ কয় যে চুতীয়া জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ বাবে অসম চৰকাৰে ঘোষণা কৰা ১৫০ কোটি টকাৰ বিশেষ প্ৰকল্পৰ অধীনত ইতিমধ্যে ৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু এই বিশেষ প্ৰকল্প ৰূপায়ণৰ অংশ হিচাপে বীৰাংগনা সাধনী নামৰ চলচ্ছিত্ৰখন নিৰ্মাণ কৰিবলৈ ব্যৱস্থা হাতত লোৱা হৈছে৷  মুখ্যমন্ত্ৰীয়ে কয় যে অসম চৰকাৰৰ তৰফৰ পৰা বীৰাংগনাগৰাকীৰ স্মৃতিত গোলাঘাট জিলাত অসম চৰকাৰে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ লগতে সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱস বছৰজোৰা কাৰ্যসূচীৰে পালন কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এক শক্তিশালী গণ মাধ্যম হিচাপে চলচ্ছিত্ৰৰ ভূমিকা একক আৰু অনন্য৷ চলচ্ছিত্ৰই ব্যক্তি, সমাজ জীৱন, সংস্কৃতিৰ বিভিন্ন দিশবোৰ তুলি ধৰি ব্যক্তি আৰু সামাজিক সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে৷ প্ৰতিগৰাকী বীৰ-বীৰাংগনাৰ জীৱন কাহিনী আৰু কৰ্মৰাজি আলোকপাত কৰি  ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ অতীত গৌৰৱ তুলি ধৰিবলৈ তেওঁ শিল্পী সমাজক আহ্বান জনায়৷ তেওঁ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই চুতীয়া উন্নয়ন পৰিষদে এই চলচ্ছিত্ৰখন নিৰ্মাণৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে চলচ্ছিত্ৰখনৰ পৰিচালক বিশ্বজিৎ বৰা আৰু তেওঁৰ সহযোগী তথা কলা-কুশলীসকললৈ আন্তৰিক শুভ কামনা জ্ঞাপন কৰে৷ অনুষ্ঠান অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাইও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যৰ কলা-সংস্কৃতি তথা ঐতিহাসিক কীৰ্তিস্তম্ভসমূহক জগত সভাত উজলাই তোলাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে বক্তব্য আগবঢ়ায়৷ আজিৰ এই অনুষ্ঠানত বিধায়ক তৰংগ গগৈ, সুৰেণ ফুকন, বলীন চেতিয়া, সদৌ অসম চুতীয়া জাতি সন্মিলনীৰ সভাপতি অমিয় কুমাৰ বৰা, চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুল কুমাৰ বৰুৱা, অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী, চলচ্ছিত্ৰখনৰ পৰিচালক বিশ্বজিৎ বৰা, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ বৰা, চলচ্ছিত্ৰ নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, যশস্বী শিল্পী প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক শইকীয়া, দীনেশ দাস, যতীন বৰা, মৃদুলা বৰুৱা, অৰুণ হাজৰিকা প্ৰমুখ্যে গণ্য মাণ্য ব্যক্তিসকল উপস্থিত থাকে৷