Logo
image

৩০ জানুৱাৰীত ২ মিনিট থমকি ৰ’ব সমগ্ৰ দেশ

আমাৰ অসম, ২১ জানুৱাৰীঃ অহা ৩০ জানুৱাৰীত মহাত্মা গান্ধীৰ মৃত্যু দিৱসত দুই মিনিটৰ বাবে সমগ্ৰ দেশ থমকি ৰ’ব৷ পূৰ্বৰ পৰাই মহাত্মা গান্ধীৰ মৃত্যু দিৱস শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে৷ এইবাৰ সেই দিনটোত দিনৰ এঘাৰ বজাত দেশৰ সকলোকে দুই মিনিটৰ বাবে নীৰৱতা পালন কৰিবলৈ আৰু সকলোধৰণৰ চলাচল বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ সেই নিৰ্দেশ অনুসৰি এঘাৰ বজাত দেশৰ সকলো নাগৰিক যিয়ে য’তে থাকে তাতে থিয় হৈ দুই মিনিটৰ বাবে নীৰৱতা অবলম্বন কৰি নি(ল হৈ থাকিব লাগিব৷ দহ বাজি ৫৯ মিনিটত এক মিনিট ধৰি ছাইৰেন বজাই এঘাৰ বজাৰ সংকেত দিয়া হ’ব আৰু এঘাৰ বাজি দুই মিনিটত পুনৰ সংকেত দিয়া হ’ব৷ যি অঞ্চলত ছাইৰেনৰ ব্যৱস্থা নাই, তাত আন সংকেত ধবনিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে প্ৰশাসনক৷