Logo
image

জুবিন গাৰ্গ সদায় জনপ্ৰিয় হৈ থাকিবনে?

সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাদেৱৰ পিছতেই এই মুহূৰ্তত যিজন গায়কক সকলো স্তৰৰ অসমীয়াই আঁকোৱালি লৈছে তেঁঁৱেই হৈছে জুবিন গাৰ্গ৷ যাৰ গীতৰ মায়াসনা আৱেশে মুহূৰ্ততে কোনো সংগীতানুস্থান, বিয়াঘৰ, বনভোজ, ভেলাঘৰ নাইবা আড্ডাথলী সকলোতে এটা মায়াময় পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷ যাৰ বিষাদভৰা কণ্ঠৰ গানে দুখৰ অনামী ঢৌ তুলিব পাৰে শ্ৰোতাৰ হৃদয়ত৷ যিজনে কণ্ঠত ভক্তিৰ অতুলনীয় ৰস ঢালি ভকতসকলক আধ্যাত্মিকভাৱত মতলীয়া কৰিব পাৰে৷ ইতিমধ্যে তেওঁ অসমীয়া সংগীত জগতলৈ এনে কেইটামান অপূৰ্ব গীত আগবঢ়াইছে যাৰ আবেদন কোনো দিনেই ম্লান নপৰিব৷ প্ৰশ্ন হ’ল– জুবিন ইমান জনপ্ৰিয় কিয়? কিয় লক্ষ লক্ষজনে তেওঁক ভগৱানৰ শাৰীত থবলৈও কুণ্ঠাবোধ নকৰে? ইয়াৰ উত্তৰ হ’ল এজন গায়কৰ শ্ৰেষ্ঠ সম্পদটোৱেই হ’ল কণ্ঠ৷ সেইফালৰ পৰা জুবিন অতুলনীয়৷ প্ৰয়োজন অনুসৰি গীতৰ শব্দবোৰত তেওঁ অপূৰ্ব ঝংকাৰ তুলিব পাৰে৷ তেওঁৰ গীতৰ সুৰবোৰ এনেকৈ সজায় যেন কোনো দক্ষ ৰাজমিস্ত্ৰীয়ে নিপুণ হাতেৰে গাঁঠি যোৱা ইটাৰ এখন মসৃণ বেৰহে৷ উদাহৰণস্বৰূপে- ভূপেন হাজৰিকাই গোৱা নিয়ৰৰে ফুল, এপাহ ফুলিল –গীতটোৱে জুবিনৰ কণ্ঠ আৰু সুৰৰ হাত ধৰি প্ৰতিটো প্ৰজন্মৰ মাজতে জনপ্ৰিয়তা অৰ্জন কৰিছে৷ যুক্তিৰে বিচাৰ কৰিলে দেখা যায় হাজৰিকাৰ সুৰতকৈ জুবিনৰ কণ্ঠত গীতটোৰ মধুৰতা বেচিকৈ ফুটি উঠিছে৷ জুবিনৰ গীতত শব্দৰ প্ৰয়োগ অতি শক্তিশালী৷ অৰ্থাৎ, নিজেই গীত সৃষ্টি কৰি, সুৰ দি গোৱাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ পাছত তেওঁৰেই স্থান৷ ইয়াত তৰ্কৰ অৱকাশ থাকিলেও অস্বীকাৰ কৰা নাযায়৷ তেওঁ জানে, জনপ্ৰিয় হ’বলৈ অকল নিৰ্দিষ্ট এটা জনসমষ্টিক আকৰ্ষণ কৰিলেই নহ’ব৷ সামগ্ৰিকভাৱে জনপ্ৰিয়তা অৰ্জন কৰিব লাগিব৷ এই তত্ত্বটোকে বুজি নোপোৱাৰ বাবে অপাৰ সম্ভাৱনা বহন কৰিও মহেন্দ্ৰ হাজৰিকা আজি অসমৰ নিৰ্দিষ্টসংখ্যক ৰাইজৰ মাজতহে জনপ্ৰিয়৷ কাৰণ তেওঁৰ গীতবোৰে নৱপ্ৰজন্মক আকৰ্ষণ কৰাত অসফল হৈছে৷ স্বনামধন্য ভূপেন হাজৰিকাৰ গীতবোৰ জাতি আৰু সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে সম্পৰ্ক থকা৷ প্ৰেমৰ গীতবোৰো গভীৰ শব্দ আৰু গহীনতাৰে পূৰ্ণ৷ য’ত মণ্ডপত উপস্থিত থকা সকলৰ বাবে এপাক নচাৰ হাবিয়াস পূৰণ কৰাৰ কোনো অৱকাশ নাই৷ কিন্তু জুবিনে যি ধৰণৰ শব্দ আৰু সুৰেৰে সজোৱা গীতবোৰ অনুষ্ঠানত গায় তাতেই শ্ৰোতাসকল এপাক নাচিবৰ বাবে উত্ৰাৱল হৈ পৰে৷ সাম্প্ৰতিক সময়ত শ্ৰোতাই কেনেধৰণৰ গীত বিচাৰে তাক জুবিনে ভালদৰে জানে আৰু সেইবাবেই জনপ্ৰিয়তাৰ উচ্ছ শিখৰত আৰোহণ কৰিছে জুবিনে৷ কিন্তু কথা হ’ল জনপ্ৰিয়তাৰ আশা নকৰি স্বদেশ-স্বজাতি নাইবা সমাজ সংস্কাৰৰ গীত গাইও হাজৰিকাদেৱে জাতিটোলৈ যি অভূতপূৰ্ব বৰঙণি আগবঢ়াই থৈ গ’ল তাৰ তুলনাত জুবিনৰ বৰঙণি কিঞ্জ সঁচা কথা ক’বলৈ হ’লে জুবিনৰ নিৰ্দিষ্ট কিছুমান গীতৰ বাহিৰে বাকীবোৰ গীতক সন্মানজনক আসনত থব নোৱাৰি৷ অশ্লীল, অশ্ৰাব্য আৰু স্থূল যৌনগন্ধী শব্দৰে গোৱা গীতবোৰে কিশোৰ, যুৱকসকলক মতলীয়া কৰিলেও অসমৰ সংগীত জগতলৈ সাংস্কৃতিক অৱদান একেবাৰে শূন্য৷ আচৰিত কথা, সেই গীতবোৰেই আকৌ চুপাৰহিট বুলি পৰিগণিত হয় আৰু জুবিন হৈ পৰে জনপ্ৰিয়৷ তাতো আহি পৰে জুবিনৰ দৰদী কণ্ঠৰ মায়া৷ এতিয়া প্ৰশ্ন হ’ল, জুবিন সদায় জনপ্ৰিয় গায়ক হৈয়েই থাকি যাব নেকি? মহানায়কলৈ নিজকে উত্তৰণ ঘটোৱাৰ বিশাল সম্ভাৱনাৰ পৰা তেওঁ নিজকে বঞ্চিত কৰি ৰাখিব নেকি? বিপুল জনপ্ৰিয়তা অৰ্জন কৰিও সমাজৰ সম্ভ্ৰম আদায় কৰিব নোৱাৰা মহান অভিনেতা, খেলুৱৈ, ৰাজনৈতিক নেতাৰ গতানুগতিক সমদলটোত তেৱোঁ চামিল হ’ব নেকি? প্ৰশ্নটো এইবাবেই কৰা হৈছে আজি আমাৰ সমাজৰ যুৱ-প্ৰজন্মৰ সৰহখিনিয়েই ধবংসৰ মুখলৈ আগবাঢ়িছে৷ নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰে সেই ধবংসৰ গতিক আৰু অধিক ত্বৰান্বিত কৰি তুলিছে৷ শিষ্টাচাৰহীন শাৰীৰিক ভংগী আৰু অশ্লীল, অশ্ৰাব্য ভাষা বেপৰোৱাভাৱে প্ৰয়োগ কৰে তেওঁলোকে৷ ফলত কলুষিত হৈছে সমাজ৷ জাতিৰ এই সংকট কালত যুৱ-প্ৰজন্মই যদি এনেধৰণৰ মনোভাৱ প্ৰদৰ্শন কৰে তেনেহ’লে জাতিক ৰক্ষা কৰিব কোনে? এওঁলোকক সু-পথ দেখুৱাব কোনে? অসমত আছেনে এনে এজন ব্যক্তি যাৰ আহ্বান যুৱ-প্ৰজন্মই গ্ৰহণ কৰিব? এনেয়ে চালে এইটো এটা অলীক প্ৰশ্ন৷ কিন্তু যুক্তিৰে চালে এটাই নাম মনলৈ আহে সেয়াই হ’ল জুবিন গাৰ্গ৷ ওপৰত উল্লেখ কৰিছো জুবিনক যুৱ-প্ৰজন্মই ভগৱান জ্ঞান কৰে৷ কথাটো জুবিনেও জানে৷ কিন্তু আচৰিত কথা, যুৱ-প্ৰজন্মক সৎ পথলৈ আহিবলৈ আহ্বান কৰি জুবিনে আজিলৈকে এটা শব্দও খৰচ কৰা নাই৷ অথচ জুবিনৰ এটা আহ্বানত হয়তো সলনি হৈ যাব পাৰে সমগ্ৰ দৃশ্যপট৷ আকাশে তাৰ বিশালতা আৰু সাগৰে তাৰ গভীৰতা বুজি নোপোৱাৰ দৰে জুবিনেও হয়তো বুজি পোৱা নাই তেওঁৰ মাজত লুকাই থকা বিপুল সম্ভাৱনাক৷ তেওঁ হয়তো জনপ্ৰিয় হৈ হাজাৰ হাজাৰ শ্ৰোতাক গীতেৰে মতলীয়া কৰাটোকে সফলতা বুলি ভাবিছে৷ তেওঁ হয়তো ভূপেন হাজৰিকাৰে জীৱনৰ পৰা শিকিবলৈ সমৰ্থ হোৱা নাই৷ হাজৰিকাই গীতেৰে জাতিক জ্যোতিৰ পথ দেখুৱাইছিল৷ আজি অসমীয়াই সংগ্ৰাম নকৰিলে অসমতে ভগনীয়া হ’ব বুলি সঁকীয়াইছিল আৰু সংগ্ৰাম কৰিবলৈ উদ্বুদ্ধ কৰিছিল৷ অকল গীতিকাৰ বা সুৰীয়া কণ্ঠৰ গায়ক হিচাপেই নহয় সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিও তেওঁ হৈ পৰিল অসমীয়া জাতিৰ মহানায়ক৷ এতিয়া জুবিনৰ সন্মুখতো সম্ভাৱনাৰ হাতবাউলি৷ এই সম্ভাৱনাক জুবিনে কেনেদৰে গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব জুবিন সদায় জনপ্ৰিয়ই হৈ থাকিব নে জাতীয় মহানায়ক হিচাপে বিভূষিত হ’ব৷ আচলতে সুযোগ কাৰোৰে জীৱনলৈ সোণৰ বঁটা লৈ নাহে৷ সম্ভাৱনাবোৰক সুযোগলৈ পৰিৱৰ্তন কৰি তাক সঠিকভাৱে কামত খটুওৱাজনেই মহানায়ক৷ আমাৰ জাতি আজি দুঃসময়ৰ মাজেৰে আগবাঢ়িছে৷ তাৰ মাজতো ইতিবাচক কাম নোহোৱা নহয়৷ কিন্তু নেতিবাচকৰ ক’লা ধোঁৱাই ইতিবাচক কামবোৰক ঢাকি ৰাখিছে৷ আমি জানো-ধোঁৱা যিমানেই ডাঠ নহওক কিয়, তাৰ পৰিধি যিমানেই বহল নহওক কিয় এসময়ত সি আঁতৰিবলৈ বাধ্য৷ গতিকে আশাবাদী ব্যক্তি হিচাপে আমিও বিশ্বাসী যে অসমৰ আকাশ চানি ধৰা ক’লা ধোঁৱা আঁতৰি যাব আৰু নতুন সুৰুযৰ উদয় হ’ব৷ তাৰ বাবে প্ৰয়োজন হ’ব নিজৰ কৰ্মেৰে সমাজত প্ৰভাৱ পেলোৱা ব্যক্তিসকলৰ ঐকান্তিক প্ৰচেষ্টা৷ এইক্ষেত্ৰত এইমুহূৰ্তত অসমত জুবিনেই একমাত্ৰ যোগ্য ব্যক্তি৷ এনেকুৱা নহয় যে অসমত আৰু যোগ্য ব্যক্তি নাই৷ ড॰ হীৰেন গোঁহাই ছাৰ আছে৷ কিন্তু তেওঁৰ গ্ৰহণযোগ্যতা সাহিত্যৰ লগত সম্পৰ্কিত ব্যক্তিৰ মাজতহে বেচি৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰো যোগ্যতা নথকা নহয়৷  ৰাজনৈতিক ক্ষেত্ৰখনৰ উপৰিও এচাম সাধাৰণ জনতাৰ মাজত তেওঁ প্ৰভাৱ বিস্তাৰ কৰিছে৷ কিন্তু তেওঁৰ আকৰ্ষণ শক্তিৰ বাহিৰত অৱস্থান কৰিছে আন এচামে৷ তেনেকৈ তেওঁক ভালপোৱা আৰু বেয়া পোৱা যুৱ-প্ৰজন্মও দুটা ভাগত বিভক্ত৷ গতিকে ভৰষা কৰা যায় কাকঞ্জ এইক্ষেত্ৰতো তৰ্কাতীতভাৱে আহি পৰে জুবিন গাৰ্গৰ নাম৷ যাৰ সম্পৰ্ক বিশেষ এচাম মানুহৰ লগত নহয়৷ তেওঁৰ গীতৰ তালে তালে ১০-১২ বছৰীয়া ল’ৰাটোৱেও নাচিছে, একেটা গীততে ৮০ বছৰীয়া আইতা গৰাকীয়েও নাচিছে৷