Logo
image

মামা আমাৰ স্কুটী দিয়ক! ভাগিনৰ আব্দাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, মাজুলীৰ প্ৰতিনিধি, ৫ জুনঃ ‘দেহ আত্মা আৰু পৰমাত্মাৰ পৰিচয়েৰে মন স্থিৰ কৰিব পৰাকৈ আধ্যাত্মিক শিক্ষা আহৰণৰ বাবে পঞ্চল্লিশ বছৰৰ অনুধবৰ্ৰ জনজাতীয় মহিলাৰ মাজত আধ্যাত্মিক যুৱ সন্মিলনে যি পদক্ষেপ লৈছে, নিসন্দেহে সেয়া শলাগিবলগীয়া৷ আত্মানুসন্ধানৰ অনন্য প্ৰয়াস হিচাপে আধ্যাত্মিক যুৱ সন্মিলনে প্ৰতিষ্ঠাৰ কালৰে পৰা একেখন মঞ্চতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সুস্থ জীৱন যাপনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে৷ আমাৰ জনজাতীয় লোকসকল অনন্য ধৰ্মবিশ্বাসৰগৰাকী৷ কিন্ত বিভিন্ন সময়ত এই লোকসকল ভিন্ন কাৰণত নিজৰ ধৰ্মৰ পৰা বিছিন্ন হৈ অন্যান্য ধৰ্মৰ প্ৰতি আকৰ্ষিত হোৱা প্ৰত্যক্ষ কৰা হৈছে৷ জনজাতীয় লোকসকলৰ ধৰ্মীয় বিশ্বাসেই হৈছে প্ৰকৃতিৰ লগত সহৱস্থানেৰে জীয়াই থকাৰ এক জীৱনজোৰা সংস্কাৰ৷ এনে অনন্য সুন্দৰ ধৰ্ম বিশ্বাস এৰি থৈ আমি যেতিয়া পশ্চিমৰ ধৰ্ম গ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱা মানে আমি মনত ৰখা উচিত হ’ব যে আমি তেতিয়া আমাৰ সংস্কৃতি আৰু আমাৰ ভৰিৰ তলৰ মাটি হেৰুৱাই পেলাম৷ ‘ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্প মাজুলীৰ জেংৰাইমুখৰ বনমালী ক্ষেত্ৰত ৰ জুনৰপৰা অনুষ্ঠিত আধ্যাত্মিক যুৱ সন্মিলনৰ আজিৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি এইদৰে কয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীজনে বিভিন্নগৰাকী দেৱীৰ তুলনাৰে ভাৰতীয় নাৰীশক্তিৰ বিষয়ে ব্যাখা কৰি উপস্থিত জনজাতীয় মহিলাসকলৰ জৰিয়তে এখন সৰ্বাংগসুন্দৰ সমাজ প্ৰতিষ্ঠাৰ আশা পোষণ কৰে৷ একেদৰে বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যৰ মহিলা সৱলীকৰণৰ বাবে হাতত লোৱা বিভিন্ন উন্নয়নমূলক আঁচনি আদিৰ বিষয়েও সবিস্তাৰে প্ৰকাশ কৰে৷ লক্ষণীয় যে আধ্যাত্মিকতা হৈছে মানৱ জীৱনৰ এক অমূল্য সম্পদ আৰু ইয়াৰ ব্যতিৰেকে মানৱ সমাজ অসাৰ প্ৰতিপন্ন হ’ব৷ এই কথাকে প্ৰতীয়মান কৰি শ-শ মহিলাই মনোযোগ, ধ্যান-ধাৰণাৰ মাজত একাত্ম হৈ একেৰাহে যোৱা তিনিটাকৈ দিন জীৱনৰ সত্য পথৰ অন্বেষণত বুৰ গৈ থাকিল৷ নৱ প্ৰজন্মৰ আত্মানুসন্ধানৰ এক অনন্য যাত্ৰা হিচাপে ২০১০ চনৰ পৰা সমগ্ৰ অসমতে ৪৫ বছৰৰ অনুধবৰ্ৰ যুৱক-যুৱতীৰ আধ্যাত্মিক, নৈতিক, শাৰীৰিক উত্তৰণৰ লক্ষ্যৰে আধ্যাত্মিক যুৱ সন্মিলন চমুকৈ আয়ুসে বিশেষ কৰ্মৰাজি সম্পাদন কৰি আহিছে৷ তাৰেই অংশ হিচাপে জেংৰাইমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ বনমালী ক্ষেত্ৰত ৰ জুনৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে আধ্যাত্মিক যুৱ সন্মিলন-২০২৩ শীৰ্ষক জনজাতি মহিলা আধ্যাত্মিক কৰ্মশালাৰ কাৰ্যসূচী৷ উক্ত কাৰ্য্যসূচীৰ আজি অন্তিম দিনা আধ্যাত্মিক যুৱ সন্মিলনৰ সম্পাদক মন ৰাজগুৰুৱে আঁত ধৰা কাৰ্যসূচীত আদৰণি ভাষণ প্ৰদান কৰি শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীয়ে ২০১০ চনৰ ২৩ এপ্ৰিলত প্ৰতিষ্ঠা পোৱা আধ্যাত্মিক যুৱ সন্মিলন চমুকৈ আয়ুসৰ বিভিন্ন ধৰণৰ কাৰ্যপ্ৰণালী, লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে অৱগত কৰি এক তত্ত্বগধুৰ আৰু মননশীল ভাষণ প্ৰদান কৰে৷ ইয়াৰ পাছতে ‘আধ্যাত্মদ্বীপ’ নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে৷ বিগত চাৰিওটা দিনত দুহেজাৰ তিনিশ জনজাতীয় মহিলাই আধ্যাত্মিক যুৱ সন্মিলনৰ মহিলা সৱলীকৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ কাৰ্যসূচীত সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী প্ৰমুখ্যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, আৰু গ্ৰন্থ উন্মোচক শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মহিলা সৱলীকৰণৰ প্ৰাসংগিকতা সন্দৰ্ভত উপস্থিত দুহেজাৰ তিনিশগৰাকী প্ৰশিক্ষাৰ্থী জনজাতীয় মহিলাৰ সন্মুখত ভাষণ প্ৰদান কৰে৷ সভাত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড’ নীৰোদ বৰুৱা, মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, লক্ষ্মীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মাজুলী সমষ্টিৰ বিধায়ক ভুবন গাম, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে, লক্ষিমপুৰ সমষ্টিৰ বিধায়ক মানব ডেকা, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, মাজুলীৰ উপায়ুক্ত কাবেৰী বি শৰ্মা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ভৈৰৱ দলে, মিচিং স্বায়ত্ত্ব-শাসিত পৰিষদৰ, জেংৰাইমুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নবকুমাৰ গাম, প্ৰাক্তন কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী ৰাজীৱ লোচন পেগুকে মুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখ্য, আধ্যাত্মিক যুব সন্মিলন চমুকৈ ‘আয়ুস’ ৰ জন্ম হয় ২০১০ চনৰ ৩০ এপ্ৰিলত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেবগোস্বামীৰ পৃষ্ঠপোষকতাত৷ অসমৰ বিভিন্ন স্থানত আয়ুসৰ শতাধিক শাখা সমিতি গঠন হৈছে৷ আয়ুসৰ  উদ্দেশ্যে, সনাতন পৰম্পৰাৰ শ্বাশ্বত জ্ঞানৰাশিৰে সঞ্জীৱিত কৰি নতুন প্ৰজন্মক দেশ জাতিৰ সম্পদ ৰূপে গঢ়ি তোলা৷ সনাতন ধৰ্ম পৰম্পৰাৰ শৈৱ, শাক্ত, গাণপত্য আৰু বৈষ্ণৱ সকলো ধৰ্মৰ ৪৫ বছৰৰ তলৰ যুৱক-যুৱতীয়ে স্বগুৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি আয়ুসৰ সদস্য হব পাৰিব৷ পৰ্যায়ক্ৰমে এই সদস্যসকল শাৰীৰিক,  নৈতিক , সাংস্কৃতিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদান কৰা হৈছে চাৰিদিনীয়াকৈ আৱাসিক কৰ্মশালাৰ যোগেদি৷ বৰ্তমানলৈকে অসমৰ বিভিন্ন জিলাত তথা গুৱাহাটী বিশ্ববিদ্যালসহ মুঠ ১৯ খনকৈ চাৰিদিনীয়া আবাসিক কৰ্মশালা সম্পাদন কৰা হৈছে৷  প্ৰতিষ্ঠা কালৰ পৰা আয়ুসৰ সভাপতি ৰূপে আছে সত্ৰাধিকাৰ ননী গোপাল গোস্বামী৷ মন ৰাজগুৰুৱে সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷  আয়ুসৰ যাত্ৰা পথত বৰ্তমানলৈকে প্ৰায় ৩০ হাজাৰ যুৱক-যুৱতীক এই প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ প্ৰশিক্ষণ কালত ব্ৰহ্ম বন্দনা, যোগ-প্ৰাণায়াম,  ধ্যান-ধাৰণা,  নৈতিক শিক্ষা, আধ্যাত্মিক শিক্ষা,  গীতাৰ আধ্যাত্ম দৰ্শন, সাংস্কৃতিক শিক্ষা আদি প্ৰদান কৰা হৈছে বিভিন্নজন সমল ব্যক্তিৰ দ্বাৰা৷  অৱশ্যে এই বাৰৰ কৰ্মশালাত ‘স্বাস্থ্যই পৰম ধন’ শিতানত সমল চিকিৎসকৰ দ্বাৰা জনজাতীয় মহিলাৰ স্বাস্থ্যজনিত সমস্যা আৰু সমাধান আৰু জনজাতীয় এলেকাত সঘনাই দেখা দিয়া স্বাস্থ্য জনিত সমস্যা আৰু সমাধান শীৰ্ষক দুটা পাঠদানৰ ব্যৱস্থা কৰা হৈছে৷ আয়ুসৰ যাত্ৰা পথক নামকৰণ কৰা হৈছে-‘আত্মানুসন্ধানৰ এক অনন্য যাত্ৰা’  বুলি৷ আয়ুসৰ সাধনা হল এক কথাত নিজক উপলব্ধি কৰাৰ৷ ব্যক্তিৰ আত্ম পৰিচয় হলেহে বিশ্ব পৰিচয় সম্ভৱ হয়৷ যিজনে নিজকেই চিনি নাপায় তেনজনে কি দেশ জাতিক চিনিব পাৰিব৷ সেয়ে আয়ুসৰ বিশ্বাস হল আত্মদৰ্শনৰ৷ আয়ুসে ২০২৩ বৰ্ষ উদযাপন কৰিছে মহিলা সৱলীকৰণ বৰ্ষ ৰূপে৷এই কাৰ্যসূচীৰে মাজুলীৰ জেংৰাইমুখত অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিলে দুহাজাৰ জনজাতীয় মহিলাৰ কৰ্মশালাৰ৷ ইফালে,  আধ্যাত্মিক যুৱ সন্মিলনলৈ অহা মুখ্যমন্ত্ৰীক চাবলৈ বহু লোক সমবেত হয় ফুলনি হাইস্কুল খেলপথাৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা হেলিপেডৰ কাষত৷ ‘মামা’ক কাষত পাই আনন্দত উত্ৰাৱল হৈ পৰে বহু ‘ভাগিন’৷ একাংশ ভাগিনৰ আব্দাৰ– মামা আমাৰ স্কুটী দিয়ক৷ একাংশ ভাগিনে আকৌ এই বুলি ক’লে– মামা আমাক স্কুটী নালাগে স্কুটী নালাগে, বুলেট দিয়ক৷ ল’ৰাবোৰে বুলেট খোজাৰ লগে লগে মামাক দাবী জনালে ভাগিনীসকলেও– মামা, কেৱল ল’ৰাক বুলেট দিলেই নহ’ব, আমাকো লাগিব৷ আজিকালি ল’ৰা-ছোৱালী বুলি কোনো কথা নাই৷ ল’ৰাক বুলেট দিলে আমাকো বুলেট দিব লাগিব৷ মামাই ভাগিনসকললৈ চাই হাঁহি হাঁহি হাত জোকাৰি আতৰি যায়৷