Logo
image

সীমান্তত ৰক্তাক্ত পৰিৱেশ

‘আমাৰ অসম’, ৬ জুনঃ অসম-অৰুণাচল প্ৰদেশ সীমান্তবৰ্ত্তী ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰী কেঁচাই খাটনিত সীমাক লৈ সীমামূৰীয়া দুয়োখন ৰাজ্যৰ বাসীন্দাৰ মাজত পুনৰ ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই ৰক্তাক্ত পৰিস্থিতিত অসমৰ দুগৰাকী লোক নিহত আৰু দুগৰাকী লোক গুৰুতৰভাৱে আহত হ’বলগা হয়৷ তদুপৰি অৰুণাচলী দুৰ্বৃত্তই অসমৰ তিনিগৰাকী লোকক অপহৰণ কৰি নিছে৷ ঘটনাৰ বিৱৰণী মতে গোগামুখ ৰাজহ চক্ৰ তথা গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰীৰ কেঁচাই খাটনিত পাণবাৰী সীমান্ত ভূমি সুৰক্ষা সমিতিৰ ৩০-৪০ জনীয়া সদস্যৰ দলে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পুৱা প্ৰায় ১০ বজাত উপস্থিত হৈ গছপুলি ৰোপণৰ কাৰ্যসূচী  ৰূপায়ণ কৰি আছিল৷ কিন্তু এনে সময়তে অৰুণাচল প্ৰদেশৰ নামনি চিয়াং জিলাৰ নাৰি আৰক্ষী থানা তথা কংকুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলনী গাল গাঁৱৰ জাক জাক অৰুণাচলী পুৰুষ-মহিলাই হাতে হাতে বন্দুক, দা, কুঠাৰ লৈ পথব্ৰজে আহি গছপুলি ৰোপণ কাৰ্যসূচী বাধা দিবলৈ ওলাই আহে৷ ঠিক একে সময়তে হাতে হাতে বন্দুক লৈ আন এটা অৰুণাচলী ১০-১৫ জনীয়া দুৰ্বৃত্তৰ দলে গছপুলি ৰোপণ স্থলীত এখন বলেৰ’ গাড়ী লৈ উপস্থিত হৈ আৰু সীমান্ত ভূমি সুৰক্ষা সমিতি তথা অসমৰ লোক সকলৰ ওপৰত বন্য উল্লাহেৰে যধে-মধে গুলী চলাবলৈ ধৰে৷ কিংকৰ্তব্য বিমূঢ় হৈ ভূমি সুৰক্ষা সমিতিৰ সদস্যসকল প্ৰাণৰ ভয়ত পলাবলৈ ধৰে৷ কিন্তু তাৰ আগতে অৰুণাচলী দুৰ্বৃত্তৰ গুলীত মৃত্যুক সাৱতি লৈ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰামপুৰ চুতীয়াকাৰী গাঁৱৰ বগা চুতীয়াই৷ ঘটনাস্থলীত গুৰুতৰ বাবে আহত মনিটুৰ গগৈক ধেমাজি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও ধেমাজি অসামৰিক চিকিৎসালয়ত মনিটুৰ গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰামপুৰৰ কমলপুৰ গাঁৱৰ বাসীন্দা মনিটুৰৰ বুকুত গুলী লগাৰ বিপৰীতে বগা চুতীয়াৰ মূৰৰ সোঁফালে গুলি লাগি মৃত্যু হৈছে৷ অৰুণাচলী দুৰ্বৃত্তৰ গুলীত গুৰুতৰ বাবে আহত হৈ মৃত্যুৰ সৈতে যুঁজ দি আছে গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰামপুৰ কমলপুৰ গাঁৱৰ নিৱাসী অকণি গোঁহাই আৰু পুষ্প গগৈয়ে৷ অৰুণাচলী দুৰ্বৃত্তই আন তিনিগৰাকী অসমৰ লোকক অপহৰণ কৰি নিয়া বুলি জানিব পৰা গৈছে যদিও এই বাতৰি যুগুত কৰা সময়লৈকে অপহৃত ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য লাভ কৰিব পৰা নাই৷ উল্লেখ্য যে, ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰৰ পাণবাৰী কেঁচাই খাটনিৰ ভূমি তথা সীমাক লৈ দীৰ্ঘদিনে অসম-অৰুণাচল প্ৰদেশৰ সীমামুৰীয়া উক্ত অঞ্চলৰ লোকৰ মাজত সংঘাত চলি আছে৷ একাংশ অৰুণাচলীয়ে অসমৰ এক সুবিশাল ভূমি বে-দখল কৰি দীৰ্ঘদিনে বিভিন্ন ধৰণৰ খেতি কৰি আহিছে৷ অৰুণাচল প্ৰদেশৰ প্ৰশাসনৰ প্ৰত্যক্ষ সহযোগত অৰুণাচলী দুৰ্বৃত্তই অসমৰ সীমামুৰীয়া ৰাইজক ভয়-ভাবুকি দি এই সুবিশাল ভূমি বে-দখল কৰাই নহয় সীমান্তবাসী অসমৰ লোকে কৰা খেতিসমূহ জ্বলাই ছাৰখাৰ কৰাৰ লগতে অসম চৰকাৰৰ বন বিভাগে ৰোপণ কৰা মূল্যৱান হেজাৰ হেজাৰ গছ-গছনি কাটি তহিলং কৰি আহিছে৷ ইয়াৰ বিপৰীতে উক্ত সুবিশাল ভূমিক লৈ অসম চৰকাৰ আৰু ধেমাজি জিলা প্ৰশাসনে নৰম সৃষ্টি গ্ৰহণ কৰি আহিছে৷ যিটোক কেন্দ্ৰ কৰি অসমৰ সীমামুৰীয়া বাসীন্দা সকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি আহিছে৷ আজি অৰুণাচলী দুৰ্বৃত্তই অসম চৰকাৰৰ প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি পূৰ্ব পৰিকল্পিতভাৱে অসমৰ সীমামুৰীয়া বাসীন্দাক সম্পূৰ্ণ দানবীয় কায়দাৰে অতি বৰ্বৰ তথা নৃশংসতাৰে যধে-মধে গুলী চলাই আক্ৰমণটো সংঘটিত কৰিছিল৷  স্থানীয় ৰাইজে অভিযোগ কৰা মতে পূৰ্বে অৰুণাচল প্ৰদেশৰ চিলনী গাল গাঁৱত দুুই তিনিটা পৰিয়ালৰ হাততহে বন্দুক আছিল৷ কিন্তু এতিয়া চিলনি গাল গাঁৱৰ প্ৰায়বোৰ পৰিয়ালতে বন্দুক মজুত থকা বুলি অভিযোগ উত্থাপন হৈছে৷  চিলনী গাল গাঁৱৰ গাঁওবুঢ়াৰ নেতৃত্বতে এই বন্দুকবোৰ লাভ কৰিছে৷ আনকি আজিৰ বৰ্বৰ আক্ৰমণৰ ঘটনাটো চিলনী গাল গাঁৱৰ তথাকথিত গাঁওবুঢ়া গৰাকীৰ প্ৰত্যক্ষ উচতনিত সংঘটিত কৰাৰ অভিযোগ উঠিছে৷  বৰ্তমান ঘটনাস্থলীত ধেমাজি জিলাৰ বিশাল আৰক্ষী বাহিনী আৰু প্ৰশাসনিক বিষয়াসকল উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰি আছে যদিও অৰুণাচলী দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ কোনো প্ৰচেষ্টা চলোৱা দেখা নাই৷ সম্প্ৰতি সমগ্ৰ অঞ্চলটো তীব্ৰ উত্তেজনাই বিৰাজ কৰি আছে৷