Logo
image

‘বৃক্ষছায়া’ৰ কথা কোৱা দৈমাৰীৰ ঘৰ-অফিচতেই চলি থাকে এক ডজন এচি

‘আমাৰ অসম’, ৮জুনঃ অভাৱনীয় হাৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ ফলত দুৰ্ভোগৰ সন্মুখীন হোৱা ৰাজ্যবাসীক বৃক্ষছায়াত থাকি বিদ্যুৎ বিল কমাবলৈ পৰামৰ্শ দিয়া অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘৰে-অফিচে চলি আছে এক ডজন এচি৷ যেন কৰবাত কথা আৰু কামৰ নাই তালমিল৷ বিধানসভাৰ চৌহদৰ অধ্যক্ষৰ মূল কাৰ্যালয় কক্ষ, কনফাৰেন্স ৰূমতে সংলগ্ন হৈ আছে ৬টাকৈ মিটছুবিছি কোম্পানীৰ  দুই টনকৈ শক্তিসম্পন্ন এচি৷ অসম বিধানসভাৰ চৌহদত পূৰ্বৰে পৰা অফিচৰ কক্ষৰ কাষতে বিধানসভাৰ মূল কক্ষৰ ঠিক সন্মুখতে অধ্যক্ষ     বিশ্বজিৎ দৈমাৰীয়ে শেহতীয়াকৈ নতুনকৈ নিৰ্মাণ কৰিছে তেওঁৰ বাবে আৰু এটা বিশেষ বাতানুকুল কোঠা৷ বিধানসভাৰ গোপীনাথ বৰদলৈ ভৱনতো পূৰ্বৰ পৰাই আছে অধ্যক্ষৰ বাবে আন এটা বিশেষ অফিচকক্ষ৷ সেই কক্ষতো সংলগ্ন হৈ আছে অতিৰিক্ত কেইবাটাও এচি৷ কেৱল ইমানেই নহয়স অসম বিধানসভাৰ অধ্যক্ষৰ বাসভৱনো কেন্দ্ৰীয়ভাৱে বাতানুকুল৷ বিলাসী বাতানুকুল গাড়ীৰ পৰা নামি তেওঁ পোনে পোনে শীত তাপ নিয়ন্ত্ৰিত কাৰ্যালয় কক্ষ বা চৰকাৰী বাসভৱনত প্ৰৱেশ কৰে৷ লক্ষণীয় যে অসম বিধানসভাৰ অধ্যক্ষৰ পদমৰ্যদা অনুসৰি এই সকলো সুবিধা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিনামূল্যে লাভ কৰে৷ অসম বিধানসভাৰ অধ্যক্ষৰ কোঠাতে যে কেৱল এচি সংলগ্ন হৈ আছে এনে নহয়, অসম বিধানসভাৰ মূল চৌহদত প্ৰায় ১২০০ এচি তথা সমান্তৰালভাৱে কেইবা হাজাৰ ফেন-লাইটৰ সংযোগ হৈ আছে৷ বিধানসভাৰ চৌহদৰ ৪ টা ব্লকৰ ১৬ টাতে প্ৰতিটো কক্ষত বিষয়া-কৰ্মচাৰীৰ বাবে আছে বাতানুকুল সুকীয়া কক্ষৰ ব্যৱস্থা৷ মুখ্যমন্ত্ৰীকে ধৰি প্ৰতিজন মন্ত্ৰী, বিধানসভাৰ সমিতিৰ অধ্যক্ষ তথা ৰাজনৈতিক দলসমূহৰ কক্ষ, চেণ্টেল হল আদিও সম্পূৰ্ণ বাতানুকুল৷ আচৰিত যেন লাগিলেও সঁচা, কোনো মানুহ নাথাকিলেও প্ৰায় ২৪ ঘণ্টাই এই এচি-ফেনসমূহ চলি থাকে৷ তাৎপৰ্যপূৰ্ণ এয়াই, বিধানসভাৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে থকা সুৰক্ষা কৰ্মীৰ ৰূমো বাতানুকুল৷ অসম বিধানসভাৰ চৌহদত থকা বিধায়ক আবাসতো সংলগ্ন হৈ আছে কেইবা হাজাৰ এচি৷ একেদৰে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ অধীনত থকা ৰাজ্যৰ মন্ত্ৰীসকলৰ প্ৰাসাদোপম বাসগৃহতো সংলগ্ন হৈ আছে কেন্দ্ৰীয় শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থা৷ এনে পৰিস্থিতিত স্বাভাৱিকতে বিধানসভাৰ অধ্যক্ষই বিদ্যুৎ ৰেহাইৰ বাবে ৰাইজক দিয়া পৰামৰ্শ এক প্ৰকাৰে মস্কৰাত পৰিণত হৈছে৷ উল্লেখ্য যে দিন ছেৰেক পূৰ্বে বিদ্যুৎ মাছুল বৃদ্ধিৰ দৰে সমস্যাৰ পৰা হাত সাৰিবলৈ অধ্যক্ষ দৈমাৰীয়ে ৰাইজক ফেনৰ বতাহ লোৱাৰ পৰিৱৰ্তে গছৰ তলত থাকিবলৈ পৰামৰ্শ দিছিল৷ ইয়াৰ বাবে নিজকে সাজু কৰি তুলিবলৈ কৈছিল অধ্যক্ষ দৈমাৰীয়ে৷ উৎকট গ্ৰীষ্ম প্ৰবাহৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে বিদ্যুৎ সংকট৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন এটা নিয়মীয়া ঘটনাত পৰিণত হৈছে৷ জল সংকট, উৎকট গ্ৰীষ্ম প্ৰবাহ আৰু বিদ্যুৎ কৰ্তনৰ দৰে সমস্যাই জুৰুলা কৰা ৰাজ্যবাসীৰ ওপৰত চৰকাৰে জাপি দিছে বিদ্যুৎ মাছুল বৃদ্ধিৰ দৰে জন বিৰোধী সিদ্ধান্ত৷ প্ৰতি ইউনিটত ৩০ৰ পৰা ৭০ পইচালৈ বিদ্যুৎ মাছুল বৃদ্ধিৰ সিদ্ধান্ত লৈ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে ৰাজ্যবাসী৷ অথচ নিৰ্বাচনৰ সময়ত বিনামূলীয়া বিদ্যুতৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি দলে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সৈতে ফেৰ মাৰিবলৈ গৈ অসমতো বিনামূলীয়া বিদ্যুৎ দিয়াৰ কথা বিজেপি দলে কৈছিল যদিও সেয়া আজি পাহৰণিৰ গৰ্ভত৷ ইয়াৰ বিপৰীতে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰাবাহিকভাৱে বৃদ্ধি কৰি গৈয়ে আছে বিদ্যুৎ মাছুল৷ নানা অজুহাতত চৰকাৰখনে বিদ্যুৎ গ্ৰাহকৰ ওপৰত জাপি দি আছে বদ্ধিৰ্ত মাছুলৰ বোজা৷ ভূতৰ ওপৰত দানব পৰা দি স্মাৰ্ট মিটাৰৰ বাধ্যতামূলক ব্যৱহাৰ কৰিবলৈ দিয়াৰ ফলত বিদ্যুৎ বিল অভাবনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ এনে সময়তে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুতৰ বদ্ধিৰ্ত বিল হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্যবাসীক দিয়ে এক উদ্ভত পৰামৰ্শ৷ অধ্যক্ষ দৈমাৰীয়ে কয়–‘বিদ্যুতৰ উৎপাদন কিমান, কিমান বিদ্যুৎ আমি কিনিব লাগে সেই বিলাকৰ ওপৰত নিৰ্ভৰ কৰি মাছুল বৃদ্ধি হৈ থাকে৷ যদি বিদ্যুৎ মাচুল বাঢ়িছে তেন্তে কমকৈ ব্যৱহাৰ কৰিলে হ’ল৷ ফেন নচলাব৷ গছৰ তলত থাকিব৷ তেতিয়া খৰচ কমি যাব৷ চৰকাৰৰো উপায় নাই৷ চৰকাৰেও কোম্পানীৰ পৰা বিদ্যুৎ কিনিছে৷ কোম্পানীৰ নিৰিখ যদি বাঢ়িছে তেন্তে চৰকাৰে মানুহৰ পৰাই ল’ব লাগিব৷ চৰকাৰৰ নিজা পুঁজিৰ কোনো উৎস নাই নহয়৷ এই বিলাকক লৈ ইছ্যু কৰি থাকিব নালাগে৷ বিদ্যুৎ মাছুল যিয়ে নহওক, আমি সেই মাছুল পৰিশোধ কৰি ইয়াক উপযুক্তভাৱে ব্যৱহাৰ কৰিব লাগিব৷ ইয়াৰ বাবে নিজকে সক্ষম কৰি তুলিব লাগিব৷’ স্বাভাৱিকতে অধ্যক্ষ দৈমাৰীৰ ভাষ্যই জ্বলা জুইত ঘিউ ঢালিছে৷ অৱশ্যে ইয়াৰ পাছতো নিজৰ যুক্তিত অটল আছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী৷ আজি পুনৰ তেওঁ কয় যে বিদ্যুৎ ৰেহাইৰ বাবে তেওঁৰ পৰামৰ্শ ইউনিভাৰৰ্ছেল ট্ৰুথ৷ তেওঁ কয় – মই ‘ট্ৰাইবেল মানুহ৷ যুক্তি বুজি নাপাওঁ৷ মোৰ কথাটোক লৈ আলোচনা হৈছে বৰ ভাল হৈছে৷’