Logo
image

পুৰণিগুদামত শোকাৱহ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

ডিজিটেল সংবাদ, পুৰণিগুদামঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ চলচলি ৰামটিলাআটি গাঁৱৰ ননৈ দলঙৰ সমীপত বৃহস্পতিবাৰে বিয়লি হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত নৃপেন গায়ন (জোন) (৪৭) নামৰ এজন লোকৰ মৃত্যু হয়। পেছাত এজন ক্ষুদ্ৰ ব্যৱসায়ী গায়নে ব্যৱসায়ৰ কামত নিজৰ বাইকত চাপানালা দিশে গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী মটৰ চাইকেলে নৃপেন গায়নক বাইকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে৷ ফলত নৃপেন গায়নৰ থিতাতে মৃত্যু হয়। ঘটনাৰ খবৰ পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মটৰ চাইকেল দুখন উদ্ধাৰ কৰাৰ লগতে নৃপেন গায়নৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে নৃপেন গায়নক খুন্দা মৰাৰ বাইকখনৰ আৰোহী দুজন গুৰুতৰভাৱে আহত হোৱাত তেওঁলোকক নগাঁও মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হয়। উল্লেখ্য যে দুৰ্ঘটনাত অকালতে মৃত্যুক সাৱটি লোৱা নৃপেন গায়নৰ ঘৰ পুৰণিগুদামৰ সমীপৱৰ্তী মুঢ়ানী গাঁৱত। সমাজকৰ্মী আৰু অতি কষ্টৰে জীৱন নিৰ্বাহ কৰা নৃপেন গায়নৰ পত্নী, এগৰাকী জীয়াৰী আৰু এজন পুত্ৰ আছে। তেওঁৰ মৃত্যুত বৃহত্তৰ পুৰণিগুদাম অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে।