Logo
image

চৰকাৰী বিভাগসমূহৰ মাজতেই সাযুজ্য নাই

‘আমাৰ অসম’, ৯ জুনঃ  ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰ৷ কিন্তু কংক্ৰিটৰ গুৱাহাটী মহানগৰ এতিয়া যেন ক্ষত-বিক্ষত!উন্নয়ন আৰু নিৰ্মাণৰ নামতেই মহানগৰীৰ ৰাজপথৰ বক্ষ খান্দি মৰণফান্দৰ ৰূপ দিয়া হৈছে৷ যাৰ কৰুণ পৰিণতি ভোগ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে৷ এক কথাত চৰকাৰ-প্ৰশাসনৰ চৰম উদাসীনতা আৰু দায়িত্বহীনতাৰ বাবেই গুৱাহাটীৰ ৰাজপথ সৰ্বসাধাৰণ যাত্ৰী তথা পথচাৰীৰ দৈনন্দিন জীৱন বিপজ্জনক কৰি তুলিছে৷ বহনক্ষম উন্নয়নৰে গুৱাহাটীক দেশৰ আগশাৰীৰ মহানগৰৰ ৰূপ দিয়াৰ বাবে বিভিন্ন  প্ৰকল্প হাতত লোৱা দেখা গৈছে৷ ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি ৰাজপথসমূহ নিৰ্মাণ তথা সৌন্দৰ্যবৰ্ধন কৰা হৈছে৷ লোক নিৰ্মাণ বিভাগে কংক্ৰিটৰ ৰাজপথৰ পকীকৰণৰ কাম সম্পূৰ্ণ কৰাৰ পিছমুহূৰ্ততেই আন আন প্ৰকল্পৰ বাবে বিভাগীয় ঠিকাদাৰে পুনৰ নৱনিৰ্মিত পথ খান্দি পেলোৱাও দেখা গৈছে৷ বিশেষকৈ জলব’ৰ্ডৰ অধীনত খোৱাপানী প্ৰকল্পৰ পাইপ পোতাৰ নামত পথ-উপপথসমূহত গাঁত খান্দি এক প্ৰকাৰ পুখুৰী সদৃশ ৰূপ দিয়াও মহানগৰীত সুলভ দৃশ্যত পৰিণত হৈছে৷ জাইকা, ৱল্ডৰ্ বেংক আদিৰ প্ৰতিষ্ঠানৰ অৰ্থ সাহায্যৰে নিৰ্মীয়মান খোৱাপানীৰ প্ৰকল্পৰ পাইপ পোতাৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠানে ৰাজপথক মৰণফান্দলৈ পৰিণত কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ তদুপৰি বিভিন্ন টেলিকম প্ৰতিষ্ঠানে দূৰ সংযোগৰ কেবল পোতাৰ বাবে ৰাজপথত গাঁত খন্দাই নহয়, শক্তি বিভাগেও ৩২ কে ভি বিদ্যুৎ লাইনৰ বাবে গাঁত খান্দি পথৰ অৱস্থা তথৈৱচ কৰি আহিছে৷ উন্নয়নৰ স্বাৰ্থত পথ খান্দি পাইপ বা কেবল পোতাত কোনেও বাধা নিদিয়ে যদিও ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে এবাৰ পথত গাঁত খান্দি মাহৰ পাছত মাহ উক্ত গাঁতসমূহ প্ৰয়োজনীয় পথ সুৰক্ষা ব্যৱস্থা অবিহনে উন্মুক্ত কৰি ৰখাটো পথচাৰী তথা সাধাৰণ যাত্ৰীৰ বাবে মৃত্যুৰ কাৰক হৈ পৰিছে৷ নিয়ম অনুসৰি পথত গাঁত খন্দাৰ বাবে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে জিলা প্ৰশাসন, আৰক্ষী, পৰিবহণ বিভাগ, জি এম চি, জিএমডিএকে ধৰি  সংশ্লিষ্ট  কতৃৰ্পক্ষৰ পৰা আগতীয়াকৈ অনুমতি ল’ব লাগে৷ এই অনুমতি লৈ ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্দিষ্ট কামৰ বাবে পথত গাঁত খান্দিব পাৰে যদিও কোনো কাৰণতে উক্ত গাঁতসমূহ ২১ দিনতকৈ অধিক সময় উন্মুক্ত কৰি ৰাখিব নোৱাৰে৷ অৰ্থাৎ ২১ দিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰি গাঁতসমূহ পুনৰ পুতি পেলোৱাৰ লগতে পকীপথৰ খন্দা অংশ পুনৰ মেৰামতি কৰাটোও বাধ্যতামূলক৷ তদুপৰি পথত এনেধৰণৰ গাঁত খান্দিলে ঠিকাদাৰে উক্ত ঠাইখিনি বেৰিকেড দি বন্ধ কৰি দিয়াৰ লগতে সাধাৰণ লোকৰ চকুত পৰাকৈ পথ সুৰক্ষাৰ ছাইন ব’ৰ্ড, সাংকেতিক চিহ্ন, ফিটা আদি আঁৰি দিয়াটো বাধ্যতামূলক৷ যাতে উক্ত গাঁত বা গাঁত খন্দাৰ ফলত দ’মাই ৰখা শিল-মাতিৰ পৰা কোনো দুৰ্ঘটনা সংঘটিত নহয়৷ আনহাতে প্ৰশাসনৰ অনুমতি লৈ ঠিকাদাৰে গাঁত খান্দি কাম কৰিলেও উক্ত স্থানসমূহত পথ সুৰক্ষাৰ ব্যৱস্থা সঠিকভাৱে লোৱা হৈছে নে নাই, তাক নিৰীক্ষণৰ বাবে জিলা উপায়ুক্তৰ নেতৃত্বত  সংশ্লিষ্ট  বিভাগীয় বিষয়াৰে গঠিত জিলা পথ সুৰক্ষা কমিটীয়ে চোকা নজৰ ৰাখিব লাগে৷ কিন্তু পথ সুৰক্ষা কমিটীয়ে  এ চি ৰূমত বহি দুই এখন মিটিং পাতিয়েই দায়িত্ব সামৰাৰ বিপৰীতে কিবা অঘটন সংঘটিত হ’লেহে সাৰ পোৱা দেখা যায় পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ জিলা উপায়ুক্তক৷ ইয়াৰ বিপৰীতে কমিটীত থকা জিলা পৰিবহণ বিষয়া আৰু যান-বাহন আৰক্ষীয়ে আকৌ ঠিকাদাৰে খন্দা এনে গাঁতৰ সুৰক্ষা ব্যৱস্থা লোৱাতকৈ অধিক সময় যান-বাহনৰ পৰা জৰিমনা সংগ্ৰহতে ব্যস্ত থাকে৷ বিশেষকৈ গুৱাহাটী জলব’ৰ্ডৰ অধীনত ৰূপায়ণ হোৱা খোৱাপানী প্ৰকল্পৰ পাইপ পোতাৰ নামত খন্দা গাঁতৰ বাবে বিগত সময়ছোৱাত বিভিন্ন সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে৷ পথৰ কাষৰ এনে উন্মুক্ত গাঁতত পৰি পূৰ্বে পথচাৰীৰ মৃত্যু হোৱাৰ লগতে যান-বাহনৰ দুৰ্ঘটনাগ্ৰস্ত হৈ কেইবাজনো ব্যক্তি চিৰদিনৰ বাবে ঘূণীয়া হোৱাৰো উদাহৰণ আছে৷ জাইকা প্ৰকল্পৰ বাবে গুৱাহাটীৰ গণেশ মন্দিৰৰ পৰা ৰাজধানী মছজিদ সংযোগী পথত এ কে কনষ্টাকশ্বন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে খন্দা গাঁতৰ বাবে বৃহস্পতিবাৰে এগৰাকী একাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটিবলগীয়া হয়৷ বৃহস্পতিবাৰে পুৱাই ভগ্নীৰ সৈতে স্কুটীত উঠি হাতীগাঁৱৰ লিটল ফ্লাৱাৰ স্কুললৈ আহি থকা অৱস্থাত পথৰ কাষত ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে গাঁত খান্দি দ’মাই থোৱা মাটিত স্কুটীখনে খুন্দা মৰাৰ ফলত প্ৰিয়া কুমাৰী নামৰ ছাত্ৰীগৰাকী ৰাজ পথত বাগৰি পৰে আৰু  ৰয়েল গ্ল’বেল স্কুলৰ এখন বাছৰ চকা ছাত্ৰীগৰাকীৰ মূৰৰ ওপৰৰে চলি যোৱাত থিতাতে মৃত্যু হয়৷ এক কথাত জাইকাৰ পাইপৰ বাবে খন্দা গাঁতেই কাল হৈ পৰিল মেধাৱী ছাত্ৰীগৰাকীৰ৷ ইয়াৰ পূৰ্বে ২৫ মে’ত খাৰঘূলিত জাইকাৰ পানী পৰিবাহী পাইপ ফাটি   সংঘটিত জল বিস্ফোৰণৰ ফলতো সুমিত্ৰা ৰাভা নামৰ এগৰাকী বৃদ্ধাৰ মৃত্যু হৈছিল৷ অৱশ্যে বৃহস্পতিবাৰৰ দুৰ্ঘটনাটোৰ পাছতেই জিলা উপায়ুক্তৰ নিৰ্দেশত জি এম ডিএৰ ফালৰ পৰা পানীৰ পাইপ পোতাৰ বাবে খন্দা গাঁতসমূহ পুতি পেলোৱা হয়৷ প্ৰশাসনে ‘চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি’ লোৱা নীতি গ্ৰহণ কৰিলেও গুৱাহাটীৰ জলব’ৰ্ডৰ মুৰব্বীৰ দায়িত্বত আছে খোদ কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা৷ অৰ্থাৎ উপায়ুক্তই নেতৃত্ব দিয়া জলব’ৰ্ডৰ দায়িত্বহীনতাৰ বাবেই মেধাৱী প্ৰিয়া কুমাৰীৰ যে দুৰ্ঘটনাটোত মৃত্যু হ’ল, সেয়া নিশ্চিত হৈ পৰিছে৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে এই দুৰ্ঘটনাটোৱে পথ সুৰক্ষাৰ ক্ষেত্ৰত বিভাগসমূহৰ সমন্বয়হীনতাৰ ছবিখনকো উন্মোচন কৰিলে৷ জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ প্ৰকল্প ৰূপায়ণ গোটৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া অনুসৰি পানীৰ পাইপ পুতিবলৈ ঠিকাদাৰে গাঁত খন্দাৰ বাবে জিলা প্ৰশাসন, পৰিবহণ বিভাগ, জি এম চি, জি এম ডি এ আদি  সংশ্লিষ্ট  বিভাগৰ বিষয়া সংযোগ থকা হোৱাটছ এপ গ্ৰুপতে অনুমতি লয়৷ কোন স্থানত, কেতিয়া আৰু কোন ঠিকাদাৰে পাইপ পোতাৰ বাবে গাঁত খান্দিব সেই বিষয়টো হোৱাটছ এপ গ্ৰুপটোত প্ৰস্তাৱ আকাৰে আপলোড কৰাৰ পাছতেই কাৰোৰে পৰা আপত্তি নাথাকিলে সংশ্লিষ্ট ঠিকদাৰে কাম আৰম্ভ কৰে৷ স্বাভাৱিকতেই শীৰ্ষ বিষয়াগৰাকীৰ এই ভাষ্যই স্পষ্ট কৰে যে গুৱাহাটী মহানগৰীত গাঁত খান্দি খোৱাপানীৰ পাইপ বা বিদ্যুৎ-টেলিকমৰ কেবল পোতাৰ বাবে বিভাগসমূহৰ মাজত কোনো পৰিকল্পিত সম্পৰ্ক নাই৷ যাৰ পৰিণতিতেই এ কে কনষ্ট্ৰাকশ্বন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে গাঁত খান্দি পথৰ কাষত দ’মাই ৰখা মাটিয়ে প্ৰাণ ল’লে এগৰাকী মেধাৱী ছাত্ৰীৰ৷

গীতানগৰৰ অময়াপুৰত ছফুটীয়া পথত পাঁচফুটীয়া গাঁত

আমাৰ অসমৰ মহানগৰীৰ প্ৰতিবেদকঃ গুৱাহাটী মহানগৰীৰ বিভিন্ন পথত কেৱল এজাক বৰষুণত ডুব যোৱা বা নলাসমূহ জাৱৰেৰে ভৰি পৰাই নহয়, পানী যোগানৰ ঠিকাদাৰী প্ৰতিষ্ঠানে প্ৰায়ে খান্দি তহিলং কৰিছে ইটোৰ পাছত সিটোকৈ পথ-উপপথসমূহ৷ বিগত কেইবাবছৰৰ পৰা পানীৰ পাইপ বহুওৱাৰ নামত পথসমূহ খান্দি দিয়া হয় যদিও আজি পৰ্যন্ত ইয়াৰ বাসিন্দাসকলে পানী লাভ কৰা নাই৷ উল্লেখ্য যে, গীতামন্দিৰ পৰা জু-ৰোডলৈ যোৱা [মাডাৰ টেৰেছা পথ] পথচোৱাত যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে৷ বিশেষকৈ মহানগৰীৰ গীতানগৰৰ অময়াপুৰৰ ছয় ফুট বহল পথটো জাইকাই পাঁচফুট বহল গাঁত খান্দি বিগত ১৫ দিন ধৰি ৰহস্যজনক ভাবে সন্ধানহীন হৈ আছে৷ জাইকাৰ মৰনফাণ্ডৰ এই গাতে বিপদ মাতি আনিছে অঞ্চলবাসীক আৰু যিকোনো মুহূৰ্তত অঘটন ঘটিব পাৰে বুলি অঞ্চলবাসীয়ে আশংকা প্ৰকাশ কৰিছে৷ গীতানগৰৰ এই পথটোত গীতানগৰ হাইস্কুল, প্ৰাগজ্যোতিষ জাতীয় বিদ্যালয়, কন্যা মহাবিদ্যালয়, গীতানগৰ আৰক্ষী থানা, ভাৰতীয় ষ্টেট বেংক ইত্যাদি বহুতো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান অৱস্থিত৷ পানী যোগানৰ বাবে ‘‘জাইকা’’ প্ৰতিষ্ঠানটোৱে কেইবা বছৰৰ পৰা পানীৰ পাইপ বহুৱাৰ নামত পথটি খান্দি তহিলং কাৰ্য চলাই আছে৷ কেইবা স্থানত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত খান্দিছে৷ লগতে দমক-দমে শিল, বালি-মাটি থোৱাত যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধা সৃষ্টি হৈছে৷ হাজাৰ হাজাৰজন সাধাৰণৰ যাতায়াতৰ বাবে পথটি এতিয়া হৈ উঠিছে প্ৰায় অনুপযোগী৷ কেৱল সেয়াই নহয়, দিনদুপৰতে জেচিবিৰে পথ মেৰামতি কৰাৰ ফলত চানমাৰি ট্ৰাফিক পইণ্টৰে অহা যোৱা কৰা লোকসকলেও ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কিয়নো চানমাৰি কলনী বাছ আস্থানৰ পৰা চানমাৰি উৰণীয়া সেতুলৈ যোৱা পথটো বন্ধ কৰি দিয়া হৈছে৷ ফলত ট্ৰাফিক পইণ্টৰ আগেৰে ঘূৰি যাবলগীয়া হৈছে৷ যাৰ ফলত এনেদৰে অসুবিধাৰ সন্মুখীন হৈছে যাতায়ত চলোৱাৰ সন্দৰ্ভত৷ সাধাৰণতে পথসমূহ মেৰামতি বা নিৰ্মাণ কাৰ্য নিশা ভাগতহে কৰা পৰিলক্ষিত হয় যদিও এতিয়া এনেদৰে দিনদুপৰতে কাম কৰিছে জাইকাই৷ এই পথটোত শীঘ্ৰে পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে লগতে পূৱ গুৱাহাটী ছাত্ৰ সন্থা আৰু জু-নাৰেংগী ছাত্ৰ সন্থাই৷ লগতে জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা জিতুমণি ডেকা কয় যে- তিনি মাহৰ ভিতৰত উক্ত পথটি সম্পৰ্ণৰূপে মেৰামতি নহলে পথ অৱৰোধ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব৷ জু-নাৰেঙ্গী ছাত্ৰ সন্থাৰ এটা সঁজাতি দলে কামৰূপ[মহানগৰ] জিলা উপায়ুক্তক গীতানগৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ জৰিয়তে প্ৰদান কৰে স্মাৰক পত্ৰ৷