Logo
image

‘বন্দে ভাৰত’লৈ সঁহাৰি নাই অসমৰ যাত্ৰীৰ

‘আমাৰ অসম’, ৯ জুনঃ   টিকটৰ অধিক মূল্য তথা সময়ৰ অসুচলতাৰ বাবেই শীত তাপ নিয়ন্ত্ৰিত দ্ৰুতবেগী ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ প্ৰতি আশাপদ সঁহাৰি নাই যাত্ৰীৰ৷ ৰে’লখনত প্ৰতি দিনেই ৫১২খন আসনৰ ১৫৩-৩৭০খন আসন যাত্ৰীৰ অভাৱত খালী আছে৷ প্ৰধানমন্ত্ৰী   নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্প ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ ৰে’লসেৱা যোৱা ২৯ মে’ত গুৱাহাটী নিউ জলপাইগুৰিৰ আৰম্ভ হ’ল যদিও ৰে’লখনৰ ভাৰা দেখি যাত্ৰীয়ে সৰিয়হ ফুল দেখিবলগীয়া হৈছে৷ বন্দে ভাৰত এক্সপ্ৰেছত এজন যাত্ৰীৰ গুৱাহাটী নিউ বঙাইগাঁৱৰ সাধাৰণ ভাৰা হৈছে ৬০০ টকা৷ একেদৰে গুৱাহাটী কোকৰাঝাৰৰ ভাৰা হৈছে ৬৪০ টকা, গুৱাহাটী-নিউ কোচবিহাৰৰ ভাৰা হৈছে ১০৩০, টকা, গুৱাহাটী-নিউ জলপাইগুৰিৰ ভাৰা হৈছে ১২২৫ টকা৷ আনহাতে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীৰ ভাৰা হৈছে ১০৭৫ টকা৷ নিউ জলপাইগুৰিৰ পৰা বঙাইগাঁৱৰ ভাৰা হৈছে ৮৩৫ টকা, নিউ জলপাইগুৰিৰ পৰা কোকৰাঝাৰৰ ভাৰা হৈছে ৭৮০টকা৷ আনহাতে এগ্‌জিউকিটিভ শ্ৰেণীৰ ভাৰা শ্বেয়াৰ টিকটৰ মূল্যৰ তুলনাত দুগুণ৷ এগজিউকিটিভ শ্ৰেণীত গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজত ভাৰা হৈছে ২২০৫টকা৷ ইফালে ৰে’লখনৰ যাত্ৰাসূচীও অসুচল৷ গুৱাহাটীৰ পৰা ৰে’লখন বিয়লি ৪ বজাত যাত্ৰা কৰে আৰু নিশা ১০ বজাত নিউ জলপাইগুৰি পায়গৈ৷ একেদৰে নিউজলপাইগুৰিৰ পৰা পুৱা ৬-১০ বজাত অহা ৰে’লখন ১১-৪০ বজাত গুৱাহাটী পায়হি৷ অসম ৰে’ল যাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপাংক শৰ্মাৰ মতে ৰে’লগাড়ীখনৰ সময় নিউ জলপাইগুৰিৰ পৰা অহা যাত্ৰীৰ বাবে সুবিধাজনক যদিও গুৱাহাটীৰ পৰা যোৱা যাত্ৰীৰ বাবে সুবিধাজনক নহয়৷ গুৱাহাটীৰ পৰা গৈ নিশা চাৰে দহ বজাত নিউ জলপাইগুৰিত উপস্থিত হোৱা যাত্ৰী হোটেললৈ যোৱা তথা কলকাতা, পাটনা, দিল্লীলৈ যোৱোটা অসুবিধা হ’ব৷ শৰ্মাৰ মতে যাত্ৰীৰ চাহিদাৰ কথা লক্ষ্য নকৰাকৈ ৰে’ল গাড়ীখন দিয়া হৈছে৷ ছিংগল লাইনত চলা ৰে’লখনৰ কাৰণে আন সকলো ৰে’লগাড়ী বিভিন্ন ষ্টেচনত ৰখাই থোৱা হয়৷ ফলত সেইবোৰ ৰে’লৰ যাত্ৰা বিলম্ব হৈছে৷