Logo
image

জুবিনৰ জীৱনক লৈ প্ৰথমখন তথ্যচিত্ৰ

‘আমাৰ অসম’, ৯ জুনঃ অসমৰ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব, জনপ্ৰিয় গায়ক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, অভিনেতা, চিত্ৰশিল্পী, কবি আৰু চলচ্ছিত্ৰ পৰিচালক জুবিন গাৰ্গৰ বৰ্ণময় জীৱন আৰু সমুজ্জ্বল কৰ্মৰাজিক আধাৰৰূপে লৈ নিৰ্মাণ কৰা হৈছে এখন তথ্যচিত্ৰ৷ জুবিন গাৰ্গৰ জীৱনক লৈ নিৰ্মাণ কৰা  এইখনেই প্ৰথমখন তথ্যচিত্ৰ৷ অসমীয়া সংগীত আৰু সংস্কৃতিৰ চৰ্চা, প্ৰচাৰ আৰু সংৰক্ষণত অগ্ৰণী ভূমিকা পালন কৰা আগশাৰীৰ ৰেডিঅ’ ষ্টেচন গপ্‌-শ্বপ্‌ ৯৪.৩ এফএমে শিল্পী জুবিন গাৰ্গৰ জীৱনৰ ওপৰত প্ৰথমখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে৷ তথ্যচিত্ৰখনৰ লক্ষ্য হৈছে জুবিনৰ উল্লেখযোগ্য যাত্ৰা আৰু অসমীয়া সংগীত তথা চিনেমালৈ তেওঁৰ ব্যতিক্ৰমী অৱদানক সন্মান জনোৱা৷ অসমীয়া ৰাইজৰ প্ৰতিভা বিকাশৰ বাবে দীৰ্ঘদিনীয়া দায়ৱদ্ধতাৰে কাম কৰি অহা গপ্‌-শ্বপ্‌ ৯৪.৩ এফএমৰ বাবে এই তথ্যচিত্ৰখন এক উল্লেখযোগ্য মাইলৰ খুঁটি৷ ইয়াৰ জৰিয়তে অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন আৰু বিকাশৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা প্ৰদৰ্শন কৰিছে৷ তথ্যচিত্ৰখনে জুবিন গাৰ্গৰ আৰম্ভণিৰ পৰা বৰ্তমানৰ কৰ্মৰাজিলৈকে অসাধাৰণ যাত্ৰাক সামৰি লৈছে৷ জুবিনে সংগীত আৰু চিনেমাৰ ক্ষেত্ৰখনত এক অমলিন চিন ৰাখিছে, তেওঁৰ আত্মাক আলোড়িত কৰা সুৰ আৰু বহুমুখী অভিনয়েৰে দৰ্শকক মোহিত কৰিছে৷ এই বিস্তৃত তথ্যচিত্ৰখনে জুবিনৰ কলাত্মক বিৱৰ্তনৰ অন্তৰংগ চিত্ৰণ প্ৰদৰ্শন কৰিছে আৰু তেওঁৰ মন্ত্ৰমুগ্ধ সংগীতৰ দক্ষতা আৰু অসমীয়া সংগীত জগতত গভীৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে৷ ই জুবিন গাৰ্গৰ ব্যক্তিত্ব আৰু অভিজ্ঞতাৰ গভীৰতালৈ সোমাই যাবলৈ চেষ্টা কৰাৰ উপৰি তেওঁৰ সৰ্বশ্ৰেষ্ঠ গীতসমূহৰ আঁৰৰ কাহিনীসমূহ উন্মোচন কৰাৰ চেষ্টা কৰিছে আৰু তেওঁৰ উল্লেখযোগ্য কেৰিয়াৰক গঢ় দিয়া গুৰুত্বপূৰ্ণ মুহূৰ্তসমূহ প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিছে৷ বিগত কেইটামান দশকজুৰি অসমীয়া সংগীত আৰু চিনেমাৰ পৰিৱেশ গঢ় দিয়াত অৰিহণা যোগোৱা ব্যতিক্ৰমী শিল্পী জুবিন গাৰ্গৰ প্ৰতি এই তথ্যচিত্ৰখন উপস্থাপন কৰি আমি ৰোমাঞ্চিত হৈছো বুলি গপ্‌-শ্বপ্‌ ৯৪.৩ এফএমৰ পৰিচালন সঞ্চালক প্ৰতীক বৰদলৈয়ে কয়৷ তেওঁ লগতে কয়– ‘এই তথ্যচিত্ৰখনে তেওঁৰ অপৰিসীম প্ৰতিভা, অটল নিষ্ঠা আৰু তেওঁৰ কলাৰ প্ৰতি অতুলনীয় আৱেগৰ প্ৰমাণ হিচাপে কাম কৰিব৷ ই কেৱল অসমতে নহয়, সমগ্ৰ বিশ্বতে তেওঁৰ সকলো অনুৰাগীৰ বাবে এক আনন্দময় উপহাৰ হ’ব৷’ জুবিন গাৰ্গৰ জীৱনৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰখনে ইয়াৰ কাহিনী উপস্থাপনৰ শৈলী, বিৰল ফুটেজ, শিল্প উদ্যোগৰ ভিতৰৰ মানুহ আৰু তেওঁৰ অসাধাৰণ যাত্ৰা প্ৰত্যক্ষ কৰা সহযোগী শিল্পীসকলৰ সৈতে কৰা সাক্ষাৎকাৰেৰে দৰ্শকক মোহিত কৰিব বুলি  অনাতাঁৰ কেন্দ্ৰটো আশাবাদী৷ এই তথ্যচিত্ৰ মুক্তিৰ বিষয়ে অধিক তথ্য আৰু আপডেটৰ বাবে গপ্‌-শ্বপ্‌ ৯৪.৩ এফএমৰ ফেচবুক আৰু ইউটিউব চেনেলৰ সৈতে সংযুক্ত হৈ থাকিবলৈ পৰিচালন সঞ্চালক বৰদলৈয়ে আহ্বান জনায়৷