Logo
image

মৌচুমী আহিল, গৰম কমিল

ডিজিটেল সংবাদ, গুৱাহাটীঃ অৱশেষত আহো- নাহোকৈ এসপ্তাহ পলমকৈ শনিবাৰে দুপৰীয়াৰ ভাগত কৃষক ৰাইজৰ বন্ধু স্বৰূপ দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত প্ৰৱেশ কৰিছে। স্বাভাবিকতে প্ৰকৃতিৰ চিৰাচৰিত ৰীতি অনুসৰি মৌচুমী বায়ুৰ প্ৰৱেশৰ লগে লগে জলীয় বাষ্পৰ ৰূপত আকাশৰে মেঘৰ আগমণ হৈছে। এই প্ৰাকৃতিক পৰিঘটনাৰ ফলত অসমৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে বেছিভাগ ঠাইতে কম-বেছি পৰিমাণে বৰষুণ আৰম্ভ হৈছে। ফলত শুকুৰবাৰলৈকে ৩৯ ডিগ্ৰী চেলছিয়াছৰে ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ তাপমাত্ৰাৰ অভিলেখ গঢ়া তেজপুৰ চহৰৰ তাপমাত্ৰা শনিবাৰে নিম্নগামী হৈ ৩২.৩ ডিগ্ৰী চেলছিয়াছ হৈছে। শুকুৰবাৰে গুৱাহাটীৰ সৰ্ব্বোচ্চ তাপমাত্ৰা আছিল ৩৮.২ ডিগ্ৰী চেলছিয়াছ। কিন্তু মৌচুমী বায়ুৰ কৃপাত শনিবাৰে ৩৩.০ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পাই। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই  শনিবাৰে সদৰি কৰা অনুসৰি মৌচুমী বায়ু প্ৰৱেশ কৰাৰ পাছত  অসমৰ আকাশ আগন্তক এটা সপ্তাহ ধৰি ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইতে কম বেছি পৰিমাণে বৰষুণ হব। আনকি মেঘালয়, অৰুণাচল প্ৰদেশ, ভূটানৰ সীমান্তবৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত গাজনি, ঢেৰেকণি, ব্ৰজপাতৰ সৈতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 

ইফালে প্ৰায় দুসপ্তাহৰো অধিক দিন ধৰি বৰষুণ নোহোৱা বাবে অসমৰ বেছিভাগ অঞ্চলতে স্বাভাৱিককৈ ৭ ডিগ্ৰীৰো অধিক বৃদ্ধি পাইছিল তাপমাত্ৰা। ফলত ৰাইজে গৰমৰ সৈতে সহাবস্থান কৰাৰ লগতে প্ৰচণ্ড গৰমৰ বাবে বিদ্যালয়সমূহৰ পাঠদান পুৱা ৭.৩০ বজালৈ আগুৱাই অনা হৈছিল। জেঠৰ গৰমে এক কথাত স্বাভাৱিক জনজীৱন ব্যাহত কৰিছিল।  কিন্তু বৰষুণ আৰম্ভ হোৱাত শনিবাৰে প্ৰায় কুৰিটা দিনৰ অন্তত তাপমাত্ৰা বহু পৰিমাণে কমি যোৱাত ৰাইজে উৎকট গৰমৰ পৰা বহু সকাহ লাভ কৰিছে । এই কাৰ্য এটা সপ্তাহ ধৰি অব্যাহত থাকিব বুলি  বতৰ বিজ্ঞান  কেন্দ্রই সদৰি কৰিছে । শনিবাৰৰ দিনটোতে ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বোচ্চ তাপমাত্রা আছিল এনেধৰণৰ -  ডিব্ৰুগড়ত ৩৬.০  ডিগ্ৰী চেলছিয়াছ, শিলচৰত ৩৭.৮ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ২৬.৬ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩৩.৬ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩৬.৫ ডিগ্রী চেলছিয়াছ। 

আনহাতে  উত্তৰ পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৩.২ ডিগ্রী চেলছিয়াছ। ইফালে শনিবাৰৰ দিনটোত দুই এঠাইক বাদ দি ৰাজ্যৰ বেছিভাগ ঠাইতে পাতলীয়া আৰু দুই এঠাইত মজলীয়া পৰিমাণৰ বৰষুণ হৈছে। তেনেদৰে শনিবাৰে সন্ধিয়া পর্যন্ত বিগত ২৪ ঘণ্টাত উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক ৯২.৮  মিঃমিঃ পৰিমাণৰ বৰষুণ হৈছে ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত। ইফালে বৰষুণৰ অপেক্ষাত থকা আৰু  শালি ধানৰ খেতিৰ বাবে সাজু হোৱা কৃষক সকলৰ মুখত হাঁহি আহিছে বৰষুণৰ আগমনত। কিয়নো বৰষুণৰ অভাবত ৰাজ্যৰ বেছিভাগ পথাৰতে ছিৰাল ফাট মেলিছে আৰু ইয়াৰ বাবে কৃষক সকল হাল বাবৰ বাবে সাজু হ'ব পৰা নাই। ফলত স্বাভাবিকতে বৰষুণৰ বাবে কৃষক ৰাইজ অধীৰ আগ্ৰহৰে বাট চাই আছিল ।