Logo
image

ৰাজ্যৰ দুই শতাধিক স্কুল-কলেজক চমন

‘আমাৰ অসম’, ১১ জুনঃ মেট্ৰিক তথা উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শোচনীয় ফলাফল প্ৰদৰ্শন কৰা ৰাজ্যৰ চৰকাৰী তথা প্ৰাদেশিকৃত স্কুল-কলেজক চমন দিবলৈ সাজু হৈছে শিক্ষা বিভাগ৷ বিশেষকৈ সদ্যঘোষিত উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ প্ৰাদেশিকৃত কলেজৰ উত্তীৰ্ণৰ হাৰ শোচনীয় হোৱাত কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে কঠোৰ স্থিতি ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ আজি শিক্ষামন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত টুইট কৰাৰ লগতে ঘোষণা কৰিছে যে ৰাজ্যৰ প্ৰাদেশিকৃত কলেজৰ পৰা উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ মাত্ৰ ৫৬.৮৯ শতাংশ৷  শোচনীয় ফলাফল প্ৰদৰ্শন কৰা কলেজৰ অধ্যক্ষলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰা হ’ব৷ প্ৰাদেশিকৃত কলেজৰ পৰা উচ্ছতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৭০,৩৬৭গৰাকী পৰীক্ষাৰ্থী৷ ইয়াৰে মাত্ৰ ৪০,০৩৫গৰাকী শিক্ষাৰ্থীহে উত্তীৰ্ণ হয়৷ ইয়াৰ বিপৰীতে প্ৰাদেশিকৃত ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উত্তীৰ্ণৰ হাৰ ৭৮.৩৫ শতাংশ৷ প্ৰাদেশিকৃত উচ্ছতৰ মাধ্যমিকৰ উত্তীৰ্ণৰ হাৰ ৭৬.১৭ শতাংশ৷ আনহাতে, চৰকাৰী উচ্ছতৰ মাধ্যমিকৰ উত্তীৰ্ণৰ হাৰ ৭৫.৯৩ শতাংশ৷ আনহাতে, শিক্ষা বিভাগৰ আন এক উচ্ছস্তৰীয় সূত্ৰই কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহুতো উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল শোচনীয়৷ সেয়েহে শিক্ষা বিভাগে এনে প্ৰায় দুশ স্কুল-কলেজৰ অধ্যক্ষ তথা বিদ্যালয়প্ৰধানলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সমান্তৰালভাৱে মেট্ৰিক-হায়াৰছেকেণ্ডাৰীৰ ফলাফল শোচনীয় হোৱা বহুসংখ্যক বিদ্যালয়ক পুনৰ একত্ৰীকৰণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে৷ লক্ষণীয় যে ৰাজ্য চৰকাৰে চলিত শিক্ষাবৰ্ষৰ পৰা নতুন শিক্ষানীতি অনুসৰি ৰাজ্যৰ মহাবিদ্যালয়সমূহত ৪ বছৰীয়া স্নাতক ডিগ্ৰীৰ পাঠ্যক্ৰম প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছে৷ স্বাভাৱিকতে নতুন শিক্ষানীতি অনুসৰি বা ইউজিচিৰ বিধি অনুসৰি উচ্ছতৰ মাধ্যমিক শাখাটো কলেজসমূহৰ পৰা কৰ্তন হ’ব লাগে৷ এনইপি কাৰ্যকৰী কৰাৰ পূৰ্বে ৰাজ্য চৰকাৰে পৰ্যাপ্ত আন্তঃগাঁথনি তথা সা-সুবিধাৰে ৰাজ্যৰ সকলো হাইস্কুলকে উচ্ছতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰাৰ কথা কৈছিল যদিও বিগত ডেৰ বছৰে ইপ্সিত লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হ’ল৷ সেয়েহে শিক্ষামন্ত্ৰীয়ে সকলো প্ৰাদেশিকৃত কলেজকে সামৰি ফলাফল শোচনীয় হোৱাৰ অভিযোগ আনি অহেতুক চাপ সৃষ্টি কৰিব বিচাৰিছে বুলি দাবী কৰিছে অসম কলেজ অধ্যক্ষ পৰিষদৰ এক সূত্ৰই৷ সমান্তৰালভাৱে ৰাজ্যৰ মহাবিদ্যালয়ৰ লগতে ১,১০৯খন উচ্ছতৰ মাধ্যমিক বিদ্যালয়, জুনিয়ৰ কলেজত বিৰাজ কৰিছে তীব্ৰ অচলাৱস্থা তথা অৰ্থনৈতিক সংকটে৷ বিদ্যুৎ মাচুল আদায়, ডেক্স-বেঞ্চৰ মেৰামতি, আলোচনী ছপা, নামভৰ্তিৰ প্ৰ-পত্ৰ ছপা, খেল-ধেমালিৰ সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত সন্মুখীন হৈছে গুৰুতৰ অসুবিধাৰ৷ বন্ধ হোৱাৰ উপক্ৰম হৈছে বিজ্ঞানাগাৰ৷ ঘূৰাই দিয়া নাই ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ধন৷ ৰাজ্যৰ প্ৰায় ছয় শতাধিক কলেজ শিক্ষকক পদোন্নতি বিগত ডেৰ বছৰে আদায় দিব পৰা নাই বৰ্ধিত দৰমহা৷ ইচ্ছাকৃতভাৱে পেলাই থৈছে শ শ কলেজ শিক্ষকৰ পদোন্নতিৰ ফাইল৷ প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত ৰাজ্যৰ প্ৰাথমিক শিক্ষকে অব্যাহত ৰাখিছে তীব্ৰ আন্দোলন৷ কাজেই নিজৰ ব্যৰ্থতা ঢাকিবলৈ শিক্ষামন্ত্ৰীয়ে শিক্ষক সমাজক আক্ৰমণ কৰাৰ বাবে এতিয়া চেলু বিচাৰি থকা বুলি অভিযোগ উঠিছে৷