Logo
image

মূল্যবৃদ্ধি ছ'চিয়েল মিডিয়াৰ সৃষ্টিঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ডিজিটেল সংবাদ,তেজপুৰঃ মূল্যবৃদ্ধিৰ বিষয়ে অযথা বাতৰি কৰাৰ বিপৰীতে উন্নয়নৰ বাবেই লোকসভা নিৰ্বাচনত ৰাইজে ভোট দিব বিজেপিক৷ তেজপুৰত এইদৰে কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ উল্লেখ্য যে ভূমি পট্টা প্ৰদান কৰা বনাঞ্চলৰ অঞ্চলসমূহত জল জীৱন মিছন আঁচনি কাৰ্যকৰী কৰাত সৃষ্টি হোৱা অসুবিধা দূৰ কৰিবলৈ শোণিতপুৰ জিলাৰ লগতে বিশ্বনাথ মহকুমাৰ বিষয়া কৰ্মচাৰীৰে দেওবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। তেজপুৰস্থ উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠক অংশগ্ৰহণ কৰিবলৈ আহি মন্ত্ৰী বৰুৱাই মূল্যবৃদ্ধি বিষয়টোৰে চৰকাৰৰ উন্নয়নমূলক কামৰ তুলনা কৰি আগন্তুক লোকসভা নিৰ্বাচনত জনতাই বিজেপিক আদৰি ল'ব বুলি মন্তব্য কৰে৷

তেওঁ কয় যে মূল্যবৃদ্ধি দৰাচলতে ছ'চিয়েল মিডিয়াৰ সৃষ্টি৷ একাংশ সংবাদ মাধ্যমেও মূল্যবৃদ্ধি প্ৰসংগত অযথা বাতৰি পৰিৱেশন কৰে৷ কিন্তু মূল্যবৃদ্ধি হোৱা নাই বুলি আমি ক'ব খোজা নাই৷ মূল্যবৃদ্ধি সন্দৰ্ভত যথেষ্ট সচেতন আমাৰ চৰকাৰ৷ আমিও এইক্ষেত্ৰত গুৰুত্ব দিছো৷

ইপিনে শিলসাঁকোৰ উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে শিলসাঁকো বুলিয়েই নহয়,য'ত বেদখল হৈছে, সকলোতে উচ্ছেদ চলিবই৷ আমাৰ চৰকাৰে বে-আইনী কামকাজক প্ৰশ্ৰয় নিদিয়ে বুলি মন্তব্য কৰি তেওঁ কয় যে শিলসাঁকোত যদিহে অভিযোগ অনুসৰি বিজেপি দলৰ কোনো নেতা-বিধায়কে অবৈধ নিৰ্মাণ কাৰ্য কৰিছে তেন্তে মুখ্যমন্ত্ৰীক সেই অভিযোগ দাখিল কৰক৷ তাৰ পিছত আমাৰ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে চাওঁক বুলিও কয় জয়ন্ত মল্ল বৰুৱাই৷ ইপিনে, লোকসভা নিৰ্বাচন প্ৰসংগত তেওঁ কয়, “বিগত দিনবোৰৰ অভিজ্ঞতাৰে জনসাধাৰণে দেখি আহিছে আমাৰ দলৰ চৰকাৰৰ দিনত কেন্দ্ৰতেই হওঁক বা ৰাজ্যতে হওঁক, সকলোতে উন্নয়ন কিদৰে সম্ভৱপৰ হৈ উঠিছে৷ তেনেস্থলত ৰাইজে আন দলৰ লগত তুলনা কৰি আমাৰ সপক্ষেই ভোটদান সাব্যস্ত কৰিব৷” জলজীৱন মিছনৰ আঁচনি বনগাঁওসমূহত ৰূপায়ণৰ সন্দৰ্ভত বিভাগীয় মন্ত্ৰীজনে কয় যে বনগাঁৱৰ লোকসকলেও জলজীৱনৰ আঁচনি লাভ কৰিব৷ ন্যূনতম সুবিধা তেওঁলোকে যাতে পায়, সেইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব৷ 

আজি বিয়লি তেজপুৰত উপস্থিত হয় মন্ত্ৰী জয়ন্তমল্ল বৰুৱা৷ তেজপুৰ আৱৰ্ত ভৱনত উপস্থিত হৈ মন্ত্ৰীজনে ওপৰোক্ত বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া আগবঢ়োৱাৰ পিছত শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত আয়োজিত এক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে নিজস্ব বিভাগৰ দুটাকৈ তেজপুৰ সংমণ্ডল আৰু বিশ্বনাথৰ এটা সংমণ্ডলৰ বিষয়া-অভিযন্তাৰে আলোচনাত মিলিত হয়৷ মূলতঃ প্ৰধানমন্ত্ৰীৰ জলজীৱন আঁচনি ৰাজ্যত কিদৰে ফলপ্ৰসূ ৰূপায়ণ কৰিব পাৰি, সেই সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়৷