Logo
image

‘বিপৰ্যয়’ আহিছে, আশংকা প্ৰলয়ৰো

‘আমাৰ অসম’, ১২ জুনঃ এমাহতকৈ কমদিনৰ পূৰ্বে, যোৱা ১৪ জুনত ভয়ংকৰ চাইক্লন মোখাই ভাৰতীয় উপমহাদেশত অভাৱনীয় তাণ্ডৱ সৃষ্টি কৰাৰ পাছত এইবাৰ ভাৰতক ধিয়াই আগবাঢ়ি আহিছে আন এক চাইক্লন ‘বিপৰ্যয়’৷ অৱশ্যে ইতিমধ্যে অতি প্ৰবল চাইক্লনত পৰিণত হোৱা ‘বিপৰ্যয়’ৰ উৎপত্তিস্থান, গতি আৰু দিশ মোখাৰ পৰা সম্পূৰ্ণ পৃথক, অৰ্থাৎ দেশৰ সিপাৰে৷ মোখাকে ধৰি বিগত কেইবাবছৰত ভাৰত আৰু  বাংলাদেশত খুন্দা মৰা সকলো চাইক্লনৰ উৎপত্তিস্থান আছিল বংগোপসাগৰ৷ কিন্তু ‘বিপৰ্যয়’ৰ সৃষ্টি হৈছে আৰৱ সাগৰত৷ দীৰ্ঘ কেইবাবছৰৰ পাছত আৰৱ সাগৰত সৃষ্টি হোৱা চাইক্লন ‘বিপৰ্যয়’ৰ বাবে ভয়ানক বিপদত পৰিব ভাৰতৰ কেইবাখনো ৰাজ্য আৰু পাকিস্তান৷ দেশৰ সিটোপাৰে, অৰ্থাৎ পশ্চিম দিশত উৎপত্তি হোৱা ‘বিপৰ্যয়’ৰ বাবে অসমত শংকাৰ বিশেষ কাৰণ নাই৷ কিয়নো ‘বিপৰ্যয়’ৰ প্ৰত্যক্ষ প্ৰভাৱ অসমত নপৰে৷ পৰোক্ষভাৱে ‘বিপৰ্যয়ে’ অসমত বৰ্ষাঋতুৰ আগমনত প্ৰভাৱ পেলোৱাৰ আশংকা আছে৷ যদিও বাংলাদেশো ‘বিপৰ্যয়’ৰ আশংকাৰ পৰা মুক্ত, তথাপি নিজৰ পাল পৰাৰ বাবে আৰৱ সাগৰত উৎপন্ন হোৱা চাইক্লনৰ নাম ৰাখিছে বাংলাদেেশ৷ মোখাৰ নাম ৰাখিছিল য়েমেনে, তেওঁলোকৰ লোহিত সাগৰৰ পাৰৰ এখন চহৰৰ নামত৷

দেওবাৰে ‘বিপৰ্যয়ে’ ‘ছিভিয়েৰ চাইক্লন’ বা অতি প্ৰবল ঘূৰ্ণিবৃষ্টিৰ ৰূপ লৈছে৷ এতিয়া ক্ৰমশঃ উত্তৰ দিশে ঘণ্টাত পাঁচ কিলোমিটাৰ গতিত আগবঢ়া ‘বিপৰ্যয়ে’ ক’ত খুন্দা মাৰিব সেয়া এতিয়াও অনিশ্চিত৷ আশংকা অনুসৰি গুজৰাটৰ কচ্চৰ ৰান অঞ্চল স্পৰ্শ কৰি বিপৰ্যয়ৰ ‘লেণ্ডফল’ হ’ব পাৰে গুজৰাট আৰু পাকিস্তানত অহা বৃহস্পতিবাৰে৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই গুজৰাট আৰু পাকিস্তান উভয় স্থানতে ‘বিপৰ্যয়’ আছাৰ খাই পৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে৷ যদিহে এতিয়াৰ দিশেৰেই ‘বিপৰ্যয়’ আগবাঢ়ি থাকে তেন্তে গুজৰাট আৰু পাকিস্তানত ই প্ৰবল ক্ষতিসাধন কৰিব৷ কিয়নো ঘণ্টাত পাঁচ কিলোমিটাৰ গতিত আগবঢ়া ‘বিপৰ্যয়ে’ সৃষ্টি কৰা বতাহৰ গতিৰ পৰিমাণ ঘণ্টাত এশ কিলোমিটাৰৰো অধিক৷ ‘লেণ্ডফল’ৰ সময়ত ‘বিপৰ্যয়ে’ সৃষ্টি কৰা বতাহৰ গতি ঘণ্টাত ১৫০ কিলোমিটাৰৰো অধিক হ’ব পাৰে৷ উল্লেখ্য, মোখাৰ বতাহৰ গতি আছিল ঘণ্টাত ২৩০ কিলোমিটাৰ৷ বতাহৰ গতি কম হ’লেও ‘বিপৰ্যয়’ৰ দ্বাৰা সৃষ্টি হ’বলগীয়া ঘূৰ্ণিবৃষ্টি প্ৰলয়ংকৰ হ’ব৷ ইতিমধ্যে গোৱা আৰু মহাৰাষ্ট্ৰৰ উপকূলবৰ্তী অঞ্চলত ‘বিপৰ্যয়’ৰ আগমনত প্ৰবল বৰষুণ আৰম্ভ হৈছে৷ গুজৰাটৰ উপকূল অঞ্চলত ঘাইকৈ কচ্ছ, দেবভূমি দ্বাৰকা, পোৰবন্দৰ, জামনগৰ, জুনাগড়ত দেওবাৰেই ঘণ্টাত ৪৫-৫০ কিলোমিটাৰ বেগত বতাহ বলিছে আৰু প্ৰবল বৃষ্টিপাত আৰম্ভ হৈছে৷ দেওবাৰে দুপৰীয়া ‘বিপৰ্যয়’ মুম্বাইৰ পৰা ৬০০ কিলোমিটাৰ, পোৰবন্দৰৰ পৰা ৫৩০ কিলোমিটাৰ  দূৰত আছে৷ ‘বিপৰ্যয়’ৰ ফলত মহাৰাষ্ট্ৰ , কৰ্ণাটক, গোৱাত প্ৰবল বৃষ্টিপাত হ’ব আৰু ঘণ্টাত প্ৰায় ১০০ কিলোমিটাৰ গতিৰ বতাহে এইকেইখন ৰাজ্যক খুন্দিয়াব৷ ইতিমধ্যে গোৱাৰ অধিকাংশ বীচ্ছ, গুজৰাটৰ তিতহাল বীচ্ছ, লাক্ষাদ্বীপৰ সকলো বীচ্ছ পৰ্যটক বা অন্যান্য সকলোৰে বাবে বন্ধ কৰি দিয়া হৈছে৷ গুজৰাট, কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ , লাক্ষাদ্বীপৰ সকলো মাছমৰীয়া নাও, গভীৰ সমুদ্ৰৰ মৎস্যজীৱিক কঠোৰ নিৰ্দেশ জাৰি কৰি উপকূললৈ ঘূৰাই অনা হৈছে৷ ইতিমধ্যে ‘বিপৰ্যয়ে’ সৃষ্টি কৰা বতাহ আৰু বৰষুণে পাকিস্তানৰ বান্নু, লাক্কি মাৰৱাট, কৰক জিলাত খুন্দা মাৰিছে৷ অহা বৃহস্পতিবাৰে ‘বিপৰ্যয়’ৰ ‘লেণ্ডফল’ৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই৷