Logo
image

১৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব উত্তৰ গুৱাহাটী সংযোগী দলং

‘আমাৰ অসম’, ১২ জুনঃ  অহা চৈধ্য মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কাম৷– এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য, আজি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আভ্যন্তৰীণ জলপৰিবহনৰ জাহাজৰে পৰিভ্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্মাণ প্ৰতিষ্ঠানৰ অভিযন্তাসকলৰ পৰা কামৰ বুজ লয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত  বিশ্ব শৰ্মাক সংগ দিয়ে জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মান দলং ৰাইজৰ বাবে কেতিয়া মুকলি হ’ব বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় আগন্তুক ১৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব দলং নিৰ্মাণৰ কাম৷ ইতিমধ্যে ৭৩ শতাংশ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে লগতে কয়৷ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নিৰ্মীয়মান দলং নিৰ্মাণ কৰা এছ পি ছিংলা প্ৰতিষ্ঠানটোৱে বিহাৰত নিৰ্মাণ কৰা দলং ভাগি পৰা সন্দৰ্ভত সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী কয় বিহাৰত এইটো প্ৰতিষ্ঠানে দলং নিৰ্মাণ কৰিছিল বাবে আমি সতৰ্ক হৈছোঁ৷ কিন্তু আমাৰ ডিজাইন আৰু বিহাৰৰ ডিজাইনৰ মাজত পাৰ্থক্য আছে৷ আমি ৰিক্স  মেনেজমেণ্ট ষ্টাডি আৰম্ভ কৰিছোঁ৷ স্মাৰ্ট মিটাৰে সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাইছে বুলি সোধা আন এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় স্মাৰ্ট মিটাৰ লগোৱা পিছত কালিৰ পৰা মই ১০০জন গ্ৰাহকৰ বিল এনালাইছিছ কৰিছোঁ৷ এতিয়া ভাবিছোঁ ১০০০ গ্ৰাহকৰ বিল চাম৷ ৩০পইচা বৃদ্ধি হৈছে সেইকাৰণে অলপ বৃদ্ধি হৈছে৷ কিন্তু আজিৰ পৰা কমিব কাৰণ যোৱা ১০দিনত কৈ আজি বতৰতো অলপ ভাল হৈছে৷ যোৱা বছৰ মে’ মাহত বৰষুণ আছিল এইবাৰ মে’ মাহত অতিপাত ৰ’দ দিছে৷ গতিকে বিল অলপ বৃদ্ধি হ’বই৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বিদু্যতৰ মাচুল ৩০ পইচা বৃদ্ধি কৰাক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যিখন চৰকাৰে ৩০০ কোটি টকা অৰুণোদয়ৰ নামত খৰচ কৰে, সেইখন চৰকাৰে ৩০ পইচা বৃদ্ধি কৰিব নোৱাৰে নেকি? আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি বি আইক দিয়া হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী কয় অহা সপ্তাহত জোনমনি ৰাভাৰ মৃত্যু তদন্ত চিবি আইক অপৰ্ণ কৰা হ’ব বুলি কয়৷ বানপানীৰ মুখামুখি হোৱাৰ বাবে চৰকাৰে কি পদক্ষেপ হাতত লৈছে বুলি সোধা আন এক প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় বানপানীৰ বাবে আমি সাজু আছোঁ৷ যোৱা বছৰ ভঙা মাথাউৰিসমূহ সম্পূৰ্ণ মেৰামতি কৰা হৈছে৷ গুৱাহাটীৰ ক্ষেত্ৰত অলপ বেলেগ বুলি মন্তব্য কৰি কয় ৰুক্মিণী গাঁও, কাহিলিপাৰা এইবোৰ অঞ্চলত নলাসমূহ চাফা কৰাৰ লগে লগে ভৰ্তি হৈ গৈছে৷ কাৰণ শিল সাঁকোত উচ্ছেদ নহলে কৃত্ৰিম বান নকমে৷ যি ক্ষতিপূৰণ লাগে দিবলৈ চৰকাৰ সাজু আছোঁ৷ শিলসাঁকো বিল উচ্ছেদৰ হৈ মাতমতা কৃষক মুক্তি, আপ যমুনা মুখলৈ কিয় নাযায় বুলি মুখ্যমন্ত্ৰীয়ে তীৰ্যক মন্তব্য কৰাৰ লগতে কি স্বাৰ্থ আছে বুজি নাপাই বুলি কয়৷ আন্দোলন কৰি বাধা দিয়া সংগঠনবোৰক আঁতৰ কৰি দিয়া হ’ব বুলিও তেওঁ লগতে কয়৷ সাংবাদিকসকলক উদ্দেশ্যি তেওঁ কয়– সাংবাদিকসকলে ডবাটো দুই ফালে কোবাই কৃত্ৰিম বানৰ বাতৰি নকৰো বুলি কওক মই উচ্ছেদ বন্ধ কৰিম৷ আজমলে এটা ফোনত মাটি এৰি দিছে৷ গিনজাৰ হোটেলৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মাটি দিছিল৷ কিন্তু আমি নটিছ দিছোঁ, মাটি আমি লমেই৷ লাগিলে গুৱাহাটীত ফ্লেট কিনি দিম কিন্তু উচ্ছেদ কৰিমেই৷ দুখীয়া মানুহ যদি মাটি নাই আমি ফ্লেট কিনি দিম৷ জিএমডিএৰ বিষয়াক আবদ্ধ কৰিছে৷ মোকো কেইদিনমান কৰক৷ জেহাদী গ্ৰেপ্তাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় ছজনীয়া গোট আহিছিল৷ এজন হে ধৰিলোঁ আৰু প্তজন ঘূৰি আছে৷ তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ’ব৷ আৰু বা কিমান গোটৰ কিমান সোমাইছে তাৰ ওপৰতো এক তদন্ত কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়৷