Logo
image

অসমলৈ দলে দলে আতংকিত মণিপুৰী

আমাৰ অসম, ১৩ জুনঃ মণিপুৰত স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিবলৈ এতিয়াও বহু বাকী৷ সেনা, অদ্ধৰ্সামৰিক বাহিনীৰ টহলৰ মাজতে ঠায়ে ঠায়ে ৰাজ্যখনৰ এতিয়াও সংঘটিত হৈয়েই আছে হিংসাত্মক ঘটনা৷ ফলত হেজাৰ হেজাৰ পৰিয়ালে মণিপুৰ অথবা অসমত প্ৰৱেশ কৰা আৰম্ভ কৰিছে৷ বিশেষকৈ কুকি সম্প্ৰদায়ৰ লোকসকলে প্ৰাণৰ আশংকাত গৃহভূমি এৰি আশ্ৰয় গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে চুবুৰীয়া ৰাজ্য দুখনত৷ ইয়াৰে কিছুসংখ্যকে গুৱাহাটীতো আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে মণিপুৰত জনজাতিৰ মৰ্যাদাক কেন্দ্ৰ কৰি প্ৰায় ডেৰমাহ পূৰ্বে কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত সূত্ৰপাত ঘটিছিল ভ্ৰাতৃঘাটি সংঘৰ্ষৰ৷ এই ঘটনাত জনগোষ্ঠী দুটাৰ শ শ পৰিয়ালৰ ঘৰ তথা সা-সম্পত্তি হিংসাৰ জুইত জাহ যোৱাৰ লগতে শতাধিক লোকৰ মৃত্যু ঘটে৷ আহতও হ’ব লগা হয় কেইবাশ লোক৷ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে সান্ধ্য আইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা কৰ্তন কৰিবলগীয়া হয়৷ এই নিষেধাজ্ঞা আজিও অব্যাহত আছে৷ ফলত বহিঃৰাজ্যসমূহৰ সৈতে মণিপুৰবাসীৰ যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ ইয়াৰ মাজতে প্ৰাণৰ আশংকাত কুকি সম্প্ৰদায়ৰ শ শ পৰিয়ালে প্ৰাণৰ ভয়ত গৃহভূমি ত্যাগ কৰাৰ বাতৰি পোহৰলৈ আহিছে৷ 
ইপিনে ভ্ৰাতৃঘাতী সংঘৰ্ষৰ ফলত ৰাজ্যখনত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি নাইকিয়া কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰণালয়ে যিখন শান্তি কমিটী গঠন কৰি দিছিল সেই কমিটীখন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে কুকি সম্প্ৰদায়ে৷ তেওঁলোকৰ মতে কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনাৰ পৰিস্থিতি সৃষ্টি কৰাত ব্যৰ্থ হৈছে৷ তদুপৰি মুখ্যমন্ত্ৰী বীৰেন সিঙক লৈ গঠন কৰা শান্তি কমিটীখন তেওঁলোকে গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিছে৷ স্মৰ্তব্য যে মণিপুৰত হিংসাৰ দাবানলে ভয়াৱহ ৰূপ ধৰাৰ বহু পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী উপস্থিত হৈছিল পৰিস্থিতি অধ্যয়নৰ বাবে৷ তাত তেওঁ তিনিদিন কটোৱাৰ পাছত দিল্লীলৈ প্ৰস্থান কৰাৰ পাছতে পুনৰ নতুনকৈ মণিপুৰত হিংসা আৰম্ভ হয়৷ ইয়াৰ পাছত যোৱা শনিবাৰে গৃহমন্ত্ৰণালয়ে ৰাজ্যপাল অনুসূয়া উকেইৰ নেতৃত্বত মুখ্যমন্ত্ৰী বীৰেন সিঙক অন্তৰ্ভুক্তিৰে গঠন কৰি দিয়ে ৫১ জনীয়া শান্তি কমিটীখন৷ এই কমিটীখনত মণিপুৰৰ সকলো জনগোষ্ঠীৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা হয়৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰ পাছতেই কুকি ইম্পি মণিপুৰ নামৰ সংগঠনটোৰ অধ্যক্ষ অজনাগ খোংগছাই স্পষ্ট কৰি দিয়ে যে মুখ্যমন্ত্ৰী বীৰেন সিং থকা কমিটীখনৰ সৈতে তেওঁলোকে কোনো আলোচনাত ভাগ নলয়৷ ইয়াৰ বিপৰীতে কোকোমি নামৰ মণিপুৰৰ আন এটা আদিবাসী জনজাতীয় সংগঠনে ৰাজ্যখনৰ শেহতীয়া হিংসাৰ বাবে কুকি সম্প্ৰদায়ক দোষাৰোপ কৰে৷ সংগঠনটোৰ মতে যেতিয়ালৈকে মণিপুৰত হিংসা সমুলঞ্চে আঁতৰ নহয় তেতিয়ালৈকে শান্তি আলোচনাত ভাগ লোৱাটো সম্ভৱ হ’ব নোৱাৰে৷ এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া শান্তি কমিটীখন কিমানদূৰ ফলপ্ৰসূ হ’ব তাক লৈ এতিয়া প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷