Logo
image

অসমত এতিয়া নাই এজনো ভুৱা শিক্ষাৰ্থী!

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জুনঃ ৰাজ্যৰ বিদ্যালয়ত হ্ৰাস পাইছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা৷ ২০২১-২২ বৰ্ষৰ তুলনাত ২০২২-২৩ বৰ্ষৰ জুন পৰ্যন্ত বিভিন্ন বিদ্যালয়ত হ্ৰাস পাইছে ৫.৯৫ শতাংশ৷ ভেঞ্চাৰ স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ ভেঞ্চাৰ স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে ১৬.১৫ শতাংশ৷ সোমবাৰে গুৱাহাটীৰ দিছপুৰস্থিত নেডকি হাউচত এখন সংবাদমেল আয়োজন কৰি এই কথা সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ সংবাদমেলত মন্ত্ৰী পেগুৱে কয়–ৰাজ্যত আজিৰ তাৰিখত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭০ লাখ ৯৫ হাজাৰ ৭৫৯ গৰাকী৷ ২০২১-২২ বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৭৫ লাখ ৪৪ হাজাৰ ৯৫৬ গৰাকী৷ চৰকাৰী, বেচৰকাৰী, প্ৰাদেশীকৃত তথা অন্যান্য বিদ্যালয়ত ২০২১-২২ বৰ্ষৰ তুলনাত ৪ লাখ ৪৯ হাজাৰ ১৯৭ জন শিক্ষাৰ্থী হ্ৰাস পাইছে৷ ভেঞ্চাৰ স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে ৰ লাখ ৩১ হাজাৰ ২২৮ জন৷ ২০২১-২২ বৰ্ষত ভেঞ্চাৰ স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৮ লাখ ১২ হাজাৰ ৭১৪ জন৷ এইবেলি এই সংখ্যা ৬ লাখ ৮১ হাজাৰ ৫৪৬ জনলৈ হ্ৰাস পাইছে৷ মধ্যাহ্ন ভোজন আৰু ইউনিফৰ্মৰ নামত অহা ধনৰ লোভত একাংশ বিদ্যালয়ত ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম সন্নিবিষ্ট হৈ আছিল ৰাজ্যত এতিয়া ভূৱা শিক্ষাৰ্থী এজনো নাই৷ ‘ইউ ডাইচ’ এপ মুকলি কৰাৰ পাছতে এনে ছাত্ৰ-ছাত্ৰী নোহোৱা হৈছে৷ ফলস্বৰূপে হ্ৰাস পাইছে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও৷ ৰাজ্যৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত ২.৪৪ শতাংশ ছাত্ৰ-ছাত্ৰী হ্ৰাস পাইছে৷ ২০২১-২২ বৰ্ষত চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৫১ লাখ ৩৭ হাজাৰ ৪৭ জন৷ সম্প্ৰতি চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫০ হাজাৰ ১১ হাজাৰ ৬৩৪ জন৷ বিগত বৰ্ষৰ তুলনাত চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ত এইবেলি ৰ লাখ ২৫ হাজাৰ ৪১৩ গৰাকী ছাত্ৰ-ছাত্ৰী হ্ৰাস পাইছে৷ চৰকাৰী খণ্ডৰ বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীৰ সংখ্যাৰ ক্ষেত্ৰত দেশৰ ভিতৰত অসম অন্যতম৷ অসমৰ ৬৮ শতাংশ ছাত্ৰ-ছাত্ৰী চৰকাৰী খণ্ডৰ বিদ্যালয়ত পঢ়ে৷ বেচৰকাৰী খণ্ডৰ বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে৷ বেচৰকাৰী খণ্ডত ১২.০৭ শতাংশ হ্ৰাস পাইছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা৷ ২০২১-২২ বৰ্ষত বেচৰকাৰীখণ্ডৰ বিদ্যালয়ক ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ১৫ লাখ ৯৫ হাজাৰ ১৩৫ জন৷ এইবেলি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৪ লাখ ২ হাজাৰ ৫৭৯ জনলৈ হ্ৰাস পাইছে৷


মাধ্যমৰ ক্ষেত্ৰত পিছুৱাই নাহে শিক্ষা বিভাগ

ষষ্ঠ শ্ৰেণীৰ পৰা গণিত-বিজ্ঞান ইংৰাজীত ছপা কৰি বিতৰণ কৰা কাৰ্যৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা, অসম সাহিত্য সভা, বিভিন্ন শিক্ষকক সংগঠনে তীব্ৰ প্ৰতিবাদ কৰিলেও অলৰ অচৰ অসম চৰকাৰ৷ এই ক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত সলনি নকৰে৷ সোমবাৰে নেডফি হাউচত সংবাদমেলত এই কথা স্পষ্ট কৰি দিয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ তেওঁ কয়–ষষ্ঠ শ্ৰেণীৰ পৰা গণিত-বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত ছপা কৰা সন্দৰ্ভত কোনো বিদ্যালয় কতৃৰ্পক্ষ অথবা অভিভাৱকে চৰকাৰক কোনো অভিযোগ দিয়া নাই৷ এই সন্দৰ্ভত যিহেতু শিক্ষক বা অভিভাবকৰ পৰা অভিযোগ পোৱা নাই গতিকে সিদ্ধান্ত সলনিৰ কথাও ভবা নাই৷