Logo
image

‘বিপৰ্যয়’ ৰুধিবলৈ তৎপৰ কেন্দ্ৰ

নতুন দিল্লী, ১৩ জুনঃ  প্ৰচণ্ড বেগেৰে আহি আছে সাগৰীয় ঘূৰ্ণি ‘বিপৰ্যয়’৷ ইতিমধ্যে অতি ঘূৰ্ণিলৈ পৰিণত হোৱা ‘বিপৰ্যয়’ক লৈ কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ যাৰ বাবে ঘূৰ্ণিজাকক মোকাবিলা কৰাৰ ক্ষেত্ৰত  প্ৰশাসনে কেনেধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰিছে সেয়া পৰ্যৱেক্ষণৰ বাবে সোমবাৰে তেওঁ এক বিশেষ বৈঠকত মিলিত হয়৷ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে সোমবাৰে পুৱা ‘বিপৰ্যয়ে’ অধিক শক্তি বৃদ্ধি কৰি উত্তৰ দিশে অগ্ৰসৰ হৈছে৷ অহা বৃহস্পতিবাৰে ঘূৰ্ণিজাকে গুজৰাটৰ কচ্ছ উপকূলত আছাৰ খাই পৰাৰ সম্ভাৱনা আছে৷ সেই সময়ত ঘূৰ্ণিজাকৰ গতিবেগ ঘণ্টাত ১০০৪ পৰা ১৫০ কিলোমিটাৰ  হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷ ইপিনে সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে অনুষ্ঠিত বিশেষ বৈঠকত ঘূৰ্ণিজাকৰ ফলত হ’ব পৰা দুৰ্যোগ মোকাবিলা কৰাৰ বাবে প্ৰশাসনে কি কি পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে চৰকাৰী বিষয়াসকলে অৱগত কৰে৷ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান বিভাগৰ মতে বিপৰ্যয়ৰ বাবে সোমবাৰে পুৱাৰে পৰা মুম্বাই তথা মহাৰাষ্ট্ৰত প্ৰৱল বৃষ্টিপাত আৰম্ভ হয়৷ উল্লেখ্য যে মুম্বাইত ‘বিপৰ্যয়’ৰ প্ৰভাৱ দেওবাৰে বিয়লিৰে পৰা পৰিবলৈ ধৰে৷ অধিক শক্তি বৃদ্ধি কৰি অগ্ৰসৰ হোৱা ঘূৰ্ণিজাকৰ বাবে দেওবাৰে হঠাৎ মুম্বাইৰ বতৰ বেয়া হ’বলৈ আৰম্ভ কৰে৷ ফলত মুম্বাইৰ পৰা উৰা মাৰিব লগা একাধিক বিমানৰ যাত্ৰা বাতিল কৰা হয়৷ সোমবাৰৰ দিনটোতো মুম্বাই বিমান বন্দৰত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ কিয়নো বিমান বাতিলৰ লগতে মুম্বাইত কেইবাখনো বিমানে অৱতৰণ কৰিব নোৱাৰাকৈ উভতি যায়৷ একেদৰে সমুদ্ৰৰ বন্দৰসমূহতো  সতৰ্কতা জাৰি কৰা হৈছে৷ মৎস্যজীৱীসকলক অহা ১৫ জুনলৈ উপকূলীয় অঞ্চলসমূহৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে৷ উল্লেখ্য যে ‘বিপৰ্যয়’ৰ বাবে চুবুৰীয়া দেশ পাকিস্তানত ইতিমধ্যেই জলপ্ৰলয়ৰ সৃষ্টি হৈছে৷ ফলত এই পৰ্যন্ত দেশখনত বহু লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা গৈছে৷ ক্ষয়-ক্ষতিও হৈছে অজস্ৰ৷ ঘূৰ্ণিজাকৰ বাবে অহা দিন কেইটাত পাকিস্তানত অধিক ক্ষতি হোৱাৰ আশংকা আছে৷