Logo
image

‘সৰ্থেবাৰীৰ কাঁহশিল্পয়ো অচিৰেই লাভ কৰিব জিআই টেগ’

‘আমাৰ অসম’ৰ বৰপেটাৰ ষ্টাফ ৰিৰ্পৰ্টাৰ, ১৩ জুনঃ কংগ্ৰেছ আৰু এআইইউডিএফ দলে সংখ্যালঘুসকলক কেৱল মাত্ৰ ব্লেকমেইলিং কৰি থকা আহিছে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনকল্যাণকামী আঁচনিৰ সুফল ভাৰতবৰ্ষৰ লগতে অসমৰ সংখ্যালঘু লোকসকলে অধিক পৰিমাণে লাভ কৰিছে৷ ভাৰতবৰ্ষক বিশ্বগুৰু কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যি সেই সপোনক সাৰ্থক কৰাৰ বাবে ২৬ৰ নিৰ্বাচনত পুনৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বতেই চৰকাৰ গঠন কৰিব লাগিব- এই মন্তব্য ৰাজ্যৰ আইন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ৷ আজি বৰপেটা প্ৰেছ ক্লাবত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপুতি উপলক্ষে বৰপেটা লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত এখন সংবাদ মেল সম্বোধন ককি মন্ত্ৰীজনে কয় যে, ৯ বছৰীয়া কাৰ্যকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে মধ্যভোগীৰ ব্যৱস্থা নোহোৱা কৰি বেংক একাউণ্টৰ জৰিয়তে হিতাধিকাৰীক ধন আদায় দিয়াৰ বৃহৎ পদক্ষেপ কৰিছে৷  মন্ত্ৰীজনে কয় যে, কেন্দ্ৰীয় চৰকাৰে অসমত বন্দে ভাৰতৰ দৰে দ্ৰুতবেগী ৰে’লৰ চলাচল আৰম্ভ কৰাৰ লগতে ত্ৰিপুৰা, মণিপুৰ অৰুণাচললৈৰে'ল চলাচলৰ ব্যৱস্থা কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ ভাৰতমালা আঁচনিৰ জৰিয়তে নতুন নতুন পথ নিৰ্মাণৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথত ওভাৰব্ৰীজ নিৰ্মাণৰ কাম আৰম্ভ হোৱা বুলিও তেওঁ উল্লেখ কৰে৷ মোদীৰ শাসনকালত এতিয়া বৰঝাৰ বিমান বন্দৰত প্ৰতিদিনে ১৬৪খনলৈকে ফ্লাইট লেণ্ডিং হোৱাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰী ৰণজিৎ দাসে৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমীয়া গামোচাক জিআইটেগ দিয়াৰ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰি অচিৰেই সৰ্থেবাৰীৰ কাঁহ শিল্পক জি আই টেগ দিয়া হ’ব বুলিও মন্ত্ৰীজনে সংবাদমেলত সদৰি কৰে৷ ইপিনে কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত ৰাজ্যৰ বিজেপি মিত্ৰজোট চৰকাৰে গ্ৰহণ কৰা কেতবোৰ কল্যাণকামী আঁচনিৰ সুফল হিতাধিকাৰীয়ে লাভ কৰাৰ কথাও মন্ত্ৰীজনে সংবাদমেলত উল্লেখ কৰে৷ কৃষকৰ উন্নয়নৰ স্বাৰ্থত ৰাজ্যৰ বিজেপি মিত্ৰজোটৰ চৰকাৰে হাতত লোৱা আঁচনি অনুসৰি ২,০৪০ টকা দৰত ৬১ হাজাৰ কৃষকৰ পৰা ১০ লাখ মেট্ৰিকটন ধান ক্ৰয়ৰ লক্ষ্যৰ কথা প্ৰকাশ কৰে৷ সংখ্যালঘু অধ্যুষিত বৰপেটা লোক সভা সমষ্টিৰ সংখ্যালঘু ভোটাৰেও যিহেতু চৰকাৰৰ কল্যাণ মুলক আচনিৰ সুফল লাভ কৰিছে সেয়েহে সংখ্যালঘু ভোটাৰে বিবেক ভোট দি বিজেপি মিত্ৰজোঁটক জয়ী কৰিব বুলিও মন্ত্ৰীজনে দাবী কৰে৷  সংবাদ মেলত বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায়, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল দাস, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা, সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মড়ল, অসম পেট্ৰোকেমিকেলচৰ সঞ্চালক জিতু তালুকদাৰ উপস্থিত থাকে৷