Logo
image

পৰীক্ষা বাতিল কৰি ৩১ স্কুলৰ শিক্ষকক অম্বুবাচীৰ দায়িত্ব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ জুনঃ শক্তিপীঠ মা কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা৷ দেশ-বিদেশৰ ভক্ত-দৰ্শনাৰ্থীয়ে ভিৰ কৰিবলগীয়া কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাক লৈ চৰকাৰ-প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে৷ কিন্তু নীলাচল পাহাৰৰ অম্বুবাচী মেলাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানকে ছাত্ৰ-ছাত্ৰীৰ মাজত উক্ত দিনকেইটাত পৰীক্ষা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰি আজৱ নিৰ্দেশনা জাৰি কৰিছে৷ ইয়াক মাজতে আন এটা আজৱ নিৰ্দেশনাৰ বাবে এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চৰকাৰৰ আনটো আজৱ নিৰ্দেশনা হৈছে– কামৰূপ মহানগৰৰ জিলা চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকসকলে পৰীক্ষা তথা পাঠদান বন্ধ কৰি অম্বুবাচীৰ কামত জড়িত হ’ব লাগিব৷ অম্বুবাচী মেলাৰ দায়িত্ব পালনৰ বাবে গুৱাহাটীৰ ৩১খন শিক্ষানুষ্ঠানৰ শিক্ষক তথা মুৰব্বীলৈ শিক্ষা বিভাগৰ ফালৰ পৰা জাননীও জাৰি কৰা হৈছে৷ জিলা বিদ্যালয় পৰিদৰ্শকে এটা নিৰ্দেশনাযোগে নিৰ্দিষ্ট প্ৰতিখন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৩জনকৈ আৰু হাইস্কুলসমূহৰ পৰা ৩জনকৈ শিক্ষকে অম্বুবাচীৰ কাৰ্যসূচীত দায়িত্ব পালন কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে৷ অৰ্থাৎ গুৱাহাটী মহানগৰীৰ পৰিসীমাৰ ভিতৰত থকা প্ৰতিখন হাইস্কুল তথা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকেই অম্বুবাচীত অতিৰিক্ত দায়িত্ব পালন কৰিব লাগিব৷ ইফালে, অম্বুবাচী মেলাৰ বাবে পৰীক্ষা নাপাতিবলৈ গুৱাহাটীৰ স্কুলসমূহক নিৰ্দেশ দিয়াৰ পাছত এইবাৰ ৩১খন বিদ্যালয়ৰ শিক্ষকক অম্বুবাচী মেলাৰ কামত ব্যৱহাৰ কৰিবলৈ অসম চৰকাৰৰ নিৰ্দেশত শিক্ষা বিভাগে জাননী জাৰি কৰি শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰিবলৈ ওলোৱা কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে৷ এই সন্দৰ্ভত ডিৱাইএফআইৰ সম্পাদক ৰিতু ৰঞ্জন দাস আৰু সভাপতি ৰুস্তম আলীয়ে চৰকাৰক এনে কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাই এটা বিবৃতিত কয়– ‘অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অম্বুবাচী মেলা অনুষ্ঠিত হ’ব৷ এই মেলা উপলক্ষে চৰকাৰৰ নিৰ্দেশত ২১ জুনৰ পৰা ২৭ জুনৰ ভিতৰত বিদ্যালয়ৰ কোনো পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ কামৰূপ (মহানগৰ) স্কুল পৰিদৰ্শকে নিৰ্দেশ জাৰি কৰিছিল৷ ইমানতে ক্ষান্ত নাথাকি পুনৰ ৩১খন বিদ্যালয়লৈ নিৰ্দেশ জাৰি কৰিছে য’ত কোৱা হৈছে প্ৰতিখন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্তজন আৰু উচ্ছ মাধ্যমিক বিদ্যালয়ৰ পৰা ৩ জনকৈ শিক্ষকে অম্বুবাচী মেলাৰ দায়িত্ব পালন কৰিব লাগিব৷ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষা আৰু ক্লাছ বন্ধ কৰি কোনো দায়িত্বশীল চৰকাৰে অনাশৈক্ষিক কামত শিক্ষকক ব্যৱহাৰ নকৰে৷ কিন্তু কথাই প্ৰতি দায়িত্বশীল শাসকৰ পৰিচয় দিব বিচৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত কৰি চৰম দায়িত্বহীনতাৰ পৰিচয় দিব ওলাইছে৷ এয়া অতি নিন্দনীয়৷’ চৰকাৰে যি মন যায় তাকেই কৰিব– এনে মনোবৃত্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ডি ৱাই এফ আইয়ে শিক্ষক সমাজ তথা সচেতন ৰাইজৰ প্ৰতি আহ্বান জনাইছে৷