Logo
image

শিলসাঁকোৰ মাটি বিক্ৰী কৰিছিল বিজেপি নেত্ৰীয়ে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৪ জুনঃ উচ্ছেদক কেন্দ্ৰ কৰি পঞ্চম দিনাও শিলসাঁকোত চেপা উত্তেজনাই বিৰাজ কৰিছে৷ চৰকাৰে ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান অব্যাহত ৰখাৰ মাজতে এগৰাকী বিজেপি নেত্ৰীয়ে শিলসাঁকোৰ মাটি বিক্ৰী কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ উচ্ছেদিত জনতাই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মৰণপণ যুঁজ দিবলৈ শিলসাঁকোত টেণ্ট টানি ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ চৰকাৰৰ এই তৎপৰতাৰ মাজতে একাংশ প্ৰতিবাদীযে তেওঁলোক কোনোপধ্যে বেদখলকাৰী নহয় বুলি দাবী কৰিছে৷ শিলসাঁকোৰ বহু মাটি বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ নেত্ৰী অকনী দেৱীৰ পৰা ক্ৰয় কৰি তেওঁলোকে ঘৰবাৰি সাজি বিগত ১৪-১৫ বছৰ ধৰি বস বাস কৰি থকা বুলি একাংশ প্ৰতিবাদকৰীয়ে আজি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ মূলতঃ মাটি-ভেটি ৰক্ষা কৰিবলৈ প্ৰতিবাদকাৰী সকলে বুকুত গুলী খাব কিন্তু উচ্ছেদ হবলৈ নিদিযে বুলি হুংকাৰ প্ৰদান কৰিছে৷ চৰকাৰে সৃষ্টি কৰা যুদ্ধসদৃশ পৰিবেশৰ মাজতে শিলসাঁকোত প্ৰতিবাদী সাধাৰণ জনতাই গৰ্জন দিছে– ‘তেজ দিম, মাটি নিদিওঁ৷’ গুলীয়াই মাৰিবলৈ আহ৩ান জনোৱা আৰক্ষী পিচহুঁহুকি যোৱাত কান্দোনত ভাগি পৰিছে একাংশ অসহায় মহিলাই৷ ঘৰ ভাঙি দিলে তেওঁলোক কলৈ যাব, ক’ত থাকিব তাক লৈ প্ৰশ্ন কৰিছে৷ খিলঞ্জীয়াৰ চৰকাৰ বুলি ভোট দিয়া বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ সৈতে বিশ্বাসঘাতকতা কৰা বুলিও অভিযোগ কৰিছে৷ তথাপি পিচহুঁহকি যোৱা নাই তেওঁলোক৷ শিলসাঁকোৰ পাৰত আজি একাংশ প্ৰতিবাদী মহিলাই সাংবাদিকৰ আগত কয়– ‘মুখ্যমন্ত্ৰীয়ে এই বিশাল আৰক্ষী বাহিনী পঠিয়াই আমাক কিয় ভয় দেখুওৱাৰ চেষ্টা কৰিছে? তেওঁ আহি আমাৰ লগত প্ত মিনিট আলোচনা কৰিব লাগিছিল৷  আমাক সমাধান দিব লাগিছিল৷ ‘ ইয়াৰ মাজতে একাংশ প্ৰতিবাদকাৰীয়ে কৈছে– ‘অৰুণাচলীক বাধা দিব নোৱৰা অসম আৰক্ষীয়ে আমাৰ ওপৰত অত্যাচাৰ চলাবলৈ আহিছে৷ আমি যুঁজিম, কিন্তু মাটি এৰি নিদিওঁ৷ ‘ বিশাল আৰক্ষী বাহিনী লৈ জি এম ডি এৰ বিষয়াই শিলসাঁকোৰ পাৰত উচ্ছেদ চলাবলগীয়া ঘৰসমূহ চিনাক্ত কৰিছে৷ দুই-এদিনতে অঞ্চলটোত চলিব চৰকাৰৰ এই বৃহৎ উচ্ছেদ অভিযান৷ কিন্তু সোমবাৰ আৰু মঙলবাৰৰ দিনটোত শিলসাঁকোৰ পাৰত যি উত্তেজনাময় পৰিবেশৰ সৃষ্টি হৈছে, সেই দিশৰ পৰা উচ্ছেদ চলোৱাৰ সময়ত অঞ্চলটোৰ পৰিবেশ আৰু ভয়ানক হোৱাৰ আশংকা বৃদ্ধি পাইছে৷ কৃষক মুক্তিৰ নেতা বিদু্যৎ শইকীয়াই সাংবাদিকৰ আগত কয়– ‘আৰক্ষীয়ে আজি বণিয়াৰ পক্ষ লৈ আক্ৰমণকাৰীৰ ভূমিকা লৈছে৷ অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত জঁপিয়াই পৰিছে৷ আমাক গোৰ মাৰিছে, মহিলাক প্ৰহাৰ কৰিছে৷ আমাৰ এটাই অপৰাধ– আমি থাকিবলৈ অলপ মাটি বিচাৰিছো৷ আপোনালোকে উচ্ছেদ নকৰিব৷ আমি অসমীয়া, আমাক থাকিবলৈ দিয়ক৷ যদি ইয়াত জিঞ্জাৰ থাকিব পাৰে, আমি কিয় থাকিব নোৱাৰো? যদি আজমল থাকিব পাৰে, হিম্মৎসিংকা থাকিব পাৰে আমি কিয় থাকিব নোৱাৰো? ইয়াত অশোক সিংহল কোন আমাক খেদিবলৈ? এই প্ৰশ্ন কৰা বাবে আজি আমাক মাৰিছে৷ আমাক খেদি খেদি পিটিছে৷ আমি সিদ্ধান্ত লৈছো– আমি দিনে-ৰাতিয়ে ইয়াতে থাকিম৷ পুলিচে কেম্প বনাইছে, আমিও ইয়াত কেম্প বনাম৷ গোটেই অসমৰ মানুহক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছো৷ এই উচ্ছেদ অসমৰ আন প্ৰান্তৰ উচ্ছেদৰ সৈতে নিমিলে৷ ইয়াত সকলো খিলঞ্জীয়া মানুহ আছে৷ এশ শতাংশ ট্ৰাইবেল মানুহ৷ ইয়াত মিচিং মানুহক গুৰুলাগুৰুলকৈ পিটিছে৷ ক’ত গ’ল ৰণোজ পেগু-ভুবন পেগু? ইয়াত বড়ো মানুহক গুৰুলাগুৰুলকৈ পিটিছে৷ ক’ত গ’ল প্ৰমোদ বড়ো? ইয়াত অসমীয়াক পিটিছে৷ ক’ত গ’ল অতুল বৰা? আমি প্ৰশ্ন কৰিছো৷ আমাৰ জীৱন গ’লেও যাব, আমি ইয়াৰ পৰা ক’লৈকো নাযাওঁ৷ আমি চাম অসমীয়া মানুহৰ পৰা অশোক সিংহল, নাৰায়ণ ডেকা, জি এম ডি এৰ অভিযন্তা মণ্টু বৰাই কেনেদৰে মাটি কাঢ়ি নিয়ে৷ বিজেপিৰ গোকুল গোস্বামী, কামিনী শৰ্মাক আমি মনত ৰাখিছো৷ ৰাইজৰ পক্ষ নলৈ তেওঁলোকে পুলিচক আদৰিছে৷ এই মানুহবোৰ আমাৰ ঘৰ শত্ৰু বিভীষণ৷