Logo
image

আগন্তুক পাঁচটা দিনত অসমসহ উত্তৰ পূবত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত ১০ জুনত প্ৰৱেশ কৰাৰ পাছত স্বাভাৱিকতে বিগত চাৰি-পাঁচদিন ধৰি  উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো আৰম্ভ হৈছে বৰষুণ। বেচিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু কেবা ঠাইতো ধাৰাষাৰ বৰষুণ হৈছে। সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হ'লে তাক ধাৰাষাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয়৷ আনহাতে মৌচুমী বায়ুৰ প্ৰভাৱত ৰাজ্যৰ সকলো ঠাইতে বৰষুণ আৰম্ভ হোৱাত তাপমাত্ৰা বহুখিনি কমি গৈছে। ফলত ৰাইজে  প্ৰচণ্ড গৰমৰ পৰা বহুখিনী সকাহ লাভ কৰিছে। 

ইফালে অসমৰ উপৰি চুবুৰীয়া অৰুণাচল প্ৰদেশ আৰু ভূটানত বিগত দুটা দিনত প্ৰৱল বৃষ্টিপাত হোৱাত ব্ৰহ্মপুত্ৰকে ধৰি সকলো নৈ-উপনৈৰ জলস্তৰ পুনৰ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই বুধবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি বিগত দুটা দিনত উজনি অসম আৰু উত্তৰ অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বহু ঠাইত প্ৰৱল বৃষ্টিপাত হৈছে। আনকি বৰাক উপত্যকাৰ কাছাৰ জিলাতো ঠাই বিশেষে বিগত দুটা দিনত প্ৰবল  বৃষ্টিপাত হৈছে। ফলত বিগত ২৪ ঘণ্টাত কাছাৰ, ধেমাজী আৰু লখিমপুৰ জিলাৰ এক বিস্তীৰ্ণ অঞ্চল বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি  অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, আৰু মেঘালয়ৰ বহু ঠাইত প্ৰৱল বৃষ্টিপাত হোৱাৰ লগতে উত্তৰ পূবৰ বাকী ৰাজ্য কেইখনতো কম-বেছি পৰিমাণে বৰষুণ হব। বুধবাৰ সন্ধিয়া পৰ্যন্ত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে কম-বেছি পৰিমাণে বৰষুণ হোৱাৰ লগতে কেতবোৰ ঠাইত প্ৰৱল বৃষ্টিপাত হৈছে৷ 

বুধবাৰ বিয়লি পর্যন্ত বিগত ২৪ ঘণ্টাত উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক ৩১০  মিঃমিঃ বা ৩১ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে বিশ্বৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা অঞ্চল হিচাপে পৰিচিত মৌচিনৰামত। তাৰ পাছত অসমৰ ভিতৰত সৰ্বাধিক ১১০ মিলিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে শদিয়াৰ ছৈখোৱাঘাটত। একেদৰে উত্তৰ অসম আৰু গাতে লগা অৰুণাচল প্ৰদেশৰ বেছিভাগ ঠাইতে ৯০ মিলিমিটাৰ পৰিমাণৰ হৈছে৷ যাৰ বাবে উত্তৰ অসমত অৰুণাচল প্ৰদেশৰ পৰা নামি অহা আটাইকেইখন নৈ ফেনে ফেটেকাৰে ওফন্দি উঠিছে আৰু এক বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে ।  ইফালে মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয়  আৰু ভূটানত  আগন্তুক পাঁচটা দিনত প্ৰবল বৃষ্টিপাত হব বুলি বুধবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে। 

এই  সতৰ্কতাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সকলো জিলা উপায়ুক্তকে সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে। ইতিমধ্যে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ জলসম্পদ বিভাগৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি মঙলবাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ জলস্তৰ উজনি অসমত বৃদ্ধি পাইছে। বুধবাৰেও এই জলস্তৰ বৃদ্ধিৰ ধাৰা অব্যাহত আছে। অৱশ্যে সন্ধিয়া পৰ্যন্ত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহে ক'তো বিপদসীমা অতিক্ৰম কৰা নাই৷ কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সতৰ্কতা যদি বাস্তৱত পৰিণত হয় তেন্তে অহা তিনি-চাৰিদিনৰ ভিতৰতে ব্ৰহ্মপুত্ৰ আৰু সকলো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি হৈ বানপানী হোৱাটো নিশ্চিত। আনকি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো আগন্তুক বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তকে ধৰি সংশ্লিষ্ট সকলো বিভাগে সম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ আৰু অসম চৰকাৰৰ অনুৰোধত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ কেবাটাও উচ্চ প্ৰশিক্ষিত উদ্ধাৰকাৰী দল যিকোনো মুহূৰ্তত যিকোনো ঠাইত যিকোনো পৰিস্থিতিত যাতে তৎক্ষণাৎ গৈ উপস্থিত হব পাৰে তাৰ বাবে উদ্ধাৰকাৰ্যত ব্যৱহৃত অত্যাধুনিক সা-সজুলিৰে সৈতে সাজু কৰি ৰখা হৈছে। ইয়াৰে এটা দল ইতিমধ্যে ডিমা হাছাও জিলালৈ ৰাওনা হৈছে।