Logo
image

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত নাজিৰা ৰাজহ চক্ৰৰ লাট মণ্ডল দিগন্ত বৰুৱা

ডিজিটেল সংবাদ, নাজিৰাঃ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিত ৰাজ্য চৰকাৰে সৱল স্থিতি গ্ৰহণ কৰি ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে দুৰ্নীতি নিবাৰক শাখাই অভিযান অব্যাহত ৰাখিছে। বুধবাৰে উৎকোচ লৈ নাজিৰা ৰাজহ চক্ৰৰ এজন লাট মণ্ডল দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা ঘটনাই সমগ্ৰ নাজিৰাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা মৰ্মে নাজিৰা ৰাজহ চক্ৰৰ অভয়পুৰীয়া খণ্ডৰ  লাট মণ্ডল দিগন্ত বৰুৱাই এজন ব্যক্তিক ট্ৰেচ মেপ আৰু দাগ নম্বৰৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ১০ হাজাৰ টকা দাবী কৰে। টকা নোপোৱালৈকে বিভিন্ন অজুহাত দেখুৱাই দীৰ্ঘদিন ধৰি নাজিৰা ৰাজহ চক্ৰৰ গেলেকী দেওপানীৰ নিৱাসী তথা অভয়পুৰীয়াৰ ম্যাদি পট্টাৰ গৰাকী আবেদনকাৰীৰ পৰা টকা বিচাৰি বাৰে বাৰে ফোন কৰি ব্যতিব্যস্ত কৰি তুলে। আবেদনকাৰীয়ে একেলগে ১০ হাজাৰ টকা দিবলৈ অপৰাগ হোৱাত ৭ হাজাৰ টকাত মান্তি হয় লাট মণ্ডল দিগন্ত বৰুৱা। ইয়াৰ পিছতে আবেদনকাৰীয়ে দুৰ্নীতি নিবাৰকৰ সহায় লয় আৰু পৰিকল্পনা মতে লাট মণ্ডল দিগন্ত বৰুৱাক তাৰে ৫ হাজাৰ টকা কৌশলগতভাৱে দিয়াৰ ব্যৱস্থা কৰে। সেই মৰ্মে ব্যক্তিজনে পুৱা ভাগত কাৰ্যালয়লৈ গৈ লাট মণ্ডল দিগন্ত বৰুৱাক নগদ ৫ হাজাৰ টকা দিয়াৰ মুহূৰ্ততে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।