Logo
image

‘বিপৰ্যয়’ৰ পূৰ্বেই উত্তৰ অসমত বান বিপৰ্যয়

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৫  জুনঃ আৰব সাগৰত সৃষ্টি হোৱা ভয়ংকৰ চাইক্ল’ন ‘বিপৰ্যয়ে’ গুজৰাটত তাণ্ডৱ সৃষ্টি কৰাৰ পূৰ্বেই আগতীয়া বানত অসমত বিপৰ্যয় আৰম্ভ হৈছে৷ নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত উত্তৰ অসমৰ বিস্তীৰ্ণ অঞ্চলত বানে বিপৰ্যয়ৰ সৃষ্টি কৰিছে৷ আনহাতে, বৃহস্পতিবাৰে গুজৰাটৰ উপকূলৱৰ্তী অঞ্চলত অতি ভয়ংকৰ ঘূৰ্ণিবৃষ্টি ‘বিপৰ্যয়ে’ তাণ্ডৱ সৃষ্টি কৰাৰ আশংকাত ত্ৰস্তমান হৈ আছে গুজৰাটবাসী৷ ‘বিপৰ্যয়’ নামৰ এই চাইক্ল’নৰ মোকাবিলা কৰিবৰ বাবে সকলোধৰণৰ প্ৰস্তুতি চলাই থকাৰ সময়তে দেশৰ ইটো প্ৰান্তৰ অসমত বানপানীয়ে প্ৰবল বিপৰ্যয় আৰম্ভ কৰিছে৷ উল্লেখ্য, বিগত দুটা দিনত উজনি অসম আৰু উত্তৰ অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ বহু ঠাইত প্ৰবল বৃষ্টিপাত হৈছে৷ আনকি বৰাক উপত্যকাৰ কাছাৰ জিলাতো ঠাইবিশেষে বিগত দুটা দিনত প্ৰবল বৃষ্টিপাত হৈছে৷ ফলত বিগত ২৪ ঘণ্টাত কাছাৰ, ধেমাজী আৰু লখিমপুৰ জিলাৰ এক বিস্তীৰ্ণ অঞ্চল বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, আৰু মেঘালয়ৰ বহু ঠাইত প্ৰবল বৃষ্টিপাত হোৱাৰ লগতে উত্তৰ পূবৰ বাকী ৰাজ্য কেইখনতো কম-বেছি পৰিমাণে বৰষূণ হব৷ বুধবাৰ সন্ধিয়া পৰ্যন্ত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যতে কম-বেছি পৰিমাণে বৰষূণ হোৱাৰ লগতে কেতবোৰ ঠাইত প্ৰবল বৃষ্টিপাত হৈছে৷ বুধবাৰ বিয়লি পৰ্যন্ত বিগত ২৪ ঘণ্টাত উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক ৩১০ মিঃমিঃ বা ৩১ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে বিশ্বৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা অঞ্চল হিচাপে পৰিচিত মৌচিনৰামত৷ তাৰ পাছত অসমৰ ভিতৰত সৰ্বাধিক ১১০ মিলিমিটাৰ পৰিমাণৰ বৰষূণ হৈছে শদিয়াৰ ছৈখোৱাঘাটত৷ একেদৰে উত্তৰ অসম আৰু গাতে লগা অৰুণাচল প্ৰদেশৰ বেচিভাগ ঠাইতে ৯০ মিলিমিটাৰ পৰিমাণ অধিক বৰষুণ হৈছে৷ যাৰ বাবে উত্তৰ অসমত অৰুণাচল প্ৰদেশৰ পৰা নামি অহা আটাইকেইখন নৈ ফেনে ফেটেকাৰে ওফন্দি উঠিছে আৰু এক বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছে৷  ইফালে মৌচুমী বায়ুৰ প্ৰভাৱত অসমৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশ, মেঘালয় আৰু ভূটানত আগন্তক পাঁচটা দিনত প্ৰবল বৃষ্টিপাত হব বুলি বুধবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে৷  এই সতৰ্কতাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সকলো জিলা উপায়ুক্তকে সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ ইতিমধ্যে ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনৰ জলসম্পদ বিভাগৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ সূত্ৰই সদৰি কৰা অনুসৰি মঙলবাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ জলস্তৰ উজনি অসমত বৃদ্ধি পাইছে৷ বুধবাৰেও এই জলস্তৰ বৃদ্ধিৰ ধাৰা অব্যাহত আছে৷ অৱশ্যে সন্ধিয়া পৰ্যন্ত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ আৰু উপনৈ সমূহে কতো বিপদসীমা অতিক্ৰম কৰা নাই৷ কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সতৰ্কতা যদি বাস্তৱত পৰিণত হয় তেন্তে অহা তিনি-চাৰিদিনৰ ভিতৰতে ব্ৰহ্মপুত্ৰ আৰু সকলো নৈ-উপনৈৰ জলস্তৰ বৃদ্ধি হৈ বানপানী হোৱাটো নিশ্চিত৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো আগন্তুক বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তকে ধৰি সংশ্লিষ্ট সকলো বিভাগে সম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে৷

লখিমপুৰত শিঙৰা নৈয়ে ভাঙিলে মথাউৰি, বহু গাঁও জলমগ্ন

লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত শলমৰীয়াত বৃহস্পতিবাৰে দুপৰীয়া শিঙৰা নদীয়ে মথাউৰি ভাঙি জলপ্ৰলয়ৰ সৃষ্টি কৰে৷ নদীখনৰ বাঢ়নী পানীয়ে সোঁপাৰৰ মথাউৰিটোৰ প্ৰায় ১০০মিটাৰ অংশ দুপৰীয়া প্ৰায় ডেৰ বজাত ছিঙি নিয়াৰ ফলত ৰাজহ চক্ৰটোৰ ১০-১৫খন গাঁও ভয়াৱহ বানৰ কৱলত পৰিছে৷ উল্লেখ্য, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাতো কেইবাদিন ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত শিঙৰা নদীয়ে মথাউৰি ছিঙাত সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ নদীখনৰ কোবাল সোঁতে মথাউৰিটোৰ শ’লমৰীয়াত প্ৰায় ১০০মিটাৰ উটুৱাই নিয়াৰ ফলত অঞ্চলটোৰ কোঁৱৰ গাঁও, বালিটিকা, দীঘ পুখুৰী, শ’লমৰীয়া, বিষ্ণুপুৰ, কুটুকাই আদি গাঁওসমূহ বানৰ কৱলত পৰিছে৷ নদীৰ কোবাল সোঁতে আজি মথাউৰিৰ কাষতে থকা অশোক চৌধুৰীৰ লগতে তেওঁৰ পৰিয়ালৰ তিনিটাকৈ পকী বাসগৃহ বাঢ়নী পানীয়ে উটুৱাই তচ-নচ কৰি পেলায়৷ নদীখনৰ সংহাৰী বানত সমগ্ৰ অঞ্চলটো প্লাবিত হৈ পৰাত ইতিমধ্যে ঘটনাস্থলীত লখিমপুৰ জিলা প্ৰশাসনৰ নিৰ্দেশমৰ্মে এন ডি আৰ এফ বাহিনীয়ে বানাক্ৰান্ত লোকসকলক উদ্ধাৰ অভিযানত নামি পৰিছে৷ লখিমপুৰৰ জলসম্পদ বিভাগৰ আওপুৰণি মথাউৰিটো চলিত বৰ্ষৰ খৰালিত পুনৰ নিৰ্মাণ নকৰাৰ বাবেই নদীখনে সেই ঠাইত মথাউৰি ছিঙি নিয়া বুলি স্থানীয় ৰাইজে অভিযোগ কৰে৷ আনহাতে, নাওবৈচা ৰাজহ চক্ৰৰ শিঙৰা নদীৰ প্ৰবল বানে দলহাট-বৰছলা সংযোগী লোকনিৰ্মাণ বিভাগৰ পথটো বুৰাই পেলোৱাত এইপৰ্যন্ত যাতায়াত ব্যাহত হৈ পৰিছে৷ পুৱাৰে পৰা এই পথত একাঁঠুপৰ্যন্ত পানী উঠাৰ লগতে কাষৰীয়া গাঁওসমূহৰ বহু লোকৰ ঘৰৰ ভিতৰত বাঢ়নী পানীয়ে বুৰাই পেলোৱাত এই পৰিয়ালসমূহৰ মাজত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তেনেদৰে সমগ্ৰ অঞ্চলটোৰ লক্ষাধিক লোকে একামাত্ৰ গুৰুত্বপূৰ্ণ পথ হিচাপে ব্যৱহাৰ কৰি অহা দলহাট-বৰছলা সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটো বাঢ়নী পানীয়ে বুৰাই পেলোৱাৰ ফলত এই পথটো যাতায়াতৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে৷ খৰস্ৰোতা নদীখনৰ বাঢ়নী পানীয়ে চৌদিশ বুৰাই পেলোৱাত অঞ্চলটোৰ লোকসকলে দিক-বিদিক হেৰুৱাই পেলোৱাৰ লগতে তেওঁলোকৰ পশুধনসমূহো সমস্যাৰ সন্মুখীন হৈছে৷ বাতৰি লিখা পৰলৈকে জিলাখনৰ লগতে নাওবৈচা অঞ্চলত মূষলধাৰে বৰষুণ হৈ থকাৰ ফলত বানৰ কৱলত পৰা লোকসকলক উদ্ধাৰকাৰ্যত কিছু জটিলতাৰ সৃষ্টি হৈছে৷ বহু বানাক্ৰান্ত পৰিয়ালে ইতিমধ্যে দিশহাৰা হৈ নিৰাপদ স্থানলৈ ধাবিত হ’বলৈ বাধ্য হৈছে৷ জলসম্পদ বিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই নদীখনে বাৰিষাৰ আৰম্ভণিতে মথাউৰি ছিঙি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছে বুলি সকলোৱে অভিযোগ তুলিছে৷ বাঢ়নী পানীৰ কৱলত পৰি একাংশ লোক এতিয়াও জলবন্দী হৈ পৰিছে৷ বাঢ়নী পানীয়ে আজি বৃহৎসংখ্যক কৃষিপথাৰৰো ক্ষতিসাধন কৰে৷ আনহাতে, আজি এই প্ৰলয়ংকৰী বানৰ পাছতে ঘটনাস্থলীত লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱনে বোকা-পানী গছকি উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰে৷

জীয়াধলৰ পানীয়ে বুৰালে ৰাষ্ট্ৰীয় ঘাইপথ

ধেমাজিত আৰম্ভ হ’ল বানৰ তাণ্ডৱ৷ বিগত দুদিন ধৰি জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলত হৈ থকা মুখলধাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে ওপচি পৰিছে নৈ-উপনৈসমূহ৷ নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজি চকুলোৰূপে পৰিচিত খৰস্ৰোতা পাহাৰীয়া নৈ জীয়াধলত বৃদ্ধি পাইছে জলস্তৰ৷ বৃহস্পতিবাৰে দিনৰ ভাগত জীয়াধলৰ বাঢ়নী পানীয়ে বুৰাই পেলালে ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ৷ ধেমাজিৰ ভজো গাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তীব্ৰগতিত বাগৰিছে জীয়াধলৰ বাঢ়নী পানী৷ নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাই অহা জীয়াধলৰ বাঢ়নী পানীয়ে বিয়লিভাগত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ ওপৰৰে প্ৰায় একাঁঠুপৰ্যন্ত পানী বাগৰাত যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে৷ ব্যস্তময় পথছোৱাৰে পানী ফালি আগবাঢ়িব লগা হৈছে যান-বাহনসমূহ৷ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজো গাঁৱৰ প্ৰায় এশ মিটাৰৰো অধিক অংশৰ পথ জীয়াঢলৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে৷ ধাৰাসাৰ বৰষুণৰ ফলত ফেনে-ফুটুকাৰে বাঢ়ি অহা জীয়াধলৰ বাঢ়নী পানীয়ে জীয়াধল চাৰিআলিৰ ভজো গাঁৱৰ অংশৰ লগতে জীয়াধলৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে হেঁচুলি, কেঁকুৰী, চেঁচাসৰ, আমোলগুৰিকে আদি কৰি ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল৷ বানত বুৰ গৈছে বৃহৎ পৰিমাণৰ কৃষিভূমি৷ ইফালে জীয়াধলৰ কাংকু সুঁতিৰে অহা প্ৰবল পানীয়ে এনেদৰে জীয়াধলৰ বিস্তৃৰ্ণ অঞ্চল জলমগ্ন কৰাত বানবিধস্ত ৰাইজ ক্ষোভিত হৈ পৰিছে৷