Logo
image

জোনমণিৰ মৃত্যুৰ ঘটনাঃ তদন্তৰ দায়িত্ব লৈয়েই গুৱাহাটীত উপস্থিত চিবিআইৰ ডিআইজি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ জুনঃ সকলো বিতৰ্ক তথা জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব ল’লে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআই-এ৷ অসম চৰকাৰৰ গৃহ বিভাগৰ আবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ ডিপাৰ্টমেণ্ট অৱ পাৰ্ছনেল এণ্ড ট্ৰেইনিঙে বুধবাৰে এটা নিৰ্দেশযোগে এছআই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ চিবিআয়ে তদন্ত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ বিগত ১৬ মে’ৰ পুৱতি নিশা জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হৈছিল লেডী সিংঘম হিচাপে পৰিচিত নগাঁও জিলাৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ৷ কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই বিতৰ্কৰ লগতে দুৰ্ঘটনাটোক লৈও ৰহস্যৰ সৃষ্টি হৈছিল৷ কিয়নো জোনমণিৰ মৃত্যুৰ সৈতে নকল সোণ-জালনোট চক্ৰ জড়িত থকা বুলিও চৰ্চা হৈছিল৷ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটোক লৈ সাধাৰণ ৰাইজৰ মনত কেইবাটাও কাৰকৰ বাবে সন্দেহৰ সৃষ্টি হৈছিল৷ ইয়াৰ প্ৰথমটো কাৰণ আছিল ১৬ মে’ৰ পুৱতি নিশা জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যুৰ মুহূৰ্তৰ ব্যৱধানতে নগাঁৱৰ এছ পি লীনা দলেৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে জোনমণিৰ চৰকাৰী বাসভৱনত অভিযান চলাই নগদ ৩ লাখ টকা জব্দ কৰি আনিছিল৷ ইয়াৰ পাছতেই পুৱালৈ আৰক্ষীয়ে জোনমণি ৰাভাই লখিমপুৰৰ এজন ব্যক্তিক অপহৰণ কৰি পৰিয়ালৰ পৰা ৬ লাখ টকা ধন লৈ এৰি দিয়া বুলি আমিনা খাতুন নামৰ এগৰাকী মহিলাৰ অভিযোগত উত্তৰ-লখিমপুৰ থানাত দুৰ্ঘটনাৰ এদিন পূৰ্বে গোচৰ ৰুজু হোৱাৰ তথ্য ৰাজহুৱা কৰিছিল৷ অৱশ্যে জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই লখিমপুৰৰ হাছিনা বেগম নামৰ আন এগৰাকী মহিলাই নকল সোণ আৰু জালনোট চক্ৰৰ পৰা জোনমণি ৰাভাই প্ৰাণৰ ভাবুকি লাভ কৰাৰ বিস্ফোৰক অভিযোগ কৰিছিল৷ আনকি অপহৰণ আৰু ৬ লাখ টকা লুট কৰাৰ অভিযোগত গোচৰ ৰুজু নকৰাৰ বিনিময়ত নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাই জোনমণিক ৬ লাখ টকা দাবী কৰাৰো অভিযোগ কৰিছিল হাছিনা বেগমে৷ একে সময়ত হাছিনা বেগমে নকল সোণ-জালনোট চক্ৰৰ সৈতে লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ সম্পৰ্ক থকা আন এক তথ্য ফাদিল কৰাত বিষয়টো ৰহস্যঘন হৈ পৰে৷ ইফালে, বোকাখাতৰ প্ৰণৱ দাস নামৰ এজন যুৱকে নিজকে দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰি জোনমণি ৰাভাৰ ৰখাই থোৱা বাহনখনত সন্মুখৰ পৰা উত্তৰ প্ৰদেশৰ সুমিত কুমাৰ নামৰ চালকজনে চলাই অহা চাহপাত কঢ়িওৱা কণ্টেইনাৰ ট্ৰাকখনে খুন্দা মাৰিছিল বুলি বিস্ফোৰক অভিযোগ কৰিছিল৷ তদুপৰি উক্ত দুৰ্ঘটনাৰ পাছতেই জোনমণিৰ বাহনখনৰ পৰা এজন যুৱক নামি যোৱা বুলিও প্ৰণৱ দাসে দাবী কৰাত ঘটনাটোক অধিক ৰহস্যঘন কৰি তুলিছিল৷ ইফালে, জোনমণিৰ মাতৃয়ে কন্যা জোনমণিক পৰিকল্পিত হত্যা কৰাৰ অভিযোগ তুলি নগাঁৱত এছপি লীনা দলে, এছআই আভাজ্যোতি ৰাভাসহ কেইবাজনো আৰক্ষী বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ঘটনাৰ চাৰিদিন পাছতেই ডিজিপি জি পি সিঙে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ ভাৰ চি বি আইলৈ হস্তান্তৰ কৰাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু বিগত প্ৰায় এমাহ ধৰি চি বি আয়ে গোচৰটোৰ তদন্তৰ বাবে সন্মতি নজনোৱাত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ইয়াৰ অংশস্বৰূপে ৰাভা জনগোষ্ঠীয়ে ৰাইজে চানডুবিত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ এটা চৰকাৰী কাৰ্যসূচীকো বৰ্জন কৰিছিল৷ ইয়াৰ পাছতেই মুখ্যমন্ত্ৰীয়ে ডিজিপি জি পি সিঙক দিল্লীলৈ গৈ চিবিআইক সাক্ষাৎ কৰি বিষয়টো আগবঢ়াবলৈ নিৰ্দেশ দিছিল৷ সেই অনুসৰি সোমবাৰে জি পি সিঙে দিল্লীত চিবিআইৰ শীৰ্ষ বিষয়াসকলৰ সৈতেও জোনমণিৰ মৃত্যুৰ প্ৰসংগক লৈ আলোচনাত মিলিত হৈছিল৷ যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ ডিপাৰ্টমেণ্ট অৱ পাৰ্চনেল ট্ৰেইনিঙে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাটোৰ চিবিআয়ে তদন্ত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ নিৰ্দেশনাটোত চিবিআয়ে তদন্তত জোনমণি ৰাভাৰ মৃত্যুৰ সংক্ৰান্তত ৰুজু হোৱা ৪টা গোচৰক সামৰি ল’ব বুলিও সদৰী কৰিছে৷ জোনমণি ৰাভাই ৫ মে’ত নগাঁও থানাত ৪৪৩/২০২৩ নম্বৰত ৰুজু হোৱা গোচৰটোৰ ভিত্তিত লখিমপুৰত জালনোট বেপাৰী আজগৰ আলীৰ ঘৰত অভিযান চলাইছিল৷ সেই গোচৰটোকো তদন্ত কৰিব চিআইডিয়ে৷ আনহাতে, আজগৰৰ মাতৃ আমিনা খাতুনে জোনমণি ৰাভাই পুত্ৰ আজগৰক অপহৰণ আৰু ধন লুট কৰাৰ সন্দৰ্ভত উত্তৰ লখিমপুৰ থানাত ৰুজু কৰা ১৮৩/২৩ নম্বৰৰ গোচৰটোও চিবিআইৰ তদন্তৰ আউটিত থাকিব৷ তদুপৰি জোনমণি ৰাভাৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ৰুজু কৰা ৮৪/২৩ নম্বৰৰ নিজাববীয়া গোচৰটোৰ লগতে জোনমণিৰ মাতৃয়ে জখলাবন্ধা থানাত দাখিল কৰা ৮৭/২০২৩ নম্বৰৰ গোচৰ দুটাৰো তদন্ত কৰিব চিআইডিয়ে৷ অৱশ্যে চিআইডিৰ তদন্তত জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব নে নাই, সেয়া সময়তহে স্পষ্ট হ’ব৷ ইফালে, জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰটোৰ তদন্তৰ বাবে বুধবাৰে সন্ধিয়া দিল্লীৰ আইপিএছ বিষয়া লাভলী কাটিয়াৰৰ নেতৃত্বত চিবিআইৰ এটা দল গুৱাহাটীত আহি উপস্থিত হয়৷