Logo
image

বানত কক্‌বকাইছে ধেমাজি-লখিমপুৰে

‘আমাৰ অসম’, ১৬ জুনঃ বছৰৰ প্ৰথমটো বানত এতিয়া কক্‌বকাইছে ৰাজ্যবাসী৷ ধেমাজি, লখিমপুৰ আৰু ডিব্ৰুগড় জিলাৰ বিস্তীৰ্ণ বলিয়া বানৰ কবলত৷ শিঙৰা নৈৰ বানে মথাউৰি  ছিঙি নিয়াত নাওবৈচাৰ নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ হঠাতে উফন্দি উঠা নৈৰ পানীয়ে মথাউৰিৰ এটা অংশ ছিঙি নিয়াত নাওবৈচাৰ শলমৰীয়াৰ ১০-১৫ গাঁও ডুবাই পেলাইছে৷ বৃহস্পতিবাৰে দ্বিতীয় দিনাও পানীৰ কবলত আছে নাওবৈচাৰ সমগ্ৰ অঞ্চলটো৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি বৰ্তমান ১০টা ৰাজহ চক্ৰৰ ২৫খন গাঁও পানীত বুৰ গৈছে৷ চৰকাৰীভাৱে মাত্ৰ ২৫খন গাঁও বানৰ কবলত পৰাৰ তথ্য ৰাজহুৱা কৰিলেও বাস্তৱত বানত ডুব যোৱা গাঁৱৰ সংখ্যা তিনি কুৰিতকৈ অধিক৷ চৰকাৰী তথ্য মতে বছৰৰ প্ৰথমটো বানত এই পৰ্যন্ত ক্ষতিগ্ৰস্ত হৈছে ২৮,৮৭০জন লোক৷ তদুপৰি ছয়টা ৰাজহ চক্ৰৰ ২১৫ হেক্টৰ কৃষিভূমিও নষ্ট হৈছে৷ ইতিমধ্যে নাওবৈচাত বানাক্ৰান্তৰ বাবে প্ৰশাসনে তিনিটা আশ্ৰয় শিবিৰো স্থাপন কৰিছে৷ লক্ষণীয়ভাৱে বানে মথাউৰি ছিঙি নিয়াত ঠায়ে ঠায়ে সা-সম্পত্তি তথা পশুধন পৰ্যন্ত উটুৱাই নিছে৷ যাৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানত বানপীড়িত ৰাইজে পশুধনক আশ্ৰয় দিয়া পৰিলক্ষিত হৈছে৷ ইফালে নৈপৰীয়া অঞ্চলসমূহ ব্যাপক গঢ়াখহনীয়াৰ সৃষ্টি হৈছে৷ আনহাতে, জীয়াধলৰ পানীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰাত স্থানীয় লোকসকল চিন্তিত হৈ পৰিছে৷ অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে ধৰাষাৰ বৰষুণ অব্যাহত থকাত গুৱাহাটী-শিলচৰ সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সোণাপুৰত পাহাৰৰ পৰা বৈ অহা বোকামাটিয়ে সুৰংগ পথটো পুতি পেলোৱাত বৃহস্পতিবাৰে কাহিলীপুৱাৰে পৰা বৰাকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে৷ ইফালে ডিমাহাচাও জিলাতো প্ৰাকৃতিক দুৰ্যোগে ভয়ংকৰ ৰূপ লৈছে৷ পাহাৰীয়া জিলাখনত নেৰানেপেৰা বৰষুণ অব্যাহত থকাত পাহাৰৰ মাটি খহি ৰাজপথত যান-বাহনৰ চলাচলত প্ৰভাৱ পেলাইছে৷ ৰাজ্য চৰকাৰে সমগ্ৰ জিলাখনতে সতৰ্ককতা জাৰি কৰিছে৷ লক্ষণীয়ভাৱে ধেমাজি, ডিব্ৰুগড় আৰু লখিমপুৰত প্ৰাকৃতিক বানৰ বিপৰীতে কাছাৰ, কামৰূপ মহানগৰ আৰু নলবাৰী জিলা কৃত্ৰিম বানৰ কবলত পৰিছে৷

বানত ছিগিল মুছলপুৰ-দীঘলদোঙা সংযোগী পথ

‘আমাৰ অসম’ৰ মুছলপুৰৰ প্ৰতিবেদকঃ যোৱা দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বাগ্‌সা জিলাৰ সদৰ মুছলপুৰৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰে৷ মুছলপুৰৰ সমীপৱৰ্তী কুৱেৰী চ’ক, বগৰীবাৰী, উজীৰবাৰী, পলাশগুৰি আদি ঠাইৰ বিস্তীৰ্ণ এলেকা বাৰিষাৰ প্ৰথমটো বানে বুৰাই পেলায়৷ আজি পুৱা জিলা সদৰ মুছলপুৰ-দীঘলদোঙা সংযোগী গড়কাপ্টানি পথটো ভূটানৰ পৰা নামি অহা পানীৰ ঢলে বগৰীবাৰী অঞ্চলত খহাই লৈ যায়৷ ফলত পুৱা পথটোৰে সদায় অহা-যোৱা কৰা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ যাতায়াত ব্যাহত হৈ পৰে৷ বাঢ়নী পানীৰ ফলত অঞ্চলটোৰ কেইবাঘৰো লোকৰ ঘৰৰ ভিতৰত একাঁঠুপৰ্যন্ত পানী সোমায়৷ বিয়লিৰ ভাগলৈ অঞ্চলটোত প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাত ক্ষুদ্ধ হৈ পৰে ৰাইজ৷ আনহাতে বাগ্‌সা জিলা ছাত্ৰ সন্থাৰ সম্পাদক হৰেকৃষ্ণ পাঠক আৰু অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক জোন দাসে ক্ষতিগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়৷ ইপিনে বৰমা উচ্ছতৰ মাধ্যমিক বিদ্যালয় চৌহদো আজি পানীয়ে বুৰাই পেলায়৷ বৰষুণৰ পানীৰ বাবে বিদ্যালয়খনৰ কেইবাটাও শ্ৰেণীকোঠা, পৰীক্ষা নিয়ন্ত্ৰণ কক্ষ, অধ্যক্ষৰ কাৰ্যালয়, সহায়কৰ কাৰ্যালয়ৰ ভিতৰত পানী হয়৷

দুধনৈ নৈৰ বান্ধ ছিগি বিস্তীৰ্ণ অঞ্চল প্লাবিত

‘আমাৰ অসম’ৰ গোৱালপাৰাৰ প্ৰতিবেদকঃ বাৰিষাৰ প্ৰথমটো বানতে ৰাজ্যৰ উজনি-নামনিৰ বহু অঞ্চল প্লাবিত হৈছে৷ নামনি অসমৰ গোৱালপাৰা জিলাৰ কিছু কিছু অঞ্চলত  পানীয়ে বানৰ ৰূপ লৈছে৷ জিলাখনৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বামুণপাৰাত দুধনৈ নৈৰ বাঢ়নীয়ে বান্ধ ছিঙি নিয়াৰ ফলত বহু পৰিয়াল বানৰ কৱলত পৰিছে৷ যোৱা দুদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দুধনৈ নৈৰ পানী ওফন্দি উঠাত বান্ধটো ছিঙি মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত বামুণপৰা গাঁও প্লাবিত কৰাৰ লগতে বাকাইটাৰী আৰু নন্দেশ্বৰ গাঁও দুখনলৈ পানী সোমাই আছে৷ আজি পুৱা ৯ মান বজাত ঢলৰ পানীয়ে বান্ধ চিঙি নিয়াৰ ফলত বামুণপাৰা গাঁৱত পানী সোমাই একপ্ৰকাৰ বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ বাট-পথৰ ওপৰেৰে তীব্ৰবেগেৰে পানী বাগৰাত বাট-পথৰো ক্ষতি হৈছে৷ উল্লেখ্য, যোৱা বাৰিষাতো উক্ত ঠাইত বান্ধ ছিগি বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছিল৷ উক্ত ছিগা অংশ সঠিকভাৱে মেৰামতি নকৰাৰ বাবেই বাৰিষাৰ প্ৰথমটো বানে পুনৰ ছিঙি নিয়াত এনে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ল৷

কপিলীৰ জলস্তৰ বৃদ্ধি

‘আমাৰ অসম’ৰ মোৰাঝাৰৰ প্ৰতিবেদকঃ বিগত দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত কপিলীৰ জলস্তৰ বৃদ্ধি পাইছে৷ ফলত নৈপৰীয়া ৰাইজ আতংকিত হৈ পৰিছে৷ হোজাই মহকুমাৰ যমুনামুখ অঞ্চলৰ নৈপৰীয়া অঞ্চল ক্ৰমে যমুনামুখ, যমুনাগুৰি, চিকামাৰী, কমাৰগাঁও, পঠিয়া পথাৰ, যোগীজান, মালজাৰি, মিলনপুৰ, কহাঁৰগাঁও, পটিয়াপাম, কাঠকটিয়া গাঁও, চাংজুৰাই, বালিৰাম অঞ্চলৰ বালিৰাম, যোগীজান গাঁও, বিন্নাকান্দি আদি অঞ্চলৰ ৰাইজ শংকিত হৈ পৰিছে৷ পুৱাৰ ভাগত ডবকা ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত এটা দলে অঞ্চলবোৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ ভয়াৱহতাৰ খবৰ লয়৷ যমুনা, নিখাৰী নৈপৰীয়া অঞ্চলৰ মথাউৰিবোৰ দুৰ্বল৷ বিগতবৰ্ষৰ বানে বহুকেইটা মথাউৰি ছিঙি নিয়াৰ পাছত মথাউৰিসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাত ৰাইজে শংকা অনুভৱ কৰিছে৷ কপিলীৰ জলস্তৰ বৃদ্ধি হ’লে যিকোনো সময়ত অঘটনৰ আশংকাত ভুগিছে নৈপৰীয়া ৰাইজ৷

ধেমাজিৰ বান পৰিস্থিতি অপৰিৱৰ্তিত

‘আমাৰ অসম’ৰ ধেমাজিৰ প্ৰতিনিধিঃ ধেমাজিৰ বান পৰিস্থিতি আজি দ্বিতীয় দিনাও অ-পৰিৱৰ্তিত আছে৷ উল্লেখ্য, বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে-ফুটুকাৰে ওফন্দি উঠিছে ধেমাজিৰ নৈ-উপনৈ৷ ধেমাজিৰ চকুলোস্বৰূপ পাহাৰীয়া খৰস্ৰোতা জীয়াধল নৈয়েও কালিৰ পৰা ঢৌ তুলি বৈ আহিছে ভৈয়ামলৈ৷ জীয়াধল মূল নৈৰ বিপৰীতে কাংকু সুঁতিৰে অহা বাঢ়নি পানীয়ে কালি বিয়লিৰ পৰা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজো গাঁও অংশ বুৰাই পেলোৱাৰ লগতে নিকটৱৰ্তী কেইবাখনো গাঁও জলমগ্ন কৰে৷ ইফালে পুৱাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত ভজু গাঁৱকে ধৰি কেকুঁৰি কছাৰী, জীয়াধল তিনিআলি, হাতীগড় পথাৰ, আমোলগুৰি, কেকুৰী, হেচুলি, চেঁচাহৰ আদি কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে৷ লক্ষ্যণীয়ভাৱে জীয়াধলৰ এই সুঁতিৰ বাঢ়নি পানীয়ে পশ্চিম ধেমাজিৰ বৰদলপা, বৰধেকেৰা, বুটিকোৰ, চাংমাইবাৰীকে আন কেইবাখনো গাঁও-পথাৰ বুৰাই পেলোৱাৰ খবৰ পোৱা গৈছে৷ বাতৰি লিখাৰ পৰলৈকে আজিও পুৱাৰ পৰা মুষলধাৰ বৰষুণ হোৱাৰ ফলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজো গাঁৱৰ অংশৰে পানী বাগৰি আছে৷