Logo
image

বান্ধে ভেটিব পৰা নাই সংহাৰী বানক

‘আমাৰ অসম’, ১৭ জুনঃ  বিগত এসপ্তাহ ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপ-নৈসমূহৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে ওফন্দি উঠিছে৷ ধাৰাষাৰ বৰষুণৰ ফলত হোৱা বছৰৰ প্ৰথমটো বানত লখিমপুৰ, ধেমাজি আৰু ডিব্ৰুগড় জিলাত ইতিমধ্যে প্ৰলয়ৰ সৃষ্টি হৈছে৷ বিগত ২৪ ঘণ্টাত নতুনকৈ আন ৪ খন জিলা বানৰ কবলত পৰিছে৷ বিশ্বনাথ, দৰং, তামুলপুৰ আৰু ওদালগুৰিত বাঢ়নী পানীয়ে এখনৰ পাছত এখন গাঁও  বুৰাই পেলাইছে৷ ইফালে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ২০ জুন পৰ্যন্ত অসমত বৰষুণ অব্যাহত থকাৰ অৰেঞ্জ এলাৰ্ট জাৰি কৰাৰ লগতে উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যতে বৰষুণৰ প্ৰভাৱ অব্যাহত থকাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিছে৷ চুবুৰীয়া অৰুণাচলত অব্যাহত থকা মূষলধাৰ বৰষুণৰ বাবে ৰঙানদী আৰু সোৱণশিৰি বান্ধৰ পৰা নামি অহা পানীৰ ঢলে উত্তৰ অসমলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ একে সময়তে কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খানদং বান্ধৰ গেট খুলি দিয়াত নগাঁও জিলাৰ কামপুৰলৈ প্ৰলয় নমাই আনিছে৷ ইতিমধ্যে, লখিমপুৰত শিঙৰা নৈৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি প্ৰায় কুৰিখন গাঁৱক জলমগ্ন কৰি তোলাৰ মাজতে এইবাৰ নীপকোৱে অৰুণাচলৰ ৪০৫ মেগাৱাট ক্ষমতা সম্পন্ন ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়াত নামনিৰ নৈপৰীয়া লোকসকল আতংকিত হৈ পৰিছে৷ শুকুৰবাৰে পুৱা নীপকোৱে ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়াৰ সন্দৰ্ভত লখিমপুৰ জিলা প্ৰশাসনলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰাৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে৷ শুকুৰবাৰে দিনৰে পৰা নীপকোৱে প্ৰকল্পৰ ৰ নম্বৰ গেটেৰে পানী খুলি দিয়া আৰম্ভ কৰিছে৷ ইফালে গেৰুকামুখৰ সোৱণশিৰি নদীবান্ধৰ পাহাৰৰ ভূমি খহি পৰাৰ ফলত প্ৰকল্পটোত অভাৱনীয় পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ ভূমি…লনৰ ফলত ডাইভাৰশ্বন টাৰ্নেল বন্ধ হৈ পৰাত বান্ধৰ ওপৰেদি বাগৰিছে পানী৷ যাৰ পৰিপ্ৰেক্ষিত প্ৰকল্পৰ কাম-কাজ বন্ধ হৈ পৰাৰ লগতে উত্তৰ-অসমলৈও কাৰ্যতঃ বিপদ নমাই আনিছে৷ আনহাতে ডিমা হাচাওৰ উমৰাংচুৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পানী ৬খন গেটেৰে খুলি দিয়াত নগাঁও জিলা প্ৰশাসনে কামপুৰৰ নৈপৰীয়া অঞ্চলত মাইক যোগে ৰাইজক সতৰ্ক কৰি দিছে৷ কিয়নো বিগত বৰ্ষত কপিলীৰ বান্ধে কামপুৰত প্ৰলয়ৰ সৃষ্টি কৰিছিল৷ ইফালে ইফালে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কতৃৰ্পক্ষই প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈ বানত ৰাজ্যৰ ১৭ টা ৰাজহ চক্ৰৰ ৭৭ খন গাঁও ডুব গৈছে৷ বাঢ়নী পানীত ৩৫ হাজাৰ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ২০০ হেক্টৰ কৃষিভূমি নষ্ট হৈছে৷ বান বিধবস্ত অঞ্চলসমূহত প্ৰশাসনে ২১ টা আশ্ৰয় শিবিৰ স্থাপন কৰিছে৷ ইফালে ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰই লৈছে ভয়ংকৰ ৰূপ৷ নতুনকৈ নিৰ্মাণ কৰা জিঅ’বেগ বান্ধৰ ওপৰেদি পানী বাগৰাত সমগ্ৰ ডিব্ৰুগড় চহৰলৈ ভাবুকি নমাই আনিছে৷ আনহাতে নলবাৰী টিহুত বানপানী নহয়, বৰষুণৰ পানীত ছিগি গৈছে এটা পথ৷ টিহু নদীৰ পাৰেৰে উলুবাৰী-নখৰা-নাথকুছি হৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটো নতুন উলুবাৰীত বৰষুণৰ পানীয়ে ছিঙি নিয়াত অঞ্চলবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ লখিমপুৰত বানাক্ৰান্তই আশ্ৰয় শিবিৰ বিচাৰিও হাহাকাৰ কৰিছে৷

নামনি সোৱণশিৰি বান্ধৰ ওপৰেৰে বাগৰিছে পানী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ জলপ্ৰলয়ৰ সূচনা হোৱাৰ সময়তে এইবাৰ বান্ধত খহি পৰিছে পাহাৰ৷ গেৰুকামুখ পাহাৰৰ ভূমি সোৱণশিৰি বান্ধত খহি পৰাৰ ফলত সম্প্ৰতি প্ৰকল্পটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ দুদিন পূৰ্বে নিমীৰ্য়মান প্ৰকল্পটোত জলপ্ৰলয়ৰ সৃষ্টি হোৱাৰ পাছতে কালি পুৱাৰে পৰা বান্ধৰ ওপৰ অংশত তথা বান্ধৰ বাওঁপাৰে পাহাৰৰ মাটি খহি পৰাত  প্ৰকল্পটোত আতংকৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি ইতিপূৰ্বে গেৰুকামুখ পাহাৰৰ বৃহৎ অংশ ভূমিস্খলন হৈ এটা ডাইভাৰছন  টানেল বন্ধ হৈ পৰাৰ পাছত আজি উক্ত স্থানত পাহাৰৰ মাটি খহি পৰাত প্ৰকল্পস্থলীত আতংকৰ সৃষ্টি হৈছে৷ দুদিন পূৰ্বে প্ৰকল্পটোত জলপ্ৰলয় হোৱাৰ পাছতে প্ৰকল্পটোৰ সমুদায় কাম-কাজ বন্ধ হৈ পৰাৰ সময়তে আজি এন এইচ পি চিত এনে অথন্তৰৰ সূচনা ঘটিছে৷ প্ৰকল্পটোত প্ৰথম অৱস্থাত প্ৰতি ছেকেণ্ডত ৯৫০ কিউবিক পানী বাগৰিছিল যদিও সম্প্ৰতি ৪-৫হাজাৰ কিউবিক পানী বাগৰিবলৈ লোৱাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আনহাতে, সোৱণশিৰি বান্ধৰ ওপৰেৰে যোৱা দুদিন ধৰি পানী বাগৰি নামনি অঞ্চলতো ভয়াৱহ বানৰ সূচনা কৰিছে৷ এন এইচ পি চি কতৃৰ্পক্ষই চলিত বৰ্ষৰ এই মাহতে পাঁচশ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছিল যদিও বান্ধত সৃষ্টি হোৱা এনে অথন্তৰৰ বাবে কাম-কাজ বন্ধ ৰখাৰ ফলত বিদ্যুৎশক্তি উৎপাদনৰ লক্ষ্য ডিচেম্বৰলৈ পিছুৱাই দিবলগা হৈছে৷ পৰিতাপৰ কথা যে অলপীয়া বৰষুণতে এতিয়া সোৱণশিৰি বান্ধত গেৰুকামুখৰ পাহাৰ খহিবলৈ লোৱা কাৰ্যই এন এইচ পি চি কতৃৰ্পক্ষক শলঠেকত পেলাইছে৷ ইফালে আজি ৰঙানদী জলবিদ্যুৎ প্ৰকল্পই ৰঙানদীত ৰনং গেটখন খুলি দিয়াৰ ফলত ৰঙানদীৰ বক্ষত ১৩শ এম এম পানী ববলৈ ধৰাত নামনিত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নীপকোৰ বাঢ়নী পানীয়ে পানীগাঁৱৰ সমীপৰ তথা আমতলা অঞ্চলৰ ভালেকেইখন গাঁও একপ্ৰকাৰে বুৰাই পেলাইছে৷ অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাষাৰ বৰষুণৰ বাবে নীপকোৱে ৰঙানদীত গেট খুলি দিবলৈ বাধ্য হৈছে৷ বছৰৰ প্ৰথমটো বানে লখিমপুৰৰ বিভিন্ন অঞ্চলত একপ্ৰকাৰে মহাপ্লাৱনৰ সৃষ্টি কৰিছে৷ যোৱা বুধবাৰে লখিমপুৰ জিলাৰ নাওবৈচাত শিঙৰা নদীৰ বানে মথাউৰি চিঙি নিয়াৰ ফলত কেইবাখনো গাঁও বানৰ কৱলত পৰিছে৷ এই গাঁওসমূহত এতিয়া বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে৷ অৱশ্যে প্ৰশাসনে বানাক্ৰান্ত লোকসকলক বান সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে৷ উক্ত অঞ্চলত পশুধনসমূহে এতিয়া খাদ্যৰ অভাৱত পৰিছে যদিও প্ৰশাসনে পশুধনসমূহক পৰ্যাপ্ত খাদ্য যোগান ধৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে৷ অৱশ্যে জলসম্পদ বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসনে শিঙৰা নদীখনক মূল সুঁতিলৈ ঘূৰাই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ জলসম্পদ বিভাগৰ এক সূত্ৰই দাবী কৰে যে শিঙৰা নদীৰ মথাউৰিৰ কাষত বৃহৎ বৃহৎ পুখুৰী খন্দাৰ বাবেই বুধবাৰে শলমৰীয়াত মথাউৰি চিঙি নিয়ে৷ কিয়নো নদীখনে পুখুৰীৰ পানীত পুং দিয়াৰ বিষয়ে সততে ধৰা নপৰাৰ ফলতে সেইদিনা এনে অঘটনৰ সূচনা হয়৷

শিলচৰ-গুৱাহাটী পথৰ সোণাপুৰত ভূমি…লন, কনভয়সহ আবদ্ধ মন্ত্ৰী শুক্লবৈদ্য

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধিঃ চাৰিদিনৰ পৰা ধাৰাষাৰ বৰষুণৰ বাবে শিলচৰ-গুৱাহাটী ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ সোণাপুৰত প্ৰকাণ্ড এলেকাজুৰি ভূমিস্খলনত আবদ্ধ হৈ পৰিছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কনভয়৷ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই খোজকাঢ়ি পথ পাৰ হ’বলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ জানিব পৰা মতে, শিলচৰ-গুৱাহাটী ০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ সোণাপুৰৰ সুৰংগৰ সম্মুখত ভূমিস্খলনৰ বাবে তিনিদিনৰ পৰা যান-বাহন চলাচল বন্ধ আছিল৷ কালিৰ পৰা কিছু বাহন এৰি দিয়া হৈছিল যদিও বৰষুণৰ বাবে উক্ত এলেকাত পুনৰ ভয়াৱহভাৱে ভূমিস্খলন ঘটে৷ ইয়াৰ ফলত পুনৰ যান-বাহন চলাচলত ব্যাঘাত জন্মিছে৷ বুধবাৰে দিনৰ পৰা সুৰংগটোৰ মাজেৰে যোৱা পথটো পুনৰ ঘূৰাই আনিবলৈ ধবংসাৱশেষ পৰিষ্কাৰ কৰাৰ কামত সক্ৰিয়ভাৱে নিয়োজিত হৈছিল মেঘালয় প্ৰশাসন৷  এই গুৰুত্বপূৰ্ণ পথটোৰ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে ধৈৰ্যৰে অপেক্ষা কৰি আছে হাজাৰ হাজাৰ যাত্ৰী আৰু পণ্যবাহী  ট্ৰাক আৰু যান-বাহন৷ ইয়াৰ বিপৰীতে ভূমিস্খলনৰ প্ৰভাৱ কমোৱাৰ লগতে যাত্ৰী, চালক আৰু সহ চালকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে মেঘালয় আৰক্ষীয়ে কাম কৰি আহিছে৷¸ কোনোধৰণৰ বিপদ বা জটিলতা ৰোধ কৰিবলৈ চাফাই অভিযান নিখুঁতভাৱে সম্পন্ন কৰা হৈছে৷ উল্লেখ্য, ০৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰুত্বপূৰ্ণ পথ সোণাপুৰ সুৰংগটোৱে অঞ্চলটোৰ বাবে সংযোগী পথ হিচাপে কাম কৰে৷ ভূমিস্খলনত বন্ধ হোৱাৰ ফলত স্থানীয় লোকৰ অসুবিধাৰ সৃষ্টি হৈছে৷

ডিমা হাছাওত গছ পৰি এজনৰ মৃত্যু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ ডিমা হাছাওৰ দিয়ুংব্ৰা অঞ্চলত ধুমুহাত গছ পৰি এজন মটৰ চাইকেল আৰোহীৰ কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছে৷ চলন্ত অৱস্থাত থকা এখন মটৰ চাইকেল ওপৰত ধুমুহা বৰষুণৰ ফলত এজোপা গছ ওভালি পৰাত মটৰ চাইকেলখনৰ আৰোহীজনৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয় যদিও চালকজনক সৌভাগ্যক্ৰমে ৰক্ষা পৰে৷ শুকুৰবাৰে বাইক আৰোহীদ্বয়ে দিয়ুংব্ৰা আইটিডিটি ব্লক কেম্পাছৰ ব্লক বজাৰলৈ আহি থকাৰ পথতে এই দুৰ্ঘটনায়ো সংঘটিত হয়৷  হঠাতে মটৰ চাইকেলখনৰ ওপৰত গছজোপা বাগৰি পৰাত আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ স্থানীয়লোকে আহত ব্যক্তিজনক ততাতৈয়াকৈ সমীপৰ ব্লক বজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায় যদিও  চিকিৎসকজনে মৃত ঘোষণা কৰে৷