Logo
image

ৰাষ্ট্ৰসংঘত গান্ধীমূৰ্তিৰ সন্মুখত যোগত বহিব মোদী

‘আমাৰ অসম’, ১৭ জুনঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১ জুনত আমেৰিকা ভ্ৰমণকালত  ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰিব৷ ৯ বছৰ পূৰ্বে ৰাষ্ট্ৰসংঘই ভাৰতীয় যোগাসনক ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিছিল৷ ৯ বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতৰ যোগাসনৰ বাবে এটা আন্তঃৰাষ্ট্ৰীয় দিৱস স্থিৰ কৰিবলৈ প্ৰস্তাৱ উত্থাপন কৰিছিল৷ তেতিয়াৰ পৰা বিশ্বৰ ১০০ৰো অধিক দেশে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদ্‌যাপন কৰি আহিছে৷ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত মহাত্মা গান্ধীৰ মূৰ্তিৰ সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আয়োজিত এই অনুষ্ঠান ঐতিহাসিক হিচাপে গণ্য হৈছে৷ এই অনুষ্ঠান আয়োজিত হ’ব ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ৰ ‘নৰ্থ ল’ন’ত৷ তাত মহাত্মা গান্ধীৰ এটা আৱক্ষমূৰ্তি স্থাপন কৰা আছে, যিটো মূৰ্তি ভাৰতে ৰাষ্ট্ৰসংঘক উপহাৰ দিছিল৷ এইখন ল’নতে মহাত্মা গান্ধীৰ মূৰ্তিৰ সন্মুখত পুৱা ৮-৯ বজালৈ এঘণ্টাৰ যোগ দিৱস অনুষ্ঠিত হ’ব৷ ২১ জুনত হ’বলগীয়া এই যোগ দিৱসত ৰাষ্ট্ৰসংঘৰ শীৰ্ষ বিষয়া, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত আৰু অন্যান্য আগশাৰীৰ কূটনীতিবিদে ভাগ লোৱাৰ সম্ভাৱনা আছে৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ কাছাবা কৰ’ছিয়ে অনুষ্ঠানত ভাগ লোৱাটো নিশ্চিত কৰিছে৷