Logo
image

বিশ্ববিদ্যালয় হ’ব, কলেজ উন্নীত নহয়

‘আমাৰ অসম’, ১৭ জুনঃ ড॰ হিমন্তবিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ যিকেইখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই বিশ্ববিদ্যালয়কেইখনৰ ভৱিষ্যত কোন দিশে? মুখ্যমন্ত্ৰী ড॰ শৰ্মাই পূৰ্বতে ঘোষণা কৰা অনুসৰি ৰাজ্যৰ ৮খন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীত হ’বনে? শেহতীয়াভাৱে উচ্ছ শিক্ষা বিভাগৰ এখন পত্ৰই মুখ্যমন্ত্ৰীৰ পূৰ্বৰ ঘোষণাক সম্পূৰ্ণৰূপে নস্যাৎ কৰিলে৷ উচ্ছ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কবিতা ডেকাৰ ১৪ জুনত স্বাক্ষৰিত এখন পত্ৰ মুখ্যমন্ত্ৰীৰ ঘোষণাতো বাদেই স্বয়ং বাজেট ঘোষণাকো অসাৰ প্ৰতিপন্ন কৰিলে৷ শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয়, জেবি মহাবিদ্যালয়, উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় আৰু গুৰুচৰণ মহাবিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা এই পত্ৰখনক কেন্দ্ৰ কৰি ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মহাবিদ্যালয়কেইখনত অধ্যক্ষসকলক  ১৯ মে’ত শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগুৰ সৈতে হোৱা বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে উচ্ছ শিক্ষা বিভাগৰ তৰফৰ পৰা পত্ৰখনৰ জৰিয়তে অৱগত কৰোৱা হয়৷ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বিশ্ববিদ্যালয়লৈ উন্নীত কৰিবলগীয়া এই মহাবিদ্যালয়কেইখন কন্‌ষ্টিটিউট কলেজ হিচাপে থাকিব৷ উচ্ছ শিক্ষা বিভাগে নতুনকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলেও ২০২৩-২৪ বৰ্ষৰ  বাজেট ভাষণত বিত্তমন্ত্ৰী অজন্তা নেওগে এই আঠখন বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷ আনহাতে, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাও ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰসংগ উত্থাপন কৰি এই আঠখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছিল– জেবি মহাবিদ্যালয়, লক্ষীমপুৰ মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়– এই তিনিখন স্বায়ত্তশাসিত কলেজ আছে৷ এই তিনিখন কলেজক আমি বিশ্ববিদ্যালয় কৰিম৷ তাৰ লগতে শিৱসাগৰ আৰু সন্দিকৈ ছোৱালী কলেজো আমি বিশ্ববিদ্যালয় কৰিম৷ এবছৰৰ ভিতৰত এই কাম হ’ব৷ মুখ্যমন্ত্ৰী আৰু বাজেটত বিত্তমন্ত্ৰীৰ ঘোষণাৰ পিছতো শেহতীয়াভাৱে ডাঃ ৰণোজ পেগু নেতৃত্বাধীন শিক্ষা বিভাগে এই ক্ষেত্ৰত উলোটা খৰ মৰা পৰিলক্ষিত হৈছে৷ ২০২১ চনৰ ২৪ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠকত বঙাইগাঁও মহাবিদ্যালয়ক বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ ঠিক তেনেদৰে প্ৰমোদ বড়ো চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কোকৰাঝাৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত ঘোষণা কৰিছিল৷ ইয়াতো তিনি বছৰৰ সময়সীমা বান্ধি দিছিল মুখ্যমন্ত্ৰীয়ে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছত গুৰুচৰণ মহাবিদ্যালয়ে বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ বাবে প্ৰস্তুত কৰা নক্সাৰ আভাস ল’বলৈ মহাবিদ্যালয়খন ভ্ৰমণ কৰিছিল মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ডঃ ননী গোপাল মহন্তই৷ কিন্তু ইয়াৰ পিছতো শিক্ষামন্ত্ৰী ডঃ পেগুৰ নেতৃত্বত উচ্ছ শিক্ষা বিভাগে মহাবিদ্যালয়কেইখন বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বাতিল কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ইফালে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে এই সন্দৰ্ভত স্ববিৰোধী মন্তব্য কৰি কয়– আঠখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত বাতিল কৰা হোৱা নাই৷ এই সিদ্ধান্ত বাতিল নহয়৷ এই বিশ্ববিদ্যালয়কেইখন থাকিব৷ কলেজখনকে যেতিয়া উন্নীতকৰণ কৰা হ’ব সেয়ে এই কলেজকেইখনক আমি নাইকীয় নকৰো৷ কলেজকেইখন কন্‌ষ্টিটিউট কলেজ হিচাপে বিশ্ববিদ্যালয়ৰ লগত থাকিব৷ কন্‌ষ্টিটিউট কলেজৰ পৰিচালনা সমিতিৰ সভাপতি সেই বিশ্ববিদ্যালয়ৰখনৰ উপাচাৰ্যজন হ’ব৷ সেই কলেজৰ অধ্যক্ষজন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হ’ব৷ শিক্ষামন্ত্ৰীৰ ভাষ্যৰ পৰা এটা কথা স্পষ্ট হয় যে পূৰ্ব ঘোষণা অনুসৰি এই আঠখন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা নহ’ব৷ ইয়াৰ পৰিবৰ্তন এই কলেজসমূহত একোখনকৈ পৃথক বিশ্ববিদ্যালয় স্থাপন হ’ব৷

বাজেট শুৱনি কৰিবলৈকে ভুৱা প্ৰতিশ্ৰুতি দিছিলঃ আপ

বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্যৰ ৮খন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল যদিও ৰাজ্যৰ উচ্ছ শিক্ষা বিভাগে আজি এক জাননীৰ জৰিয়তে উন্নীতকৰণৰ পূৰ্বৰ সেই সিদ্ধান্ত বাতিল কৰা বুলি ঘোষণা কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে৷ মিছা প্ৰতিশ্ৰুতিৰে চমক সৃষ্টিৰ বাবে বাজেটখন দাখিল কৰিছিল বুলি উল্লেখ কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় এইখন চৰকাৰে মন গ’লেই জিলা এখনৰ স্বীকৃতি বাতিৰ কৰিব, মন গ’লেই মহাবিদ্যালয় এখনৰ বিশ্ববিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিব৷ বিশেষকৈ শিক্ষা বিভাগৰ সিদ্ধান্তবোৰ ৰাজনৈতিক নকৰি অলপ বিবেচনা কৰি ল’বলৈ মুখ্যমন্ত্ৰী আহ্বান জনালো৷ কাৰণ ইয়াৰ আগতে বিজেপি চৰকাৰখনে যিকেইখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিছিল, সেইকেইখনৰ বৰ্তমানৰ অৱস্থা মহাবিদ্যালয় হৈ থাকোঁতে যেনেকুৱা ধৰণৰ আন্তঃগাঁথনি তথা সা-সুবিধা আছিল আজিও প্ৰায় তেনেদৰেই আছে৷ বিজেপি চৰকাৰখনে কোনো ধৰণৰ দূৰদৰ্শী চিন্তা নোহোৱাকৈয়ে কেৱল চমক সৃষ্টিৰ বাবেহে ঘোষণাবোৰ কৰে, সেয়া স্পষ্টকৈ আজি প্ৰতিফলিত হৈ পৰিছে৷