Logo
image

ছিলিণ্ডাৰত গেছৰ পৰিমাণ জনাৰ সহজ উপায়

আমাৰ অসম বিশেষঃ আধুনিক ৰন্ধনকলাক গেছ ছিলিণ্ডাৰে দিলে অনন্য মাত্ৰা৷  এসময়ত খৰিৰ জুইৰে ৰন্ধন কাৰ্য সম্পাদন কৰিবলগীয়া হোৱাৰ বাবে সময়ৰ লগতে কম-বেছি পৰিমাণে সৰু-সুৰা সমস্যাৰো সৃষ্টি হৈছিল৷ লাহে লাহে গাঁৱে-ভূঞে ৰন্ধন গেছৰ চাহিদা বৃদ্ধি পোৱাত কেতিয়াবা গেছৰ নাটনিও হয়৷ বিশেষকৈ মধ্যবিত্ত পৰিয়ালত এটা বা দুটা ছিলিণ্ডাৰ হোৱাৰ ফলত কেতিয়াবা সময়মতে যোগান নহ’লে কোনো ৰন্ধন কাৰ্য কৰি থকাৰ সময়তে ছিলিণ্ডাৰ শেষ হোৱাৰ ফলত অথন্তৰ ঘটে৷ যাৰ বাবে তাৎক্ষণিকভাৱে আনৰ সহায় লৈ বা আনৰ পৰা ধাৰলৈ ছিলিণ্ডাৰ ল’ব লগা হয়৷ সেয়েহে এটা ছিলিণ্ডাৰত থকা গেছৰ পৰিমাণ জানিবৰ বাবে এটা সহজ ঘৰুৱা পদ্ধতি গ্ৰহণ কৰিব পাৰে৷ এটা ছিলিণ্ডাৰত কিমান গেছ আছে তাক জানিবলৈ প্ৰথমে এখন পানীত ভিজা কাপোৰেৰে ছিলিণ্ডাৰটো ভালকৈ মচি ল’ব লাগে৷ এনেদৰে মচিব যাতে ছিলিণ্ডাৰটোত কোনো ধূলিৰ আৱৰণ আদি নাথাকে৷ এইদৰে মচাৰ পাছত দেখিব লাহে লাহে ছিলিণ্ডাৰটো শুকাই আহিবলৈ ধৰিছে৷ দুই-তিনিমিনিটৰ পাছত দেখিব ছিলিণ্ডাৰটোৰ কিছু অংশ শুকোৱাৰ বিপৰীতে বাকী অংশ ভিজি থকাৰ দৰে লক্ষ্য কৰিব৷ অৰ্থাৎ সেই ভিজা অংশ শুকোৱাতে কিছু সময় ল’ব৷ এই সম্পৰ্কত কৰা এক গৱেষণাৰ পৰা এই তথ্য প্ৰকাশ পাইছে যে ছিলিণ্ডাৰটোৰ যি অংশ দেৰিলৈকে ভিজি থাকে সেই অংশতে গেছ আছে৷ গৱেষকসকলে কৈছে যে যি অংশত তৰল পদাৰ্থ থাকে সেই অংশত তাপমাত্ৰা খালী ঠাইৰ তুলনাত কম হয়৷ ফলত ছিলিণ্ডাৰৰ সেই অংশত এল পি জি থকাৰ বাবে শুকোৱাতে কিছু সময় লাগে৷